নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: ভাৰতত ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাইছে । চৌদিশে হাহাকাৰময় পৰিৱেশ । কৰ'ণাতংকই একপ্ৰকাৰ তচনচ কৰি পেলাইছে সকলো । এনে পৰিস্থিতিতিৰ পৰিপ্ৰেক্ষিতত সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন । সোমবাৰে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আৰু মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই দেশক এই সংকটকালত পাৰ্যমানে সকলো পৰ্যায়ৰ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে । অতিমাৰী সংকটকালত গুগলৰ তৰফৰ পৰা চিকিৎসা যোগানৰ বাবে গিভইণ্ডিয়া ইউনিচেফক ১৩৫ কোটি টকাৰ পুঁজি প্ৰদান কৰা হৈছে বুলি কয় সুন্দৰ পিচাই ।
ইফালে, মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেলাই টুইট কৰি কয় যে ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে তেওঁ অতিকৈ মৰ্মাহত । এই সংকটকালত আমেৰিকাই ভাৰতক কৰা সহায়ৰ বাবে তিৰকৃতজ্ঞ বুলি কয় ।
উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ক'ভিড-১৯ত আক্ৰান্ত হৈ ২,৭৬৭ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু এই পৰিসংখ্যাৰে মুঠ মৃত্যু হোৱা লোকৰ সংখ্য ১,৯২,৩১১ জনলৈ বৃদ্ধি পাইছে । দেওবাৰে ৩৪৯,৬৯১ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১৬.৯ নিযুতৰো অধিক হৈছেগৈ ।
লগতে পঢ়ক: কৰ'ণাতংক: শ্মশানত জ্বলিয়েই আছে চিতা