নেশ্যনেল ডেস্ক, 15 আগষ্ট : প্ৰায়ে মানুহে তেওঁলোকৰ পুত্ৰ-কন্যা, বন্ধু বা আত্মীয়সকলৰ জন্মদিন ধুমধামেৰে উদযাপন কৰে । কিন্তু, আমি আপোনালোকক এনেকুৱা এটা ঘটনাৰ কথা কম য’ত মানুহ নহয় বৰঞ্চ পোহনীয়া কুকুৰৰ জন্মদিন অতিকে ধুমধামেৰে উদযাপন কৰিছিল এটি দম্পত্তীয়ে ৷ এই দম্পত্তীটো বৰেলীৰ ৷ নিজৰ সন্তানৰ দৰেই আড়ম্বৰপূৰ্ণভাৱেই জন্মদিন উদযাপন কৰিছিল তেওঁলোকে । এই জন্মদিনৰ পাৰ্টীত ডিজেয়ে তীব্ৰভাৱে গান বজাইছিল । কেৱল এয়াই নহয় বন্ধুবৰ্গ, আত্মীয় সকলোৱে যোগদান কৰি কুকুৰকেইটাক আনকি উপহাৰ দিছিল ।
দৰাচলতে, বোহিত গাঁৱত বাস কৰা ৰেণু আৰু শ্যাম বিহাৰীয়ে লালু আৰু ভূৰা নামৰ দুটা কুকুৰ পুহিছে । কুকুৰ দুটা ১৫ আগষ্টত এবছৰীয়া হৈছিল । দম্পতীটোৱে দুয়োটা কুকুৰকে তেওঁলোকৰ নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰে, কাৰণ তেওঁলোকৰ কোনো সন্তান নাই । সন্তানৰ জন্মদিন পালনৰ অভাৱ পূৰণ কৰিবলৈকে তেওঁলোকে মঙলবাৰে কুকুৰ দুটাৰ জন্মদিন উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল । দম্পতীটোৱে পোহনীয়া কুকুৰৰ জন্মদিনৰ পাৰ্টীৰ বাবে যথেষ্ট প্ৰস্তুতি চলাইছিল ৷ কেকৰ পৰা আৰম্ভ কৰি ডিজে লৈকে সকলো ব্যৱস্থা কৰিছিল তেওঁলোকে । জন্মদিনৰ পাৰ্টীলৈ বহুতকে আমন্ত্ৰণ জনোৱা হৈছিল । জন্মদিনত কুকুৰৰ বাবে উপহাৰ লৈ অতিথিও উপস্থিত হৈছিল ফূৰ্তি কৰিবলৈ ৷
ৰেণুৱে কৈছিল যে তেওঁ বোহিত গাঁৱত বাস কৰে আৰু তেওঁৰ স্বামীক খেতিত সহায় কৰে । এদিন গাঁৱৰে এটা কুকুৰে দুটা পোৱালী জন্ম দিছিল । ইয়াৰ পিচত, ৰেণুৱে দুয়োটা পোৱালিকে ঘৰলৈ লৈ আহিছিল । ঘৰলৈ অনাৰ পিচত তেওঁলোকে লালু আৰু ভূৰা নামেৰে দুয়োৰে নামাকৰণ কৰে । এতিয়া এবছৰ সম্পূৰ্ণ হোৱাৰ পিচত, তেওঁলোক দুয়োজনে লালু আৰু ভূৰাৰ জন্মদিন উদযাপন কৰিছিল ।
ৰেণুৱে কৈছিল যে তেওঁৰ গোটেই পৰিয়াল আৰু চাৰিওফালৰ মানুহে দুয়োটা কুকুৰকে বহুত ভাল পায় । লালু আৰু ভূৰা তেওঁলোকৰ সকলোৰে বাবে বহুত ভাগ্যৱান । সেইকাৰণে সিঁহতৰ জন্মদিনত পাৰ্যমানে খৰচ কৰিছিল দুয়োৱে । আত্মীয়সকলকো আমন্ত্ৰণ জনোৱা হৈছিল । সকলোৱে কেক কাটি আনন্দ উপভোগ কৰিছিল । অতিথিয়ে দুয়োটা কুকুৰক উপহাৰো দিছিল ।
শ্যাম বিহাৰীয়ে কৈছিল যে তেওঁ দুয়োটা কুকুৰৰ জন্মদিনৰ বাবে আগতীয়াকৈ প্ৰস্তুতি কৰিছিল । সকলোৰে সহযোগিতাৰে জন্মদিনটো এক বৃহৎ প্ৰকাৰে উদযাপন কৰা হৈছিল । তেওঁ লালু আৰু ভূৰাক নিজৰৰ দৰে ভাল পায় । শ্যাম বিহাৰীয়ে কৈছিল যে তেওঁ লালু আৰু ভূৰা দুয়োকে তেওঁৰ সন্তান হিচাপে গণ্য কৰে । তেওঁলোকৰ কোনো সন্তান নাই । পৰিয়ালৰ আন সদস্যসকলে সম্পত্তিৰ ওপৰত কোপ দৃষ্টি ৰাখে । গতিকে তেওঁ নিজৰ সম্পত্তি দুয়োটা কুকুৰৰ নামত দিব । অহা বছৰ আমি দুয়োৰে জন্মদিন আকৌ ভালদৰে উদযাপন কৰিম । তেওঁলোক দুয়ো মোৰ সন্তানৰ দৰে ।
লগতে পঢ়ক : Naxalgarh Independence Day: স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে 9খন গাঁৱত উত্তোলন কৰা হ’ল ৰাষ্ট্ৰীয় পতাকা