নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: আন্তৰ্জাতিক সংস্থা মৰ্নিং কনচাল্টৰ দ্বাৰা কৰা এক জৰীপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে স্থান দিয়া হৈছে (Narendra Modi popularity) ৷ এই কথা যে মিছা নহয় সেয়া পুনৰ বাৰ প্ৰমাণিত হ’ল ৷ এইবাৰ ডুবাইৰ এজন চিত্ৰশিল্পীৰ হাতৰ পৰশত উজলি উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi painting ) ৷ সম্প্ৰতি এই চিত্ৰসমূহৰ এখন প্ৰদৰ্শনী বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হৈছে ।
আকবৰ নামৰ ডুবাইৰ এজন চিত্ৰশিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ 55 খন চিত্ৰ প্ৰস্তুত কৰিছে ৷ এই চিত্ৰসমূহ আঁকিবলৈ আকবৰক প্ৰায় চাৰে 3 বছৰ লাগিছিল ৷ আকবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুৰাগী ৷ তেওঁ এই চিত্ৰসমূহৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ এজন শক্তিশালী নেতা হিচাপে গণ্য কৰে (Narendra Modi global leader) ৷
লগতে মোদীৰ কথা-বতৰা, তেখেতৰ কাম-কাজবোৰে আকবৰৰ হৃদয় জয় কৰে বুলিও জানিবলৈ দিয়ে ৷ ইয়াৰ বাবেই তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ সকলো চিত্ৰত এজন গোলকীয় নেতা হিচাপে উপস্থাপন কৰিছে ৷
চিত্ৰশিল্পী আকবৰে এখন বিশেষ চিত্ৰও অংকন কৰিছে, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীক (PM Modi Mother Heeraben Modi) ভাৰতৰ মানচিত্ৰত ত্ৰিৰংগা ধৰি থকা দেখা গৈছে ৷ উল্লেখ্য যে, আকবৰ বিগত 50 বছৰ ধৰি ডুবাইত বাস কৰি আছে ৷
লগতে পঢ়ক: বালিৰ বিশ্ব বিখ্যাত উলুৱতু মন্দিৰ পৰিদৰ্শন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ