ETV Bharat / bharat

Senior BJP leader in Tripura: ত্ৰিপুৰাত কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰিব দিলীপ ঘোষে - Tripura tour Ghosh to strengthen weak booths

শুকুৰবাৰে ত্ৰিপুৰাত উপস্থিত হয় জ্যেষ্ঠ বিজেপি নেতা তথা পশ্চিম বংগ বিজেপিৰ প্ৰাক্তন সভাপতি দিলীপ ঘোষ(Senior BJP leader Dilip Ghosh in Tripura) । ৰাজ্যখনৰ দুৰ্বল বুথসমূহ শক্তিশালী কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা ভ্ৰমণ BJP ৰ জেষ্ঠ নেতাগৰাকীৰ ।

dilip ghosh in tripur to strengthen weak booths
Senior BJP leader Dilip Ghosh in Tripura: ত্ৰিপুৰাত কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰিব দিলীপ ঘোষে
author img

By

Published : Jul 16, 2022, 11:06 AM IST

আগৰতলা,১৬ জুলাই: জ্যেষ্ঠ BJP নেতা তথা পশ্চিম বংগ BJPৰ প্ৰাক্তন সভাপতি দিলীপ ঘোষ ১৫ জুলাই অৰ্থাৎ শুকুৰবাৰে উপস্থিত হয় ত্ৰিপুৰাত (Senior BJP leader Dilip Ghosh in Tripura)। ৰাজ্যখনৰ দুৰ্বল বুথসমূহ শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাখনো দলীয় বৈঠকত অংশগ্ৰহণ কৰে ঘোষে(Tripura tour Ghosh to strengthen weak booths) ।

ৰাজ্যখনৰ মুঠ ২০০ টা বুথ দুৰ্বল বুলি চিনাক্ত কৰা হৈছে য'ত BJPয়ে অধিক গুৰুত্ব দিব । জানিব পৰা মতে, ঘোষে কেইবাখনো সভা সম্বোধন কৰিব । সভাৰ জৰিয়তে দুৰ্বলৰূপে চিনাক্ত কৰা বুথসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব ।

আগৰতলাৰ এমবিবি বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত ঘোষে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য ব্য়ক্ত কৰে সাংবাদিকৰ আগত । তেওঁ কয়, যিহেতু অহা বছৰৰ ভিতৰত অনুষ্ঠিত হ'ব ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন । সেয়ে তেওঁ ৰাজ্যখনৰ দুৰ্বল বুথসমূহ শক্তিশালী কৰাৰ বাবে ত্ৰিপুৰাত পদাৰ্পন কৰিছে । তেওঁ ৰাজ্যখনৰ সাংসদ আৰু শাসনৰ বাঘজৰী লৈ থকা BJP ৰ বিধায়কসকলৰ সৈতেও এখন বৈঠকত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।

তেওঁ লগতে জনায় যে তেওঁ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহা আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব ।

লগতে পঢ়ক: Dharna banned in Parliament: ‘অসংসদীয়’ শব্দ বিতর্কৰ মাজতেই এইবাৰ সংসদত নিষিদ্ধ ধৰ্ণা-বিক্ষোভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.