ETV Bharat / bharat

Diwali 2023 : গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰীয়ে বিশেষ কৰি তুলিব দীপাৱলীক

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:53 PM IST

১২ নৱেম্বৰত সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হ'ব । চিমলাত ইক’ ফ্ৰেণ্ডলী চাকি নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ সমান্তৰালকৈ শ্ৰী কামনা পূৰ্ণ গো-শালাই গৰুৰ গোবৰৰ পৰা আন বহুতো সামগ্ৰীও তৈয়াৰ কৰিছে যিবোৰ মানুহৰ প্ৰথম পছন্দ হৈ পৰিছে ।

Diwali 2023
বিশেষ কৰি তুলিব দীপাৱলীক

নিউজ ডেস্ক, 10 নৱেম্বৰ : 12 নৱেম্বৰত সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দীপাৱলী উলহ-মালহেৰে উদযাপন কৰা হ’ব ৷ দীপাৱলীৰ উছাহ এতিয়া বজাৰবোৰত স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷ বজাৰত বিভিন্ন ধৰণৰ চাকি, লাইট আৰু গৃহ সজ্জাৰ সামগ্ৰী উপলব্ধ হৈছে ৷ যোৱা কেইবছৰমানৰ পৰা গৰুৰ গোবৰৰ পৰা নিৰ্মাণ কৰা চাকিৰ ধাৰাও বৃদ্ধি পাইছে ৷ ক্ৰমবৰ্ধমান নগৰায়নৰ মাজত হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত এনে বহু সামগ্ৰী গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা হৈছে যিয়ে এই দীপাৱলীক বিশেষ কৰি তুলিব ৷

Diwali 2023
গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা শিৱলিংগ

গৰুৰ গোবৰৰ দেৱাল ঘড়ী আৰু গহনা বাকচ-

চিমলাৰ টুটুত অৱস্থিত শ্ৰী কামনা পূৰ্ণ গোশালা সমিতিয়ে গৰুৰ গোবৰৰ পৰা এক আচৰিত বস্তু তৈয়াৰ কৰিছে ৷ যিয়ে যিকোনো ব্যক্তিক আকৰ্ষণ কৰিব পাৰে ৷ এই সামগ্ৰীসমূহৰ ভিতৰত গৰুৰ গোবৰৰ ঘড়ীৰ পৰা আৰম্ভ কৰি গহনাৰ বাকচ আৰু কলম ষ্টেণ্ডলৈকে আছে ৷ বজাৰত প্লাষ্টিকেৰে তৈয়াৰী এনে সামগ্ৰী প্ৰচুৰ পৰিমাণে থাকিলেও গৰুৰ গোবৰেৰে নিৰ্মিত এই সামগ্ৰীসমূহ অতি বিশেষ ৷

Diwali 2023
গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী

গৰুৰ গোবৰেৰে তৈয়াৰী শিৱলিংগ আৰু ডবা খেলৰ সামগ্ৰী-

গৰুৰ গোবৰৰ বহু বিশেষ সামগ্ৰী এই সমিতিৰ দ্বাৰা তৈয়াৰ কৰা হৈছে ৷ গৰুৰ গোবৰৰ শিৱলিংগৰ পৰা আৰম্ভ কৰি ডবা খেলৰ সামগ্ৰী আৰু পাত্ৰলৈকে বিভিন্ন ধৰণৰ বাকচ আৰু দীপাৱলীৰ বাবে সাজ-সজ্জাৰ সামগ্ৰী তৈয়াৰ কৰা হৈছে ৷ এই গোশালাত প্ৰতি বছৰে গৰুৰ গোবৰৰ পৰা তৈয়াৰী সামগ্ৰী তৈয়াৰ কৰা হয় যদিও এইবাৰ বহু নতুন সামগ্ৰী তৈয়াৰ কৰা হৈছে ৷ এইবাৰ কমিটীৰ লক্ষ্য 2 লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰা ৷

Diwali 2023
গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা দেৱাল ঘড়ী

শ্ৰী কামনা পূৰ্ণ গৌশালা সমিতিৰ মুৰব্বী ৰঞ্জন শৰ্মাই কয়- 'গোবৰেৰে নিৰ্মিত চাকি সমূহ জ্বলোৱাৰ পিছত সম্পূৰ্ণৰূপে জ্বলি যায়, যাৰ ফলত পৰিৱেশৰ কোনো ক্ষতি নহয় ৷ এই সকলো পাহাৰীয়া গৰু, যাৰ গোবৰৰ পৰা এই সকলোবোৰ সামগ্ৰী তৈয়াৰ কৰা হৈছে ৷'

Diwali 2023
গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা চাকি

গৰুৰ গোবৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ মূল্য-

এই লেম্প অৰ্থাৎ চাকি সমূহ খোদ চিমলাৰ গোশালাৰ সমীপত কমিটীয়ে বিক্ৰী কৰিব ৷ গোশালা কমিটীয়ে যোৱা 5 বছৰ ধৰি অবিৰতভাৱে গৰুৰ গোবৰৰ চাকি নিৰ্মাণ কৰি আহিছে যদিও এইবাৰ কমিটীয়ে বহু নতুন সামগ্ৰীও নিৰ্মাণ কৰিছে, যিবোৰে নিজৰ মাজতে আচৰিত শিল্পক প্ৰতিনিধিত্ব কৰে ৷ ইয়াৰ উপৰিও কমিটীখনে ধূপ আৰু অন্যান্য পূজাৰ সামগ্ৰীও প্ৰস্তুত কৰিছে ৷ গৰুৰ গোবৰৰ পৰা তৈয়াৰী এই সামগ্ৰীৰ মূল্যও বজাৰত বিক্ৰী হোৱা আন সামগ্ৰীতকৈ বহু কম ৷ গৰুৰ গোবৰৰ চাকিৰ দাম 5 টকা হোৱাৰ বিপৰীতে গহনা বাকচৰ দাম 350 টকা ৷ ইয়াৰ উপৰিও ৱাল ক্লকৰ মূল্য 900 টকা আৰু পেন ষ্টেণ্ডৰ মূল্য 350 টকা ৷ কমিটীয়ে ডবা খেলৰ সামগ্ৰীৰ দাম প্ৰতি পেকেটত 40 টকাকৈ ৰাখিছে ৷

ইক’ ফ্ৰেণ্ডলী প্ৰডাক্ট-

কমিটীয়ে তৈয়াৰ কৰা ইক’ ফ্ৰেণ্ডলী প্ৰডাক্ট গো-শালাৰ গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা হয় ৷ গৰুৰ গোবৰৰ চাকি আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰি থকা ৰঞ্জন শৰ্মাই কয় যে এই সকলোবোৰ সামগ্ৰী অতি বিশেষ, কাৰণ এই সকলোবোৰ সামগ্ৰীয়ে পৰিৱেশৰ কোনো ক্ষতি নকৰে ৷

লগতে পঢ়ক : Marigold flower cultivation Tinsukia : বহিঃৰাজ্যৰ নাৰ্জী ফুলক প্ৰত্যাহ্বান জনাবলৈ সাজু তিনিচুকীয়াৰ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.