ETV Bharat / bharat

Honey Trapped by Pak Woman: চোৰাংচোৱা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ DRDO বিষয়া

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডি আৰ ডি অ’ৰ এগৰাকী বিষয়াক ৷ দেশৰ তথ্য গোপনভাৱে পাকিস্তানক যোগান ধৰাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে ৷ আৰক্ষীৰ মতে হনী ট্ৰেপিঙৰ চিকাৰ হৈ এই কাৰ্য সংঘটিত কৰিছিল বিষয়াগৰাকীয়ে (Honey Trapped by Pak Woman) ৷

Honey Trapped by Pak Woman
চোৰাংচোৱা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ DRDO বিষয়া
author img

By

Published : Feb 24, 2023, 8:20 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation) চমুকৈ ডিআৰডিঅ'ৰ (DRDO) এজন জ্যেষ্ঠ কাৰিকৰী বিষয়াক বালাচোৰ আৰক্ষীয়ে গুপ্তচৰ বৃত্তিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (DRDO official arrested on espionage charges) । আনহাতে, ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইষ্টাৰ্ণ ৰেঞ্জৰ আৰক্ষী মহা পৰিদৰ্শক (IGP Eastern Range) হিমাংশু লালে কয় যে, কাৰিকৰী বিষয়াজন বালাচোৰ জিলাৰ চান্দিপুৰত ডিআৰডিঅ'ৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জত (DRDOs Integrated Test Range) নিযুক্ত আছিল ।

আৰক্ষী মহা পৰিদৰ্শকগৰাকীয়ে লগতে কয় যে, অভিযুক্তগৰাকীক এগৰাকী পাকিস্তানী মহিলাই হনী ট্ৰেপিঙত পেলাইছিল (DRDO officer honey trapped by Pakistani woman) । তেনেদৰে তেওঁ আইটিআৰৰ (ITR) পৰা সংবেদনশীল তথ্য পাবলৈ তেওঁক নিজৰ নগ্ন ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰিছিল । "অভিযুক্তই এবছৰ ধৰি এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে সম্পৰ্কত আছিল ।" লালে কয় ।

আনহাতে, আৰক্ষী সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা বিষয়াজনে অশ্লীল ফটো আৰু ভিডিঅ'ৰ বিনিময়ত পাকিস্তানী মহিলা এজেণ্টৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়ে গোপন তথ্য ভাগ-বতৰা কৰিছিল (DRDO officer shared Defence Ministry information) । তেওঁলোকে লগতে প্ৰকাশ কৰে যে পাকিস্তানৰ ৰাৱালপিণ্ডিৰ পৰা এই হনী ট্ৰেপিঙৰ অভিযান চলোৱা হৈছিল ।

আৰক্ষীয়ে লগতে কয় যে, ভাৰতীয় অভিযন্তা আৰু জ্যেষ্ঠ বিষয়াসকলৰ পৰা গোপন তথ্য আদায় কৰিবলৈ চোৰাংচোৱাগিৰিৰ বাবে এনে ধৰণৰ হনী ট্ৰেপিং অভিযানত যুৱতীসকলক ব্যৱহাৰ কৰা হৈছে । এইটো লক্ষণীয় যে, আইটিআৰৰ পৰা ডাটা লিকেজৰ বা তথ্য চুৰিৰ এইটোৱো প্ৰথম ঘটনা নহয় । অতীজত তথ্য চুৰিৰ অভিযোগত কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । যোৱা বছৰ ২০২১ চনত আৰক্ষীয়ে একেধৰণৰ হনী ট্ৰেপিং গোচৰত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছিল বুলিও আৰক্ষী সূত্ৰই জনায় ।

উল্লেখ্য যে, বিভিন্ন সময়ত উচ্চ পদস্থ বিষয়া, বিভাগীয় মুৰব্বী, গুৰুত্বপূৰ্ণ পদবীধাৰী বা অন্য উদ্যোগ-ব্যৱসায়ৰ লগত জড়িত ব্যক্তিক সুন্দৰী যুৱতীয়ে নিজৰ সৌন্দৰ্যৰে জালত পেলায় । প্ৰেমৰ জাল পাতি তেওঁলোকক ইয়াত বন্দী কৰি নিজৰ একান্ত ব্যক্তিগত মুহূৰ্ত তেওঁলোকৰ লগতে ভাগ-বতৰা কৰে আৰু তেওঁলোকৰো দুৰ্বলতাবোৰ হস্তগত কৰে । এনেদৰে ক্ৰমান্বয়ে তেওঁলোক যিমানে এই ফান্দত ভৰি দি আগবাঢ়ি যায়, তাৰ পিছতে এই সুন্দৰী যুৱতীসকলে ব্লেকমেইলিং কৰি ন্যস্তস্বাৰ্থ ৰূৰণৰ দিশে আগবাঢ়ে । বহিতে এই ক্ষেত্ৰত টকা-পইচা সম্পত্তিৰ বাবে কৰাৰ বিপৰীতে আকৌ আন একাংশই বহিৰাষ্ট্ৰৰ পৰা চোৰাংচোৱাগিৰিৰ বাবেও এই পন্থা অৱলম্বন কৰে ।

লগতে পঢ়ক :Vote on Resolution Over Ukraine in UNGA : ইউক্ৰেইন প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত ভাৰতকে ধৰি ৩২ দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.