ETV Bharat / bharat

Devotees Death in Chardham Yatra: চাৰধাম যাত্ৰাত প্ৰতিকূল বতৰৰ প্ৰভাৱ, ২১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

উত্তৰাখণ্ডত প্ৰকৃতিৰ কালৰূপ । চাৰধাম যাত্ৰাত তীৰ্থযাত্ৰীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি (Devotees Death in Chardham Yatra)। প্ৰতিকূল বতৰৰ বাবে ২১ গৰাকী ভক্তৰ মৃত্যু ।

Devotees Death in Chardham Yatra
চাৰধাম যাত্ৰাত প্ৰতিকূল বতৰৰ প্ৰভাৱ
author img

By

Published : May 7, 2023, 8:11 PM IST

নেশ্যনেল ডেস্ক,৭ মে' : উত্তৰাখণ্ডত প্ৰতিকূল বতৰে ভয়ংকৰ ৰূপ লৈছে (Weather condition in Uttarakhand)। বৰষুণ আৰু তুষাৰপাতৰ কৱলত পৰিছে উত্তৰাখণ্ড । যাৰ বাবে চাৰধাম যাত্ৰা একপ্ৰকাৰ ব্যাহত হৈ পৰিছে । একে সময়তে, প্ৰচণ্ড শীতৰ বাবে তীৰ্থযাত্ৰীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । উত্তৰাখণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি এই বছৰ বৰ্তমানলৈ উত্তৰাখণ্ডত ২১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে ।

লক্ষণীয়ভাৱে দেশৰ ভিন্ন প্ৰান্তৰ ৪,৭৪,৬২২ গৰাকী লোকে এতিয়ালৈ চাৰধাম যাত্ৰাত অংশ লৈছে । ৬ মে'ত মুঠ ৩৮,৫২৩ গৰাকী ভক্তই চাৰিওটা মন্দিৰ দৰ্শন কৰিছে । উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি প্ৰতিকূল বতৰৰ বাবে এতিয়ালৈকে ২১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে (21 Devotees Death in Chardham Yatra)।

Devotees Death in Chardham Yatra
চাৰধাম যাত্ৰাত ২১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

কেদাৰনাথত সৰ্বাধিক ৮ গৰাকী লোকৰ মৃত্যু হৈছে । যমুনোত্ৰীৰ জানকী চাট্টিত দ্বিতীয় সৰ্বাধিক ৬ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে । গংগোত্ৰীত ৪ গৰাকী আৰু বদ্ৰীনাথত ৩ গৰাকী লোকৰ মৃত্যু হৈছে । উত্তৰাখণ্ডত তীৰ্থ ভ্ৰমণৰ সময় আৰম্ভ হোৱাৰ লগে লগে বতৰেও কালৰূপ ধাৰণ কৰিছে (Chardham Yatra 2023)।

এপ্ৰিলৰ শেষ সপ্তাহৰ পৰা বতৰ প্ৰতিকূল হৈ আছে । বৰষুণ আৰু তুষাৰপাতৰ বাবে ভক্তসকলক বহু ঠাইত ৰখাই দিয়া হৈছে আৰু বতৰ ঠিক হোৱাৰ লগে লগে পৰৱৰ্তী যাত্ৰাৰ বাবে প্ৰেৰণ কৰা হৈছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, কান্দিসৌৰ ডাবৰিৰ সমীপত হৃষীকেশ চম্বা ধাৰাচু ৰাষ্ট্ৰীয় ঘাইপথ-৯৪ ক্ষতিগ্ৰস্ত হৈছে । য'ত সৰু বাহনৰ চলাচল অব্যাহত আছে যদিও ডাঙৰ বাহনৰ চলাচল ব্যাহত হৈছে ।

লোক নিৰ্মাণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতিত জড়িত হৈ পৰিছে । ইয়াৰ উপৰিও, নাইনিতালত এটা গাঁৱলীয়া পথো ক্ষতিগ্ৰস্ত হৈছে । ইয়াক শীঘ্ৰে মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত আছে । ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে ডেৰাডুন, তেহৰি আৰু উত্তৰকাশীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক :Cyclone Mocha: বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণী বতাহ মোচা; বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.