ETV Bharat / bharat

Cop brings sons body to office: মৃত সন্তানক লৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কনিষ্টবল পিতৃ

author img

By

Published : Jan 12, 2023, 10:27 PM IST

ঘৰত অসুস্থ পত্নী আৰু দুবছৰীয়া সন্তান ৷ সন্তানক প্ৰতিপালৰ বাবে বিচাৰিছিল ছুটী ৷ কিন্তু আবেদন দিয়া স্বত্বেও, অসুস্থ পত্নী আৰু সন্তানৰ যত্ন ল'বলৈ অব্যাহতি দিয়া হোৱা নাছিল এজন কনিষ্টবলক । যাৰ পৰিণতিত মৃত্যু ঘটিল দুবছৰীয়া সন্তানৰ(UP cop carries his son body to SSP office) ৷

Cop brings sons body to office
মৃত সন্তানক লৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কনিষ্টবল পিতৃ

নিউজ ডেস্ক, 12 জানুৱাৰী: উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ এজন কনিষ্টবলে বুধবাৰে তেওঁৰ দুবছৰীয়া সন্তানৰ মৃতদেহ লৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্যালয়ত উপস্থিত হয় । কনিষ্টবলজনে আগতে তেওঁৰ অসুস্থ পত্নী আৰু সন্তানৰ যত্ন ল'বলৈ বিভাগৰ পৰা ছুটী বিচাৰিছিল । কিন্তু তেওঁ ছুটী নাপালে । শিশুটোৰ মৃত্যুৰ পিছত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ আশ্বস্ত কৰিবলৈ তেওঁৰ কাৰ্যালয়লৈ সন্তানৰ মৃতদেহ লৈ আহিছিল(Cop brings sons body to office ) ৷

কনিষ্টবলজনে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক আশ্বস্ত কৰিব বিচাৰিছিল যে, তেওঁ মিছা কোৱা নাছিল আৰু ছুটী বিচাৰিছিল, তেওঁক সঁচাকৈয়ে এই ছুটীৰ প্ৰয়োজন আছিল । তেওঁৰ পত্নী কবিতাৰ ডিচেম্বৰত অস্ত্ৰোপচাৰ হৈছিল । চিকিৎসকে কবিতাক বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছিল । পত্নীৰ অসুস্থতাৰ বাবে তেওঁ তেওঁৰ পুত্ৰ দুবছৰীয়া হৰ্ষিতৰ যত্ন লৈ আছিল । যাৰ বাবে তেওঁ ছুটীৰ আবেদন দিছিল ৷

দুৰ্ভগীয়া পিতৃ তথা কনিষ্টবলজন চনু চৌধুৰী ৷ চনু চৌধুৰী বৈদপুৰাত কনিষ্টবল হিচাপে নিযুক্ত হৈ আছে আৰু তেওঁ একতা কলনীত বাস কৰে । তেওঁৰ ফ্লেটটোৰ তলৰ মহলাত পত্নী আৰু সন্তানটোৰ লগত বসবাস কৰে । চনু চৌধুৰী মূলতঃ মথুৰাৰ বাসিন্দা । তেওঁ ৭ জানুৱাৰীত ছুটীৰ বাবে আবেদন কৰিছিল ।

আবেদনখনত, তেওঁ তেওঁৰ অসুস্থ পত্নী আৰু কণমানি সন্তানৰ যত্ন লোৱাৰ কথা উল্লেখ কৰিছিল । কিন্তু আবেদন দিয়া স্বত্বেও, তেওঁক অসুস্থ পত্নী আৰু সন্তানৰ যত্ন ল'বলৈ অব্যাহতি দিয়া হোৱা নাছিল(Police constable in UP denied leave ) । যাৰ পৰিণামস্বৰূপে তেওঁ সন্তানক হেৰুৱাবলগীয়া হয় ৷ বুধবাৰে বিয়লি, যেতিয়া তেওঁ কামলৈ ৰাওনা হৈছিল, অসুস্থ পত্নী ঘৰতে আছিল । কিন্তু তেওঁৰ দুবছৰীয়া পুত্ৰ হৰ্ষিত হঠাৎ ঘৰৰ পৰা ওলাই আহে পানীৰে ভৰ্তি গাঁত এটাত পৰি যায় ।

হৰ্ষিতক তেওঁ বিচাৰি নাপাই বিচাৰ খোঁচাৰ কৰি পানীৰে ভৰা গাঁতটোৰ পৰা উদ্ধাৰ কৰে ৷ হৰ্ষিতক লগে লগে জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যে বহু পলম হৈ যায় ৷ জিলা হাস্পতালৰ কৰ্তব্যৰত চিকিৎসকে তেওঁক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে । ইয়াৰ পাছতেই তেওঁ সন্তানৰ মৃতদেহ লৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়(UP cop carries his son body to SSP office) ৷

জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিষয়াসকলে কনিষ্টবলজনক সান্ত্বনা দিয়ে আৰু তেওঁক তেওঁৰ ঘৰলৈ ঘূৰাই পঠায় ৷ আনহাতে এই সমগ্ৰ ঘটনা বৰ্তমান তদন্ত কৰিবলৈ দিয়া হৈছে ৷ সমগ্ৰ বিষয়টো বৰ্তমান তদন্তৰ অধীনত আছে ।

লগতে পঢ়ক: Che Guevara Daughter : 25 বছৰৰ মূৰত কলকাতালৈ আহিব চে গুৱেভাৰাৰ জীয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.