ETV Bharat / bharat

DCGIৰ অনুমোদনৰ পিচতো 69 শতাংশ লোকৰ প্ৰতিষেধক ল’বলৈ অস্বীকাৰ - ভাৰত বায়'টেক

'Local Circles' নামৰ সংস্থাৰ সমীক্ষাত ভয়ংকৰ তথ্য প্ৰমাণিত ৷ ভাৰতত প্ৰায় 69 শতাংশ লোকে প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত দ্বিধাবোধ কৰিছে ৷ মাত্ৰ 26 শতাংশ লোকেহে প্ৰতিষেধক প্ৰদানত সমৰ্থন জনাইছে ৷

Despite 2 approved vaccines, 69% Indians hesitant to take them
DCGI য়ে ক'ভিড ভেকচিনক অনুমোদন কৰাৰ পিচতো 69 শতাংশ লোকে ভেকচিন লবলৈ অস্বীকাৰ
author img

By

Published : Jan 6, 2021, 4:49 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী : বুধবাৰে প্ৰকাশিত এক সমীক্ষাত প্ৰমাণিত হৈছে যে, ভাৰতে বৰ্তমান ক'ভিড-19 ৰ টীকাৰ বাবে প্ৰায় সাজু হৈছে ৷ কিছু দিনৰ ভিতৰতে প্ৰদান কৰিবলগীয়া টীকাৰ বাবে ভাৰতৰ প্ৰায় 69 শতাংশ লোকে টীকা লোৱাৰ পৰা নাকচ কৰিছে বুলি সমীক্ষাত প্ৰমাণিত হৈছে ৷

উল্লেখ্য যে, 'The Drugs Controller General of India' চমুকৈ DCGI য়ে দেওবাৰে ক'ভিড প্ৰতিৰোধৰ বাবে দুটা প্ৰতিষেধকক অনুমোদন প্ৰদান কৰিছে ৷ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ পৰা নিৰ্মিত 'Oxford-AstraZeneca's Covishield' আৰু ভাৰত বায়'টেক নামৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা নিৰ্মিত 'কোভাক্সিন' নামৰ প্ৰতিষেধকক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে DCGI য়ে ৷

লগতে পঢ়ক : জনতাৰ পাকস্থলীলৈকে সোমাই আছে বিজেপি : প্ৰশান্ত ফুকন

'LocalCircles' নামৰ সংস্থাটোৱে নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ চলোৱা এক সমীক্ষাত প্ৰমাণিত হৈছে যে, ভাৰতৰ প্ৰায় 69 শতাংশ লোকে ক'ভিড প্ৰতিষেধক ল’বলৈ কিছু দ্বিধাবোধ কৰিছে ৷ 8,723 গৰাকী লোকৰ মাজত চলোৱা সমীক্ষাত পুনৰ প্ৰমাণিত হৈছিল যে, কেৱল 26 শতাংশ লোকে এই প্ৰতিষেধক চৰকাৰী বা কোনো ব্যক্তিগতখণ্ডৰ ক্লিনিকত উপলব্ধ হ’লে তেওঁলোকে গ্ৰহণ কৰিব ৷ একেদৰে, 5 শতাংশ লোকে যদিহে চৰকাৰে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰে তেতিয়াহ’লে তেওঁলোকে প্ৰতিষেধক ল’বলৈ আগ্ৰহী বুলি জানিবলৈ দিয়ে ৷

সংস্থাটোৰ এই সমীক্ষাৰ পৰা প্ৰমাণিত হয় যে, চৰকাৰীভাৱে প্ৰতিষেধকৰ অনুমতি প্ৰদান কৰিলেও ভাৰতৰ প্ৰায় 69 শতাংশ লোকে বৰ্তমান ইয়াৰ ওপৰত কোনো ধৰণৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব পৰা নাই ৷ উল্লেখ্য যে, ভাৰত বায়'টেক প্ৰতিষ্ঠানৰ 'কোভাক্সিন'ক DCGI য়ে জৰুৰীকালীন ভাৱে 12 বছৰৰ ওপৰৰ ব্যক্তিক প্ৰদান কৰিবলৈ অনমুতি প্ৰদান কৰিছে ৷

লগতে পঢ়ক : শিলচৰত অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান

আনহাতে, 'LocalCircles' নামৰ সংস্থাটোৱে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ ওপৰত চলোৱা এক তুলনামূলক সমীক্ষাত প্ৰমাণিত হৈছিল যে, কেৱলমাত্ৰ 26 শতাংশ অভিভাৱকে যদিহে এপ্ৰিলৰ আগত প্ৰতিষেধক উপলব্ধ হয় তেতিয়াহ’লে তেওঁলোকে সন্তানক প্ৰতিষেধক প্ৰদান কৰিবলৈ প্ৰস্তুত ৷ ইয়াৰ উপৰিও, 56 শতাংশ অভিভাৱকে কিছু মাহ অপেক্ষা কৰি প্ৰতিষেধকবিধৰ সফলতা আৰু তন্নতন্নকৈ পৰীক্ষণৰ পিচত প্ৰয়োগ কৰাৰ কথা উল্লেখ কৰিছে ৷ ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে, বৰ্তমানেও প্ৰতিষেধকবিধক লৈ জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ বা বিশ্বাসযোগ্যতাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে ৷

আনহাতে, সংস্থাটোৰ প্ৰতিবেদনত পুনৰ প্ৰমাণিত হৈছিল যে, 69 শতাংশ অভিভাৱকে এপ্ৰিলৰ পিচত বিদ্যালয়সমূহ খোলাটো বিচাৰিছে আৰু কেৱলমাত্ৰ 26 শতাংশ অভিভাৱকে সন্তানৰ সুৰক্ষাৰ বাবে প্ৰতিষেধক প্ৰদানৰ দাবী জনাইছে ৷ ইফালে, বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, 13 জানুৱাৰীৰ পৰা ভাৰতে ক'ভিড প্ৰতিষেধকৰ টীকা দিবলৈ সাজু ৷

জানিবলগীয়া যে, ভাৰত হৈছে আমেৰিকাৰ পিচতে দ্বিতীয়খন ৰাষ্ট্ৰ য'ত ক'ভিড-19 ত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ৷ ইতিমধ্যে, প্ৰতিষেধক 1 কোটি স্বাস্থ্যকৰ্মী, 2 কোটি ক'ভিড যোদ্ধা আৰু 50 বছৰ বয়সৰ প্ৰায় 27 কোটি বৃদ্ধালোকক প্ৰদান কৰিবৰ বাবে সাজু হৈছে ৷ একেদৰে, শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে জনোৱা অনুসৰি, 1 কোটি স্বাস্থ্যকৰ্মী আৰু 2 কোটি ক'ভিড যোদ্ধাক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক ৷

লগতে পঢ়ক : কৰ’ণাকালৰ পাছত অসমীয়া চিনেমাৰ ভৱিষ্যত কোন দিশে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.