ETV Bharat / bharat

Delhi weather: দীপাৱলীৰ দিনটোত পুৱাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশে

author img

By

Published : Oct 24, 2022, 1:24 PM IST

দীপাৱলীৰ পুৱাই দিল্লীৰ বায়ুই ধাৰণ কৰিছে অতি ভয়াৱহ অৱস্থা(Delhi air quality inches closer to very poor levels ) ৷ চুবুৰীয়া চহৰ গাজিয়াবাদ (৩০০), নয়দা (২৯৯), গ্ৰেটাৰ নয়ডা (২৮২), গুৰুগ্ৰাম (২৪৯) আৰু ফৰিদাবাদ (২৪৮)ত ভয়াৱহ ৰূপত বায়ু প্ৰদূষিত হোৱা বুলি জানিব পৰা গৈছে । শূন্যৰ পৰা ৫০ ৰ মাজৰ AQI ক "ভাল", ৫১ আৰু ১০০ক "সন্তুষ্টিজনক", ১০১ আৰু ২০০ক "মধ্যমীয়া", ২০১ আৰু ৩০০ 'বেয়া', ৩০১ আৰু ৪০০ "অতি বেয়া", আৰু ৪০১ আৰু ৫০০ 'ভয়াৱহ' বুলি গণ্য কৰা হয় ।

Diwali morning: Delhi's air quality inches closer to 'very poor' levels
Delhi weather: দীপাৱলীৰ ৰাতিপুৱাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশে

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: সোমবাৰ অৰ্থাৎ দীপাৱলীৰ পুৱা দিল্লীৰ বায়ুৰ মানদণ্ড ভয়াৱহভাবে প্ৰদূষিত হৈছে(Delhi air quality inches closer to very poor levels) ৷ কৃষকসকলে খেতিপথাৰত জুই জ্বলাই দিয়াৰ ফলত সৃষ্টি হৈ অহা এই প্ৰদূষণে প্ৰতিবছৰে ৰাজধানীবাসীক সমস্যাৰ সন্মুখীন কৰাই আহিছে । এই নিৰ্গমনে ৰাজধানী দিল্লীৰ বায়ুজনিত পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে। সন্ধিয়া চহৰখনত ২৪ ঘণ্টাৰ গড় বায়ুৰ গুণাগুণ সূচকাংক হ'ল (AQI)২৫৯, যিটো দীপাৱলীৰ আগদিনা সাত বছৰৰ ভিতৰত সৰ্বনিম্ন বায়ুৰ গুণাগুণ সূচকাংক(Air Quality Index)।

ৰাজধানীৰ কিছু অংশত নিশাৰ ভাগত মানুহে ফটকা ফুটুৱাৰ ফলত উষ্ণতা আৰু বতাহৰ গতিবেগ হ্ৰাস পোৱাৰ মাজতে পুনৰ হ্ৰাস পালে প্ৰদূষণৰ মাত্ৰা ৷ তদুপৰি, পামত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা বৃদ্ধি পাইছে ১৩১৮ লৈ, যি সংখ্যাই গঢ়িছে নতুন অভিলেখ ৷ সোমবাৰে পুৱা দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক আছিল ২৯৮ ৷ চহৰখনৰ ৩৫টা নিৰীক্ষণ কেন্দ্ৰৰ(35 monitoring station) ভিতৰত ৯টা কেন্দ্ৰই 'অতি ভয়ংকৰ' শ্ৰেণীত বায়ুৰ গুণাগুণ লিপিবদ্ধ কৰাৰ বিপৰীতে আনন্দ বিহাৰৰ এটা নিৰীক্ষণ কেন্দ্ৰই প্ৰদূষণৰ মাত্ৰা 'গুৰুতৰ' বুলি জানিবলৈ দিছে ।

চুবুৰীয়া চহৰ গাজিয়াবাদ (৩০০), নয়দা (২৯৯), গ্ৰেটাৰ নয়ডা (২৮২), গুৰুগ্ৰাম (২৪৯) আৰু ফৰিদাবাদ (২৪৮)ত বায়ুৰ গুণাগুণ বেয়া অৰ্থাৎ বায়ু প্ৰদূষিত হোৱা বুলি জানিবলৈ পৰা গৈছে । শূন্যৰ পৰা ৫০ ৰ মাজৰ AQI ক "ভাল", ৫১ আৰু ১০০ক "সন্তুষ্টিজনক", ১০১ আৰু ২০০ক "মধ্যমীয়া", ২০১ আৰু ৩০০ 'বেয়া', ৩০১ আৰু ৪০০ "অতি বেয়া", আৰু ৪০১ আৰু ৫০০ 'গুৰুতৰ' বুলি গণ্য কৰা হয় । কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনৰ পূৰ্বাভাস সংস্থা(Union Ministry of Earth Sciences) চফৰ SAFAR পৃথিৱী বিজ্ঞানে, পূৰ্বে ভৱিষ্যদ্বাণী কৰিছিল যে শান্ত বতাহৰ বাবে সোমবাৰে পুৱা বায়ুৰ গুণাগুণৰ অৱনতি ঘটি “অতি দুৰ্বল” হ’ব পাৰে ৷

ফটকা ফুটিলেই ৰাজধানী দিল্লীৰ পৰিস্থিতি অতি বেয়ালৈ পৰ্যবেশিত হব বুলিও সংস্থাটোয়ে ইতিমধ্যে জানিবলৈ দিছে ৷ বিগত বৰ্ষৰ দৰে ফটকা ফুটালে দীপাৱলীৰ দিনটোত বায়ু প্ৰদূষণৰ মাত্ৰা 'গুৰুতৰ'ভাবে বেয়ালৈ পৰ্যবেশিত হব বুলি জনোৱাৰ লগতে পৰৱৰ্তী দিনটো পৰ্যন্ত চহৰখন 'ৰেড জ'ন'ত সোমাই পৰিব বুলি সৰ্তকবাণী আগবঢ়াইছে সংস্থাটোয়ে ৷ চুবুৰীয়া ৰাজ্যৰ খেতিয়কসকলে তুঁহ-খেৰ জ্বলোৱাৰ ফলত ৰাজধানী চহৰখনত প্ৰদূষণৰ মাত্ৰা অধিক হোৱা পৰিলক্ষিত হ'ল ৷ সোমবাৰে অৰ্থাৎ দীপাৱলীৰ দিনা এই মাত্ৰা ৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে দিয়া এক তথ্য অনুসৰি দেওবাৰে সন্ধিয়া উত্তৰ প্ৰদেশত 109 খন, পঞ্জাৱত ৯০২ খন, হাৰিয়ানাত ২১৭ খন ফাৰ্মত অগ্নিকাণ্ড সংঘটিত হৈছে ৷

লগতে পঢ়ক: Reservation for Scheduled Castes and Tribes : অনুসূচীত জাতি-জনজাতিৰ লোকৰ বাবে কৰ্ণাটকত অধ্যাদেশ জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.