নেশ্যনেল ডেস্ক,১২ মাৰ্চ: বেঙ্গালুৰু ড্ৰাগছ সৰবৰাহ ঘটনাৰ নতুন মোৰ । কৰ্ণাটক আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে এইবাৰ এই ঘটনাৰ লগত এগৰাকী তেলেগু চলচ্চিত্ৰৰ অভিনেতাৰ নাম সাঙোৰ খাইছে । কৰ্ণাটক আৰক্ষীয়ে তেলেগু চলচ্চিত্ৰ অভিনেতা তানিশ আলাদীক ১৩ মাৰ্চত আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'বলৈ জাননী জাৰি কৰাৰ সম্ভাৱনা আছে । কিয়নো কৰ্ণাটকৰ চলচ্চিত্ৰ প্ৰযোজক শংকৰে গৌড়াই অনুষ্ঠিত কৰা নৈশ পাৰ্টিত অংশগ্ৰহণ কৰাৰ অভিযোগত আৰক্ষীয়ে আন চাৰিজন লোকক জাননী প্ৰদান কৰিব ।
জানিব পৰা মতে পাৰ্টিত তানিশ আলাদীও উপস্থিত আছিল । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে কৰ্ণাটকৰ গোবিন্দপুৰা আৰক্ষী থানাৰ পৰিদৰ্শক আৰ প্ৰকাশ হায়দৰাবাদলৈ যাব আৰু গোচৰটোৰ সম্পৰ্কত আলাদী আৰু আনসকলক জাননী জাৰি কৰিব ।
তেলেগু বিগ বছ ছিজন-২ ৰ অন্যতম প্ৰতিযোগী হৈ থকা অৱস্থাতে তেওঁ এনেদৰে চৰ্চালৈ আহিছিল । এক প্ৰতিবেদনত কোৱা হৈছে যে আলাদীয়ে ২০১৭ চনত এগৰাকী ড্ৰাগছ ব্যৱসায়ী কেলভিনৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰিছিল । কেলভিনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেলেংগনাৰ আবকাৰী বিভাগৰ বিশেষ অনুসন্ধানকাৰী দলৰ জেৰাৰ সন্মুখীন হৈছিল আলাদী । ইফালে বিশেষ অনুসন্ধানকাৰী দলটোৱে সেই সময়ত তেওঁৰ লগতে টলীউডৰ বহু ব্যক্তিক সোধাপোছা কৰিছিল ।
আনহাতে প্ৰযোজক শংকৰে গৌড়াৰ ঘৰৰ নৈশ পাৰ্টিত প্ৰযোজক গৰাকীৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিকি মালহোত্ৰাই আয়োজন কৰিছিল য'ত ফেশ্বন উদ্যোগৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল । অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে ড্ৰাগছ ব্যৱহাৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত গৌড়া আৰু মালহোত্ৰাৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰা নাই ।
অনুসন্ধানকাৰী দলটোৱে ১২ গৰাকী টলীউডৰ ব্যক্তিত্বক সোধাপোছাৰ বাবে মাতিছিল । অনুসন্ধানৰ সময়ত এছ.আই.টি.য়ে কেলভিনৰ কল ডাটাত এইসকল ব্যক্তিৰ নাম লাভ কৰিছিল যাৰ বাবে তেওঁলোকক সন্দেহ কৰি সোধাপোছা কৰা হৈছে ।
লগতে পঢ়ক:পাপাৰাজ্জিৰ জৰিয়তে মুম্বাইত ফটোশ্বুট কৰিলে বহু বলিউড তাৰকাই