নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে মঙলবাৰে পশ্চিমবংগৰ স্বৰূপনগৰত এখন জনসভাত অংশগ্ৰহণ কৰে । তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰি কয় যে, মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ এনে আচৰণ অতি অশোভনীয় ।
মমতাক উদ্দেশ্যি তেওঁ কয় যে, "আপুনি আমাৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে অৰ্থহীন মন্তব্য কৰে ৷ আপুনি তেওঁক সকলোবোৰ ঘটনাৰ বাবে কিয় দোষাৰোপ কৰে ? ময়ো এজন মুখ্যমন্ত্ৰী আছিলো আৰু সেয়ে, মই জানো এজন মুখ্যমন্ত্ৰীয়ে কেনে আচৰণ কৰা উচিত" ।
সোমবাৰে নিৰ্বাচনী আয়োগে মমতা বেনাৰ্জীক নিৰ্বাচনী প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত আয়োগৰ বিৰুদ্ধে মন্তব্য কৰা আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে বেনাৰ্জীক সমালোচনা কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ কৰাৰ অভিযোগত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীগৰাকীক ২৪ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাত বাধা প্ৰদান কৰিছে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰোবাৰ বিৰুদ্ধে কটু মন্তব্য কৰা বাদ দিবনে বুলিও ৰাজনাথ সিঙে মমতাক উদ্দেশ্যি প্ৰশ্ন কৰে । বিজেপি নেতাজনে অভিযোগ উত্থাপন কৰে যে, ৰাজ্যখনত বিৰোধীসকলক আক্ৰমণ কৰিবলৈ বোমা তৈয়াৰ কৰা হৈছিল । তেওঁ কয় যে, তেওঁ টিভিত দেখিছিল যে পশ্চিমবংগত এটা বোমাৰ কাৰখানা আছে আৰু এইটো চৰকাৰী কাৰখানা বুলি তেওঁ ভাৱিছিল । কিন্তু বিৰোধীসকলক আক্ৰমণ কৰিবলৈ বোমা তৈয়াৰ কৰা হৈছিল ।
মুখ্যমন্ত্ৰীৰ নেতৃত্বত বোমা তৈয়াৰ কৰাটো কেনেকৈ সম্ভৱ বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে । তেওঁ লগতে কয় যে, ৰাজ্যখনত যদি বিজেপিয়ে চৰকাৰ গঠন কৰে, তেন্তে হয় বোমা থাকিব নহ'লে বিজেপি থাকিব । ৰাজ্যখনত অব্যাহত থকা বিধানসভা নিৰ্বাচনৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অহা ১৭ এপ্ৰিল আৰু ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব । অহা ২ মে'ত ভোট গণনা অনুষ্ঠিত হ'ব ।