নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: নাগালেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন কৰি অহা জুক' বনাঞ্চলত মঙলবাৰে দুপৰীয়া ভয়াৱহ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ইয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় প্ৰকৃতিৰ ৰম্যভূমি জুক' বনাঞ্চলত । বহু চেষ্টাৰ অন্তত বৰ্তমান পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে আৰু জুই প্ৰাকৃতিকভাৱে কমি আহিছে । বুধবাৰে এই কথা প্ৰকাশ কৰে বিভাগীয় বিষয়াই ।
আজি ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰা হ'ব । নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া জনী ৰাউংমেয়ে কয় যে, এছডিআৰএফ, আৰক্ষী আৰু আছাম ৰাইফলছৰ জোৱান ইতিমধ্যে নিয়োগ কৰা হৈছে জুক' বনাঞ্চলত ।
লগতে পঢ়ক:ঘোষণা হ'ব চিবিএচই অধিনৰ দশম আৰু দ্বাদশ শ্ৰেণী পৰীক্ষা তাৰিখ