ETV Bharat / bharat

বি জে পিয়ে কি দায়িত্ব অৰ্পণ কৰিব ড০ হৰ্ষ বৰ্ধনক ?

author img

By

Published : Jul 8, 2021, 10:09 PM IST

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে মনসুখ এল মাণ্ডাৱিয়া । ইফালে, ড০ হৰ্ষ বৰ্ধনে মোডী ২.০ কেবিনেটৰ মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব ত্যাগ কৰিছিল । কিন্তু তেওঁৰ পদত্যাগৰ পাছতে এতিয়া জল্পনা-কল্পনা আৰম্ভ । প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীক বি জে পিয়ে এতিয়া কি নতুন দায়িত্ব দিয়ে তাকে লৈ কৌতুহলৰ সৃষ্টি হৈছে ।

Dr Harsh Vardhan
ড০ হৰ্ষ বৰ্ধনৰ নতুন দায়িত্ব

নেশ্যনেল ডেস্ক, ৮ জুলাই: মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে কেইবাগৰাকীও মন্ত্ৰীয়ে পদত্যাগ কৰিছিল । এই মন্ত্ৰীসকলৰ ভিতৰত চান্দনী চকৰ সাংসদ ড০ হৰ্ষ বৰ্ধন আছিল অন্যতম । পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত থকা ড০ হৰ্ষ বৰ্ধনে পদত্যাগ কৰাৰ পাছতে এতিয়া নতুন দায়িত্বক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা । দিল্লী ৰাজ্যিক বি জে পিৰ বৰ্তমানৰ পৰিস্থিতি আৰু আগন্তুক পৌৰনিগম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ড০ হৰ্ষ বৰ্ধনক নতুন দায়িত্ব দিয়াৰ সম্ভাৱনা আছে ।

শীঘ্ৰে ৰাজ্যিক বি জে পিত কেইবাটাও পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে বিজেপিৰ এক সূত্ৰই । ড০ হৰ্ষ বৰ্ধন কেন্দ্ৰীয় কেবিনেটৰ পৰা আঁতৰি যোৱাৰ পাছতে কেবিনেটত বুধবাৰে মীনাক্ষী লেখিক অন্তৰ্ভুক্ত কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছিল । বৰ্তমান, মনোজ তিৱাৰী আৰু আদৰ্শ গুপ্তাৰ অধ্যক্ষতাত দিল্লী ৰাজ্যিক বিজেপিত এক পৃথক অৱস্থা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় মন্ত্ৰী আৰু দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখপাত্ৰসকলে এতিয়া দিল্লীৰ প্ৰায়বোৰ বিষয়তে হস্তক্ষেপ কৰি থকা দেখা গৈছে ।

২০২২ চনত পৌৰনিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । বিগত কেইটামান মাহত আম আদমী পাৰ্টীয়েও সক্ৰিয় ৰূপত কাম কৰি আছে । এনে পৰিস্থিতিত, ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ প্ৰয়োজন থকাই নহয়, পৌৰনিগমৰ নিৰ্বাচনত ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ ৰণ কৌশল যুগুত কৰাও প্ৰয়োজন হৈছে ।

আনহাতে, বহুতো বি জে পি কাউঞ্চিলাৰে আম আদমী পাৰ্টীত যোগদান কৰাৰ সম্ভাৱনাও আছে । নিৰ্বাচনত বি জে পিৰ পৰা টিকট নাপাব বুলি আশংকা কৰি বহু কাউঞ্চিলাৰে দল ত্যাগ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে । পূৰ্বেও এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ৰাজ্যিক বিজেপিয়ে এই সমস্যা সমাধান কৰিব পৰা নাছিল । ইফালে বিজেপিৰ ভিতৰচ'ৰাতো সাংগঠনিক পৰিৱৰ্তন ঘটিব বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছে ।

দিল্লীৰ উত্তৰ, পূৱ আৰু দক্ষিণ এই তিনিটা নিগমৰ বাবে পৌৰনিগমৰ নিৰ্বাচন ২০২২ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব । ড০ হৰ্ষ বৰ্ধন এজন অভিজ্ঞ নেতা আৰু তেওঁ দিল্লীৰ সৈতে জড়িত সকলো বিষয় বুজি পায় । মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত আৰু ক'ভিড-১৯ৰ প্ৰথম ঢৌৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁ গ্ৰহণ কৰা ব্যৱস্থাৰ সকলোৱে তেওঁৰ প্ৰশংসা কৰিছিল । তেওঁ এগৰাকী নিকা ভাৱমূৰ্তি নেতা হিচাপেও জনাজাত ।

কিন্তু ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত তেওঁ বিফলতা মন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হোৱাৰ কাৰণ বুলি বহুতে ক'ব খোজে । ইফালে, দিল্লীৰ পৰিস্থিতি সুস্থিৰ কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ড০ হৰ্ষ বৰ্ধন নেতৃত্বৰ প্ৰয়োজন বুলি বি জে পিৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে । এতিয়া তেওঁ বি জে পিয়ে কি নতুন দায়িত্ব দিয়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:প্ৰতিমা ভৌমিকক সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.