ETV Bharat / bharat

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব পুস্কৰ সিং ধামিয়ে - পুস্কৰ সিঙ ধামি

উত্তৰাখণ্ডৰ 11তম মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব পুস্কৰ সিং ধামিয়ে ৷ শনিবাৰে অনুষ্ঠিত দলৰ বিধায়িনী বৈঠকত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ধামি ৷ ধামিৰ সৈতে নতুন কেবিনেট মন্ত্ৰীসকলেও শপতগ্ৰহণ কৰিব ৷

Dhami to take oath as 11th CM of Uttarakhand on Sunday
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব পুস্কৰ সিঙ ধামিয়ে
author img

By

Published : Jul 4, 2021, 12:25 PM IST

Updated : Jul 4, 2021, 12:32 PM IST

নেশ্যনেল ডেস্ক, 4 জুলাই: উত্তৰাখণ্ডৰ 11তম মুখ্যমন্ত্ৰী হিচাপে দেওবাৰে শপতগ্ৰহণ কৰাৰ বাবে সাজু হৈছে পুস্কৰ সিং ধামি ৷ দেওবাৰে বিয়লি ডেৰাডুনৰ ৰাজভৱনত ধামিয়ে শপতগ্ৰহণ কৰিব ৷ জানিব পৰা মতে, নতুন কেবিনেট মন্ত্ৰীসকলেও ধামিৰ সৈতে শপতগ্ৰহণ কৰিব ৷ শনিবাৰে ডেৰাডুনত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ধামিক উত্তৰাখণ্ডৰ 11তম মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয় ৷

উক্ত বৈঠকখনত কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ লগতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি পুৰন্দেশ্বৰী উপস্থিত থাকে ৷ দলটোৰ উত্তৰাখণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া দুষ্যন্ত গৌতমো বৈঠকত উপস্থিত থাকে ৷ উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া ৰাজ্যপাল বেবী ৰাণী মৌৰ্যৰ ওচৰত তীৰথ সিঙ ৰাৱটে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাচতে এতিয়া ধামি উক্ত পদত অধিষ্ঠিত হ'ব ৷

বিধায়িনী দলৰ বৈঠকৰ পাচত টোমৰে এইবুলি কয়, "তিৰথ সিং ৰাৱট আৰু উত্তৰাখণ্ড বিজেপিৰ চীফ মদন কৌশিকে ধামিৰ নাম প্ৰস্তাৱ কৰিছিল আৰু উক্ত প্ৰস্তাৱক প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱট আৰু অন্যান্যসকলেও সমৰ্থন জনাইছিল ৷ ধামিৰ বাহিৰে অন্য কাৰোৰে নাম মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰস্তাৱিত হোৱা নাই ৷" বিধায়িনী দলৰ বৈঠকৰ পাচতে ধামী আৰু অন্যান্যসকলে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যক নতুন চৰকাৰ গঠনৰ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ বিজেপিৰ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাক তেওঁৰ ওপৰত দেখুওৱা আস্থাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী নিৰ্বাচিত ধামি প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোচিয়াৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ যথেষ্ট ঘনিষ্ঠ ৷ উত্তৰাখণ্ড বিজেপিৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ধামিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী কোচিয়াৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপেও কৰ্মৰত আছিল ৷

45 বৰ্ষীয় ধামি উদ্ধম সিং নগৰ জিলাৰ খাতিমা বিধানসভা সমষ্টিৰ দুবাৰৰ বিধায়ক ৷ ছাত্ৰ ৰাজনীতিতো সক্ৰিয় ভূমিকা পালন কৰা ধামিয়ে প্ৰায় এক দশক ধৰি এবিভিপিত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷ উত্তৰাখণ্ড বিজেপিৰ যুৱ শাখাৰ সভাপতি হিচাপেও ধামিয়ে দলৰ মজিয়াত সেৱা আগবঢ়োৱা ধামিয়ে অৱশ্যে এই পৰ্যন্ত কোনো মন্ত্ৰীপদত অধিষ্ঠিত হোৱা নাছিল ৷

লগতে পঢ়ক: এটা বছৰতে উত্তৰাখণ্ডত তৃতীয়গৰাকী মুখ্যমন্ত্ৰীৰ হাতলৈ শাসনৰ বাঘজৰী

Last Updated : Jul 4, 2021, 12:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.