ETV Bharat / bharat

জম্মু-কাশ্মীৰত বিস্ফোৰক ভৰ্তি ড্ৰোণ ধ্বংস কৰিলে আৰক্ষীয়ে - বিমান ঘাটিত বিস্ফোৰণ

জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ আকাশমাৰ্গত পুনৰ সন্দেহজনক ড্ৰোণ(drone) । কানাচক অঞ্চলত ড্ৰোণখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে । ড্ৰোণখনৰ পৰা বিস্ফোৰক সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে ।

Drone shot down in Kanachak
জম্মু কাশ্মীৰত বিস্ফোৰক ভৰ্তি ড্ৰোণ ধ্বংস কৰিলে আৰক্ষীয়ে
author img

By

Published : Jul 23, 2021, 3:49 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই: শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কানাচক অঞ্চলৰ আকাশমাৰ্গত এখন সন্দেহজনক ড্ৰোণলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে । কাশ্মীৰ আৰক্ষীয়ে (Kashmir Police) জনোৱা মতে, ড্ৰোণখনৰ পৰা বিস্ফোৰক সামগ্ৰীও জব্দ কৰা হৈছে । আনহাতে বুধবাৰে, সাতৱাৰী অঞ্চলত এখন সন্দেহজনক ড্ৰোন দেখা পোৱা গৈছিল । যোৱা ১৬ জুলাইত বায়ু সেনাৰ (Indian Air Force) জম্মুস্থিত বিমান ঘাটিৰ চাৰিওফালে এখন সন্দেহজনক ড্ৰোণ উৰি থকা প্ৰত্যক্ষ কৰা হৈছিল ।

পাছত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনী (National Security Guard)ৰ ড্ৰোণ বিৰোধী প্ৰণালীৰ ৰাডাৰে উক্ত ড্ৰোণখন সেই স্থানৰ পৰা আঁতৰাই নিয়ে । যোৱা মাহত বায়ু সেনাৰ (Indian Air Force) জম্মুস্থিত বিমান ঘাটিত ড্ৰোণেৰে বিস্ফোৰণ সংঘটিত কৰা হৈছিল । এই বিস্ফোৰণত দুজন জোৱান আহত হৈছিল । ইয়াৰ পাছতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে চহৰখনত ড্ৰোণ বিৰোধী প্ৰণালীৰ ব্যৱস্থা কৰিছিল ।

বায়ু সেনাই জম্মুৰ লগতে সমগ্ৰ দেশৰ আন গুৰুত্বপূৰ্ণ বিমান ঘাটিতো এনে ধৰণৰ যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ জৰিয়তে সৰু ড্ৰোণৰ ভাবুকিৰে মোকাবিলা কৰিবলৈ সক্ষম । চিন্তনীয়ভাৱে বায়ু সেনাৰ জম্মুস্থিত বিমান ঘাটিত হোৱা বিস্ফোৰণৰ পিছৰে পৰা জম্মুত সঘনাই সন্দেহজনক ড্ৰোণ দেখা পোৱা গৈছে ।

সীমান্তত সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে এনে ধৰণৰ ড্ৰোণলৈ লক্ষ্য কৰি গুলীচালনাও কৰে । উল্লেখ্য যে, ড্ৰোণ আক্ৰমণৰ আশংকা কৰি জম্মু আৰু কাশ্মীৰ প্ৰশাসনে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কেইবাটাও স্থানত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল ৷ ড্ৰোণৰ বিক্ৰী, ব্যৱহাৰ আৰু পৰিবহণ সকলো নিষিদ্ধ কৰাৰ হৈছিল ৷ কোনো লোককে নিজৰ লগত ড্ৰোণ বা তেনে ধৰণৰ কোনো মানৱবিহীন যন্ত্ৰ লগত নাৰাখিবলৈও প্ৰশাসনে নিৰ্দেশ দিছিল ।

উল্লেখ্য যে, ড্ৰোণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ হায়দৰাবাদস্থিত গ্ৰেন ৰবটিক্স নামৰ এটা কোম্পানীয়ে ইন্দ্ৰজাল নামৰ এক থলুৱা ড্ৰোণ প্ৰতিৰক্ষা গম্বুজ নিৰ্মাণ কৰি উলিয়াইছে । ইন্দ্ৰজাল হৈছে ভাৰতৰ প্ৰথম ১০০ শতাংশ থলুৱাভাৱে নিৰ্মিত আৰু বিস্তৃত অঞ্চলক সুৰক্ষা দিব পৰা ড্ৰোণ প্ৰতিৰক্ষা গম্বুজ ।

লগতে পঢ়ক:যোগী-হিমন্তৰ শাসনৰ দৰেই হ’ব নেকি ত্ৰিপুৰাত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.