ETV Bharat / bharat

Dress code in Bihar: বিহাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে নিষিদ্ধ জিনছ-টিশ্বাৰ্ট - Dress code for Bihar govt employees

বিহাৰ চৰকাৰৰ কৰ্মচাৰীৰ বাবে ড্ৰেছ কোড বা পোছাক সংহিতা (Dress code for Bihar govt employees) । চৰকাৰী কাৰ্যালয়ত পিন্ধিব নোৱাৰিব জিনছ পেণ্ট আৰু টিশ্বাৰ্ট । বিহাৰৰ চাৰণ জিলাৰ দণ্ডাধীশে দিছে এই নিৰ্দেশ ।

Bihar
Bihar
author img

By

Published : Apr 20, 2023, 7:24 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিল : এই ডিজিটেল যুগত বিহাৰত এক অগতানুগতিক পদক্ষেপ । বিহাৰত নিষিদ্ধ কৰা হৈছে জিনছ পেণ্ট আৰু টিশ্বাৰ্ট পৰিধান কৰাটো (Jeans and tshirts banned for Bihar govt employees) । অৱশ্যে সেয়া সকলোতে নহয় । বিহাৰৰ এখন আদালতে চাৰণ জিলাৰ চৰকাৰী কৰ্মচাৰীসকলক জিনছ আৰু টিশ্বাৰ্ট পিন্ধি কাৰ্যালয়লৈ অহাটো নিষিদ্ধ কৰিছে (Dress code for Bihar govt employees) । খবৰ অনুসৰি, চাৰণৰ জিলা দণ্ডাধীশে কৰ্মচাৰীসকলক জিনছ আৰু টিশ্বাৰ্ট পৰিধান নকৰিবলৈ নিৰ্দেশ দিছে আৰু তেওঁলোকক ডিঙিত তেওঁলোকৰ পৰিচয়-পত্ৰ পিন্ধিবলৈ কৈছে, যাতে সৰ্বসাধাৰণে তেওঁলোকক সহজতে চিনাক্ত কৰাত সহায় হয় (court banned Jeans and tshirts in Bihar offices) ।

সেয়ে এতিয়াৰে পৰা কৰ্মচাৰীসকলে আনুষ্ঠানিক পোছাক পিন্ধিব লাগিব । লগতে পুৱা 10 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰৰ কৰ্মঘণ্টাৰ সময়ত কাৰ্যালয়ত উপস্থিত থাকিব লাগিব । আইএএনএছৰ এক প্ৰতিবেদন অনুসৰি, কাৰ্যালয়সমূহত কৰ্মসংস্কৃতি সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁলোকক পোছাক সংহিতা বা ড্ৰেছ কোড ভংগ নকৰিবলৈও সতৰ্ক কৰি দিয়া হৈছে । কিয়নো জিলা দণ্ডাধীশে নিৰ্দিষ্ট বিভাগবোৰৰ আকস্মিক পৰিদৰ্শন কৰিব আৰু তেওঁলোকে আদালতৰ নিৰ্দেশনা অনুসৰণ কৰিছেনে নাই পৰীক্ষা কৰিবলৈ ভিডিঅ' কনফাৰেন্সিং কৰিব পাৰে বুলিও কোৱা হৈছে ।

অৱশ্যে বিহাৰত এনে নিৰ্দেশনা নতুন নহয় । ইয়াৰ পূৰ্বেও নীতিশ কুমাৰ চৰকাৰে কৰ্মচাৰীসকলৰ বাবে কাৰ্যালয়ত সৰল আৰু মাৰ্জিত পোছাক পিন্ধিবলৈ নিৰ্দেশ দি এক পোছাক বিধি জাৰি কৰিছিল (Nitish Kumar government issued dress code) । লগতে শালীনতা বজাই ৰাখি কাম কৰিবলৈ জিন্স আৰু টিশ্বাৰ্ট পিন্ধি কাৰ্যালয়লৈ অহাটো নিষিদ্ধ কৰিছিল ।

"এইটো লক্ষ্য কৰা হৈছে যে বিষয়া আৰু কৰ্মচাৰীসকলে কাৰ্যালয়ৰ সংস্কৃতিৰ বিপৰীত পোছাক পিন্ধি কাৰ্যালয়লৈ আহি আছে । এয়া কাৰ্যালয়ৰ শালীনতাৰ বিৰোধী ।" আদেশটোত কোৱা হৈছে ।

একেদৰে, হাৰিয়ানা চৰকাৰে ৰাজ্যিক চিকিৎসালয়সমূহত চিকিৎসকসকলক ডেনিম জিনছ, পালাজো পেণ্ট, বেকলেছ টপ আৰু স্কাৰ্ট পিন্ধিবলৈ নিষিদ্ধ কৰিছে । আনহাতে, চিবিআইৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে ২০২১ চনত সংস্থাটোৰ সকলো বিষয়াক কৰ্তব্যৰত আনুষ্ঠানিক পোছাক পিন্ধিবলৈ নিৰ্দেশ দিছিল আৰু তেওঁলোকক সতৰ্ক কৰি দিছিল যে কেজুৱেল ড্ৰেছিঙৰ অনুমতি দিয়া নহ'ব । "কাৰ্যালয়ত কোনো জিনছ, টিশ্বাৰ্ট, স্পৰ্টছ জোতা, চেণ্ডেল আৰু সাধাৰণ পোছাকৰ অনুমতি নাই ।" আদেশটোত এনেদৰে কোৱা হৈছিল ।

লগতে পঢ়ক :Karnataka Election 2023: নিৰ্বাচনমুখী কৰ্ণাটকত ১৮৭ কোটিৰ নগদ ধন আৰু সুৰা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.