ETV Bharat / bharat

জম্মুত অব্যাহত আছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰোণ কাৰ্যকলাপ

author img

By

Published : Jun 30, 2021, 3:28 PM IST

বুধবাৰে পুৱা জম্মুৰ কালুচাক আৰু কুঞ্জৱানীত ড্ৰোণৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰা হয় । জম্মু বায়ু সেনা কেন্দ্ৰৰ (Jammu Air Force Station) কাৰিকৰী এলেকাত ড্ৰোণৰ দ্বাৰা দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল দেওবাৰে । প্ৰতিৰক্ষা মন্ত্ৰীয়ে সমগ্ৰ বিষয় পৰ্যালোচনা কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

Drone activity at Jammu
জম্মুত অব্যাহত আছে পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্ৰোণ কাৰ্যকলাপ

নেশ্যনেল ডেস্ক,৩০ জুন : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী (Militant) সংগঠনৰ কাৰ্যকলাপ অব্যাহত আছে । ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰ অঞ্চলত বিস্ফোৰণ সংঘটিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে ড্ৰোণ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিছে । বুধবাৰে পুনৰ পুৱা কালুচাক আৰু কুঞ্জৱানী অঞ্চলত ড্ৰোণৰ (Drone) কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে ।

আৰক্ষীয়ে জনোৱা মতে, পুৱা কালুচাক আৰু কুঞ্জৱানীত দুখনকৈ ড্ৰোণ পৰিলক্ষিত হয় । ইফালে যোৱা সপ্তাহত জম্মুত প্ৰায় পাঁচখনকৈ ড্ৰোণৰ কাৰ্যকলাপৰ খবৰ পোৱা গৈছে । সেনাৰ এগৰাকী বিষয়াই জনোৱা মতে ২৮ জুনৰ মাজনিশা জম্মু-পাঠানকোট ৰাষ্ট্ৰীয় ঘাইপথৰ (Jammu Pathankot National Highway) কাষৰ ৰাতনুচক-কালুচাক সামৰিক কেন্দ্ৰৰ (Military Station ) ওচৰত দুখনকৈ ড্ৰোণ পৰিলক্ষিত হৈছিল কিন্তু সতৰ্কিত সেনাই ড্ৰোণৰ কাৰ্যকলাপ বিফল কৰিবলৈ সক্ষম হয় ।

আনহাতে ভাৰতীয় বায়ু সেনাই (Indian Air Force) জনাোৱা মতে দেওবাৰে পুৱা জম্মু বায়ু সেনা কেন্দ্ৰৰ (Jammu Air Force Station) কাৰিকৰী এলেকাত ড্ৰোণৰ দ্বাৰা দুটাকৈ বিস্ফোৰণ সংঘটিত হয় । এটা বিস্ফোৰণৰ ফলত অট্টালিকাৰ সামান্য ক্ষতি হয় আৰু আনটো মুকলি এলেকাত বিস্ফোৰণ হয় ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসম্পৰ্ক বিষয়া লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে সোমবাৰে এক চৰকাৰী বিবৃতিত জনোৱা মতে, ৰত্নুচক-কালুচাক সামৰিক অঞ্চল (Ratansuk Kalusak military area)ত দুখন সন্দেহজনক ড্ৰোণ দেখিবলৈ পোৱা গৈছিল ৷ লগে লগে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছিল আৰু কুইক ৰিএক্সন টীম (Quick reaction team) ৰ সহায়ত গুলীচালনা কৰি ড্ৰোণ কেইখন ধ্বংস কৰা হৈছিল ৷

পাকিস্তানী সন্ত্ৰাসবাদীয়ে এনেদৰে ভাৰতত ড্ৰোণ আক্ৰমণ কৰা ঘটনাই সমগ্ৰ দেশতে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে । সীমান্ত অঞ্চল আৰু বিশেষকৈ জম্মু আৰু কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ লগতে ড্ৰোণৰ প্ৰতি লক্ষ্য ৰাখিছে ভাৰতীয় সেনাই । এই বিষয়টো ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী (Defence Minister) ৰাজনাথ সিঙেও অতি গুৰুত্ব সহকাৰে লৈছে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয় পৰ্যালোচনা কৰাও দেখা গৈছে ।

লগতে পঢ়ক : নাৰদা গোচৰ: কি হ’ব মমতা আৰু ঘটকৰ শপতনামা গ্ৰহণৰ বাবে কৰা আবেদনৰ শুনানি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.