নিউজ ডেস্ক, 4 মে’: পুনেৰ প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ (ডিআৰডিঅ') সঞ্চালকক গ্ৰেপ্তাৰ ৷ সন্ত্ৰাসবাদ বিৰোধী গোটে (Anti terror squad) গ্ৰেপ্তাৰ কৰে প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ সঞ্চালক প্ৰদীপ কুৰুলকাৰক ৷ প্ৰদীপ কুৰুলকাৰৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ কিছু সংবেদনশীল তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ৷ সম্প্ৰতি তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে পুনে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত (DRDO director arrested) ৷
তথ্য অনুসৰি এক হানিট্ৰেপিং কাণ্ডৰ সৈতে জড়িত থকাৰ লগতে বিগত 6 মাহ ধৰি WhatsApp যোগে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্কিত এগৰাকী মহিলাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল প্ৰদীপ কুৰুলকাৰে ৷ উল্লেখ্য যে, অৱসৰৰ বাবে মাত্ৰ 6টা মাহ বাকী আছিল প্ৰদীপ কুৰুলকাৰৰ (DRDO scientist arrested in Pune) ৷
ইফালে, বুধবাৰে অৰ্থাৎ 3 মে’ তাৰিখে পুনেৰ প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ কাৰ্যালয়ত কৰ্মৰত হৈ থকাৰ অৱস্থাতে WhatsAppত ভইচ মেচেজ আৰু ভিডিঅ’ কলযোগে পাকিস্তানৰ চোৰাংচোৱাৰ সৈতে যোগাযোগ স্থাপন কৰিছিল ৷ কৰ্তব্যৰত অৱস্থাত চৰকাৰী পদবীৰ ক্ষমতাৰ অপব্যাহৰ কৰি শত্ৰু ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সংবেদনশীল তথ্য যোগান ধৰি দেশীয় নিৰাপত্তা বিপদাপন্ন কৰি তোলাৰ বাবে প্ৰদীপ কুৰুলকাৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি এণ্টি টেৰৰ স্কোৱাডৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰিছে (DRDO Lab Director arrested) ৷
মহাৰাষ্ট্ৰ এখন আৰক্ষী থানাত সন্ত্ৰাসবাদ বিৰোধী গোটে (Anti terror squad) চৰকাৰী গোপনীয়তা আইন, 1923 ৰ ধাৰা নম্বৰ 03(1)(ক), 05(1)(ক), 05(1)(গ), 05(1)(ঘ)ৰ অধীনত প্ৰদীপ কুৰুলকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷
এণ্টি টেৰৰ স্কোৱাডৰ বিষয়া মহেশ পাটিলে কয়, ‘‘আমি পুনে গোটৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শকৰ দ্বাৰা গোচৰটোৰ তদন্ত কৰি আছো ৷ ইয়াৰ পূৰ্বে 2018 চনত পাকিস্তানক তথ্য প্ৰদান কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ এটিএছে কালাচৌকি থানাত এটা গোচৰ ৰুজু কৰিছে আৰু ভাৰতক বিপদত পেলাব পৰা পাকিস্তানলৈ সংবেদনশীল তথ্য প্ৰেৰণ কৰাৰ অভিযোগত পুনেৰ পৰা বিজ্ঞানী প্ৰদীপ কুৰুলকাৰক গ্ৰেপ্তাৰ কৰিছে ৷’’
লগতে পঢ়ক: elhi liquor scam: মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ২০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল