ETV Bharat / bharat

Amazon to invest USD 3 mn in India : ভাৰতত ৩ নিযুত আমেৰিকান ডলাৰৰ বিনিয়োগ কৰিব আমাজনে

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 4:32 PM IST

ভাৰতত প্ৰকৃতিভিত্তিত প্ৰকল্পত প্ৰাৰম্ভিক ৩ নিযুত আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে আমাজনে । আমাজনে পশ্চিম ঘাটত বন্যপ্ৰাণী অধ্যয়ন কেন্দ্ৰৰ সৈতে কাম কৰিব ।

Amazon to invest USD 3 mn in India
ভাৰতত ৩ নিযুত আমেৰিকান ডলাৰৰ বিনিয়োগ কৰিব আমাজনে

নিউজ ডেস্ক,৪ ছেপ্টেম্বৰ : ই-কমাৰ্চৰ আগশাৰীৰ প্ৰতিষ্ঠান আমাজনে সোমবাৰে কয় যে তেওঁলোকৰে ভাৰতত প্ৰকৃতিভিত্তিক প্ৰকল্পত ৩ নিযুত আমেৰিকান ডলাৰৰ প্ৰাৰম্ভিক বিনিয়োগ কৰিব । এই আৱণ্টন এছিয়া প্ৰশান্ত মহাসাগৰত প্ৰকৃতিভিত্তিক প্ৰকল্পৰ বাবে আৱণ্টন কৰা কোম্পানীৰ ১৫ নিযুত আমেৰিকান ডলাৰৰ পুঁজিৰ অংশ ।

কোম্পানীটোৱে এক বিবৃতিত কয় যে প্ৰথম প্ৰকল্পৰ অধিনত আমাজনে পশ্চিম ঘাটসমূহত সম্প্ৰদায় আৰু সংৰক্ষণ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ বন্যপ্ৰাণী অধ্যয়ন কেন্দ্ৰৰ (চিডব্লিউএছ) সৈতে কাম কৰিব । যিটো অঞ্চল ভাৰতৰ সকলো বন্যপ্ৰাণী প্ৰজাতিৰ ৩০ শতাংশতকৈও অধিক প্ৰজাতিৰ বাসস্থান । তাৰ ভিতৰত আছে বিশ্বৰ সৰ্বাধিক বন্য এছিয়া হাতী আৰু বাঘ ।

বিবৃতি অনুসৰি আমাজনে চিডব্লিউএছক "ৱাইল্ড কাৰ্বন" কাৰ্যসূচী স্থাপনত সহায় কৰিবলৈ ১ নিযুত আমেৰিকান ডলাৰ প্ৰদান কৰিব । ইয়াৰ দ্বাৰা ১০,০০০ কৃষকক এক নিযুত ফল-মূলৰ গছ, কাঠ আৰু ঔষধি গছ ৰোপণ আৰু ৰক্ষণাবেক্ষণত সহায় কৰিব । বিবৃতিত আমাজনে কয় যে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশাল অৰণ্য আৰু সমৃদ্ধ উপকূলীয় পৰিৱেশ আছে, কিন্তু ই জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি আৰু ভূমিৰ অৱক্ষয়ৰ বাবেও যথেষ্ট অসুৰক্ষিত ।

অঞ্চলটোক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবলৈ বৃহৎ পৰিমাণৰ স্থানীয় পদক্ষেপৰ প্ৰয়োজন হ'ব আৰু আমাজনে এইক্ষেত্ৰত বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ১৫ নিযুত আমেৰিকান ডলাৰ আৱণ্টন আমাজনৰ ১০০ নিযুত আমেৰিকান ডলাৰ ৰাইট নাও ক্লাইমেট ফাণ্ডৰ পৰা আহৰণ কৰা হৈছে ।

আমাজনৰ এই পদক্ষেপত আদৰণি জনাই চিডব্লিউএছৰ কাৰ্যবাহী সঞ্চালক কৃতি কৰণথে কয় যে আমাজনৰ সমৰ্থনৰ বাবে তেওঁলোক দীৰ্ঘম্যাদী স্ব-নিৰ্ভৰশীল এক কাৰ্যসূচী পৰিকল্পনা আৰু নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব । কৃষকসকলে তেওঁলোকৰ জীৱিকা আৰু বন্যপ্ৰাণীৰ বাবে গছৰ প্ৰকাৰ বাছনি কৰিবলৈ আগতীয়া সমৰ্থন লাভ কৰিব । আনহাতে কাৰিকৰী সহায়, কৃষিবন প্ৰশিক্ষণ আৰু গছপুলি পুনৰ ৰোপণৰ বাবে সমৰ্থন লাভ কৰিব ।

২০১৯ চনত আমাজনে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেৰিছ চুক্তিৰ ১০ বছৰ পূৰ্বে ২০৪০ চনৰ ভিতৰত নেট-জিৰো কাৰ্বন লাভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । এই চুক্তিত এতিয়া ৯ টা ভাৰতীয় কোম্পানীকে ধৰি ৫৫ টা উদ্যোগ আৰু ৩৮ খন দেশত ৪০০ ৰো অধিক স্বাক্ষৰকাৰী আছে । সেইবোৰৰ ভিতৰত ব্লুপাইন এনাৰ্জি, চিএছএম টেকন'লজিচ ইণ্ডিয়া, গোডি, গ্ৰীণকো, এইচচিএল, ইনফোচিছ, মহিন্দ্ৰা লজিষ্টিকচ, টেক মহিন্দ্ৰা আৰু ইউপিএল আদি ।

২০২২ চনত আমাজনে ভাৰতত ৬ টা ইউটিলিটি-স্কেল প্ৰকল্প আৰম্ভ কৰিছিল আৰু কোম্পানীটোৱে দাবী কৰিছে যে ২০২৫ চনৰ ভিতৰত ১০০ শতাংশ নৱীকৰণযোগ্য শক্তিৰ সৈতে ইয়াৰ বিশ্বব্যাপী কাৰ্যকলাপবোৰ শক্তিশালী কৰাৰ পথত আছে । প্ৰকল্পবোৰৰ ভিতৰত আছে মধ্য প্ৰদেশ আৰু কৰ্ণাটকত অৱস্থিত তিনিটা বায়ু-সৌৰ হাইব্ৰিড প্ৰকল্প লগতে ৰাজস্থানৰ তিনিটা সৌৰ ফাৰ্ম । আমাজন ইণ্ডিয়াই ২০২৫ চনৰ ভিতৰত ডেলিভাৰী ফ্লীটত ১০,০০০ বৈদ্যুতিক বাহন মোতায়েন কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক :Reserve Bank of India : ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী পৰ্যালোচনা বৈঠকত পলিচীৰ হাৰৰ ওপৰত আলোচনাৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.