ETV Bharat / bharat

দিল্লীত ঘন কুঁৱলী, পলমকৈ চলিছে ৩০ খনতকৈও অধিক ৰে'ল, ১৭ খন বিমান বাতিল

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 11:18 AM IST

Dense Fog In Delhi NCR: মঙলবাৰেও ৰাজধানী দিল্লীত ঘন কুঁৱলীয়ে আৱৰি ধৰিছে ৷ যাৰ ফলত চহৰখনত দৃশ্যমানতা হ্ৰাস পাইছে ৷ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী চহৰখনত ৰে’ল আৰু বিমান যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাই দেখা দিছে ৷

Dense Fog In Delhi NCR
দিল্লীত ঘন কুঁৱলী, পলমকৈ চলিছে ৩০ খনতকৈও অধিক ৰে'ল, ১৭ খন বিমান বাতিল

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : ৰাজধানী দিল্লীত হাড় কঁপোৱা ঠাণ্ডা ৷ ইফালে আজি পৰ্যন্ত ৰাজধানী চহৰখনত কমা নাই কুঁৱলী ৷ কুঁৱলীৰ ডাঠ আচ্ছাদনে ঢাকি ধৰিছে সমগ্ৰ চহৰখন ৷ ফলত ঘন কুঁৱলীৰ প্ৰভাৱত যাত্ৰীৰ সুবিধাৰ্থে বাবে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা ঘন কুঁৱলীৰ বাবে IGI ৰ পৰা উৰা মাৰিব লগা 30 খন বিমান বিলম্বিত হৈছে৷ আনহাতে 17 খনতকৈও অধিক বিমান বাতিল কৰা হৈছে ৷ বিমান বন্দৰত দৃশ্যমানতা পুৱা প্ৰায় 7 বজাত 100 মিটাৰ আছিল, যি পুৱা 7.30 বজালৈ শূন্য হৈ পৰিছিল ৷ একে সময়তে, চফদৰজংত 50 মিটাৰ দৃশ্যমানতাৰে অভিলেখ ৰচিছিল ৷

ইফালে, কুঁৱলীৰ বাবে ৩০ খনতকৈও অধিক ৰে'ল সময়তকৈ 26 ঘণ্টালৈকে পলমকৈ চলি আছে৷ এনে পৰিস্থিতিত, ৰে’লখন ইয়াৰ নিৰ্ধাৰিত তাৰিখৰ পৰা 1 দিন পিচত চলি আছে ৷ ফলত যাত্ৰীসকলক ব্যাপক সমস্যাত পৰিছে ৷ ৰে'লৱে বিভাগৰ মতে, মঙলবাৰে 30 খন ৰে'ল 26 ঘণ্টা ধৰি পলমকৈ চলি আছিল ৷ ৰে’ল নম্বৰ 20818 নতুন দিল্লী-ভুৱনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ 14 জানুৱাৰীত নতুন দিল্লীৰ পৰা ভুৱনেশ্বৰলৈ ৰাওনা হোৱাৰ কথা আছিল, কিন্তু 26 ঘণ্টা 15 মিনিট পলম হোৱাৰ এদিনৰ পিচত 15 জানুৱাৰীৰ সন্ধিয়া 7.15 বজাত নতুন দিল্লী ৰে’ল ষ্টেচনৰ পৰা ভুৱনেশ্বৰলৈ ৰাওনা হৈছে ৷ কানপুৰ চেণ্ট্ৰেল পোৱালৈকে, ৰে’লখন 30 ঘণ্টা পলম হৈছিল ৷ 16 জানুৱাৰীৰ পুৱা, এই ৰেলখন 31 ঘণ্টা পলমকৈ প্ৰয়াগৰাজ জংচন পাইছিল ৷ ৰে'লখনত টিকট বুক কৰা যাত্ৰীসকলে এতিয়া বিভ্ৰান্ত হৈ পৰিছে ৷ ইফালে ভুৱনেশ্বৰ-নতুন দিল্লী তেজছ এক্সপ্ৰেছও এদিন পলম হৈছিল ৷

উত্তৰ ৰে'লৱেই প্ৰকাশ কৰা তথ্য অনুসৰি, 16 জানুৱাৰী পুৱা দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দিল্লী-অভিমুখে অহা 30 খন ৰে'ল 6.30 ঘণ্টা লৈকে পলমকৈ চলি আছে ৷ হাওৰা-নতুন দিল্লী দূৰন্ত এক্সপ্ৰেছ 6.30 ঘণ্টা পলমকৈ চলি আছে ৷ আজমেৰ-কাটৰা পূজা এক্সপ্ৰেছ 6.30 ঘণ্টা পলম হৈছিল, আজমগড়-দিল্লী জংচন কাইফিয়াত এক্সপ্ৰেছ 2 ঘণ্টা, পুৰী-নিজামুদ্দিন পুৰুষোত্তম এক্সপ্ৰেছ 6 ঘণ্টা, সাহৰসা-নতুন দিল্লী বৈশালী এক্সপ্ৰেছ ডেৰ ঘণ্টা, হায়দৰাবাদ-নতুন দিল্লী এক্সপ্ৰেছ 6.30 ঘণ্টা, কাটিহাৰ-অমৃতসৰ এক্সপ্ৰেছ 5 ঘণ্টা, কামাখ্যা-দিল্লী জংচন ব্ৰহ্মপুত্ৰ মাইল 4 ঘণ্টা, মাণিকপুৰ-নিজামুদ্দিন এক্সপ্ৰেছ 2 ঘণ্টা, মাণিকপুৰ-নিজামুদ্দিন এক্সপ্ৰেছ ঘণ্টা, কাজামুদ্দিন পুৰুষোত্তম এক্সপ্ৰেছ 6 ঘণ্টা, সাহৰসা-নতুন দিল্লী বৈশালী এক্সপ্ৰেছ ডেৰ ঘণ্টা, হায়দৰাবাদ-নতুন দিল্লী এক্সপ্ৰেছ 6.30 ঘণ্টা, কামাখ্যা-দিল্লী জংচন ব্ৰহ্মপুত্ৰ মাইল 4 ঘণ্টা, মানিকপুৰ-নিজামুদ্ৰা এক্সপ্ৰেছ 2 ঘণ্টা । ইয়াৰ উপৰিও, অন্যান্য ৰে’লবোৰো পলমকৈ চলি আছে ৷

লগতে পঢ়ক: ৰাজধানী দিল্লীত ঘন কুঁৱলী, দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.