নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী: বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডাভেই । তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষৰ দায়িত্ব এৰিছে আৰু এতিয়াৰে পৰা তেওঁ বাৰ কাউন্সিলক নেতৃত্ব নিদিয়ে । দুষ্যন্ত ডাভেই তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ কথা ৰোহিত পাণ্ডেই নিশ্চিত কৰে । এখন পত্ৰত ডাভেই উল্লেখ কৰিছে যে, তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ সময় আহি পৰিছে আৰু শীঘ্ৰে নতুন কমিটী গঠন কৰাতো সম্ভৱ নহয় ।
সেয়ে তেওঁ ভাৱে যে, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি থকাতো নীতি বহিৰ্ভূত বিষয় হৈ পৰিব । লগতে উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ সকলো সদস্যক ডাভেই কৃতজ্ঞতা জ্ঞাপন কৰে । COVID-১৯ৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ সময়ত আগবঢ়োৱা সহযোগিতাৰ বাবে সদস্যসকলক ধন্যবাদ জনায় ডাভেই ৷
লগতে পঢ়ক:নিজৰ সংস্থাৰ একাংশ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ CBIৰ