ETV Bharat / bharat

শ্ৰীকৃষ্ণ জন্মাষ্টমী : ভক্তক আদৰিবলৈ সাজু মথুৰা-বৃন্দাবন

author img

By

Published : Aug 30, 2021, 11:55 AM IST

উত্তৰ প্ৰদেশত উলহ-মালহেৰে চলোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপনৰ প্ৰস্তুতি ৷ ৰাজ্যখনৰ মুখ্য চহৰকেইখনৰ উপৰিও প্ৰতিখন চহৰ-নগৰৰ চৌপাশ কৃষ্ণৰ মূৰ্তি, শ্ৰীকৃষ্ণৰ লীলাৰে জড়িত সাংস্কৃতিক কাৰ্যক্ৰমসমূহ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে ৷

NAT-HN-Happy Janmashtami 2021-DESK
শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপনৰ বাবে প্ৰস্তুত মথুৰা-বৃন্দাবন

নিউজ ডেস্ক, 30 আগষ্ট : আজি পৱিত্ৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে বৃজৰ লগতে সমগ্ৰ দেশতে উলহ-মালহেৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হৈছে ৷ উত্তৰ প্ৰদেশৰ মথুৰা-বৃন্দাবন, গোকুল-মহাবন, নন্দগাঁও-বৰষানা, গোৱৰ্ধন আদি চহৰৰ মন্দিৰসমূহক বহু আগ্ৰহেৰে সজাই-পৰাই তোলা হৈছে ৷

NAT-HN-Happy Janmashtami 2021-DESK
আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী

মুখ্য চহৰসমূহত লোকশিল্পীসকলে স্থানীয় কলাৰ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে ৷

NAT-HN-Happy Janmashtami 2021-DESK
বৃন্দাবনত ব্যাপক আয়োজন

শ্ৰীকৃষ্ণৰ জন্মস্থান সেৱা সংস্থাৰ সচিব কপিল শৰ্মাই জনায় যে, জন্মাষ্টমী উপলক্ষে ভাগৱত ভৱনস্থিত ৰাধা-কৃষ্ণৰ মূৰ্তিক পিন্ধোৱা ‘হৰি চন্দ্ৰিকা’ বস্ত্ৰযোৰ সাতগৰাকী কাৰিকৰে প্ৰায় সাতমাহ ধৰি প্ৰস্তুত কৰি উলিয়াইছে ৷ তেওঁ লগতে কয়, প্ৰভু শ্ৰীকৃষ্ণই এইযোৰ বস্ত্ৰ পৰিধান কৰিয়েই ‘মংগল আৰতি’ৰ সময়ত ভক্তক দৰ্শন দিব ৷

শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপনৰ বাবে সাজু মথুৰা-বৃন্দাবন

স্থানীয় লোকৰ উপৰিও জন্মাষ্টমী পালন কৰা উত্তৰ প্ৰদেশৰ বৃজতীৰ্থ বিকাশ পৰিষদে বাহিৰৰ পৰা প্ৰায় 600 গৰাকী শিল্পীক আমন্ত্ৰিত কৰিছে ৷ এই শিল্পীসকলে বিশাল ৰামলীলা মৈদান তথা কৃষ্ণ জন্মস্থান মন্দিৰ পৰিসৰৰ আশে-পাশে থকা চহৰসমূহত বিশেষভাৱে স্থাপন কৰিবলগীয়া মঞ্চসমূহত নিজৰ কলাৰ যাদু প্ৰদৰ্শন কৰিছে ৷ ইয়াৰ লগতে প্ৰায় তিনি ডজন শিল্পীয়ে প্ৰতিখন দেৱালতে কৃষ্ণৰ ছবি অংকন কৰি আছে ৷

NAT-HN-Happy Janmashtami 2021-DESK
ভক্তিৰসত বুৰ যাব ভক্তসকল

পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাগেন্দ্ৰ প্ৰতাপে কয় যে, 600 গৰাকী শিল্পীৰ 50 টা দল বনোৱা হৈছে ৷ ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ দলটো ৰামলীলা মৈদানত নিয়োজিত হৈ আছে ৷

NAT-HN-Happy Janmashtami 2021-DESK
কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ইয়াৰ উপৰিও চহৰত প্ৰায় 1 ডজন অন্যান্য তথা বৃন্দাবন আৰু গোকুলতো মঞ্চ তৈয়াৰ কৰি থকা হৈছে ৷ কিছু কিছু স্থানত শ্ৰীকৃষ্ণৰ লীলাৰে জড়িত সাংস্কৃতিক কাৰ্যক্ৰমসমূহ মঙলবাৰ পৰ্যন্ত ধাৰাবাহিকভাৱে চলি থাকিব ৷ জন্মাষ্টমীৰ বাবে চহৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ উপায়ুক্ত নৱনীত সিং চহল তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড৹ গৌৰৱ গ্ৰোভৰৰ লগতে নগৰ নিগমৰ আয়ুক্ত অনুনয় ঝা-এ সমগ্ৰ চহৰ ভ্ৰমণ কৰি সুৰক্ষা তথা চাফ-চিকুণতাৰ দিশটো পৰ্যবেক্ষণ কৰে ৷

NAT-HN-Happy Janmashtami 2021-DESK
শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড৹ গৌৰৱ গ্ৰোভৰে কয়, সুৰক্ষাৰ দিশলৈ লক্ষ্য কৰি 320 গৰাকী উপ নিৰীক্ষক, 1500 আৰক্ষী জোৱানৰ উপৰিও পিএছিৰ 10 টা কোম্পানী নিয়োগ কৰা হৈছে ৷ ইয়াৰ উপৰিও জন্মস্থান পৰিসৰত অগ্নি নিৰ্বাপক বাহিনীৰ দল, বোমা বিশেষজ্ঞৰ দল, গোপন সূত্ৰ পূৰ্বৰে পৰা নিয়োজিত হৈ আছে ৷

ভক্তসকলক সম্পূৰ্ণ পৰীক্ষাৰ অন্ততহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ব ৷ ইয়াৰ উপৰিও চহৰখনত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰি প্ৰত্যেকটো প্ৰৱেশদ্বাৰতে পাৰ্কিঙৰ ব্যৱস্থা কৰা বুলিও জনাই জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : কলিয়াবৰত উলহ-মালহেৰে আয়োজন শ্ৰীকৃষ্ণ জন্মাষ্টমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.