ETV Bharat / bharat

দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সময়সূচী চলিত সপ্তাহতে ঘোষণাৰ সম্ভাৱনা

author img

By

Published : Sep 20, 2022, 2:02 PM IST

দিল্লী বিশ্ববিদ্যালয়ত (Delhi University) অধ্যয়ন কৰিব বিচাৰে নেকি ? তেন্তে সাজু হওক । কিয়নো বিশ্ববিদ্যালয় প্ৰশাসনে এই সপ্তাহৰ ভিতৰত প্ৰায় 20 হাজাৰ আসনৰ বাবে 70 টাতকৈ অধিক পাঠ্যক্ৰমৰ বাবে স্নতকোত্তৰ নামভৰ্তিৰ সময়সূচী মুকলি কৰিব পাৰে (PG admission Schedule may be released this week) । এইটোও অনুমান কৰা হৈছে যে প্ৰৱেশ পৰীক্ষাৰ তাৰিখ এই সপ্তাহতে ঘোষণা কৰিব পাৰে ।

DU
DU

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : দিল্লী বিশ্ববিদ্যালয়ৰ (Delhi University) পৰা স্নাতকোত্তৰ কৰিব বিচৰা শিক্ষাৰ্থীসকল সতৰ্ক হোৱা উচিত । নামভৰ্তি কেতিয়া হ'ব, পৰীক্ষাৰ তাৰিখ কেতিয়া ঘোষণা কৰা হ'ব সেই বিষয়ত সজাগ থাকক । বিগত কেইমাহমানৰ পৰা শিক্ষাৰ্থীসকলৰ মনত বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন চলি আছে । এতিয়া শিক্ষাৰ্থীসকলে তেওঁলোকৰ সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ গৈ আছে ।

প্ৰকৃততে, দিল্লী বিশ্ববিদ্যালয় প্ৰশাসনে এই সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ (পিজি) নামভৰ্তিৰ সময়সূচী মুকলি কৰিব পাৰে (PG admission Schedule may be released this week) । লগতে এইটোও অনুমান কৰা হৈছে যে প্ৰৱেশ পৰীক্ষাও অক্টোবৰৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ অনুষ্ঠিত কৰা হ'ব পাৰে । নামভৰ্তি প্ৰক্ৰিয়া কেনেকুৱা হ'ব, কেতিয়া নামভৰ্তি পৰ্টেল আৰম্ভ হ'ব এই সকলোবোৰ দিল্লী বিশ্ববিদ্যালয়ৰ দ্বাৰা মুকলি কৰিবলগা পিজি নামভৰ্তিৰ সময়সূচীত শ্বেয়াৰ কৰা হ'ব (Entrance exam may be held in October in DU) ।

স্নাতকৰ দৰেই স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা হ'ব :

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সৈতে জড়িত এজন বিষয়াৰ মতে, স্নাতক (ইউজি) পাঠ্যক্ৰমৰ নামভৰ্তিৰ দৰে পিজি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ পৰ্টেলত অনলাইন নামভৰ্তি কৰা হ'ব । নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে পৰ্টেলত লগইন কৰিব লাগিব । দুইৰ পৰা তিনি দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে নামভৰ্তি প্ৰক্ৰিয়াৰ সময়সূচী মুকলি কৰাৰ প্ৰস্তুতি চলি আছে ।

70 টাতকৈ অধিক বিষয়ৰ পাঠ্যক্ৰম, প্ৰায় 20 হাজাৰ আসন :

দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ৰ 70 টাতকৈ অধিক বিষয়ৰ পাঠ্যক্ৰমত প্ৰায় 20 হাজাৰ আসন আছে । যোৱা বছৰৰ দৰে এই বছৰো দিল্লী বিশ্ববিদ্যালয়ত পিজি পাঠ্যক্ৰমত নামভৰ্তি দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে হ'ব (Delhi University Entrance Test) । এইটো এনটিএৰ দ্বাৰা আয়োজিত কৰা হৈছিল ।

বৰ্তমানলৈকে দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ 50 শতাংশ আসন প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে ভৰ্তি কৰা হৈছে । আনহাতে, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা শিক্ষাৰ্থীসকলৰ বাবে আন 50 শতাংশ আসনত যোগ্যতাৰ ভিত্তিত নামভৰ্তি কৰা হয় । নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে পৰ্টেলত লগইন কৰিব লাগিব । নামভৰ্তি অনুমোদিত হোৱাৰ পিছত শিক্ষাৰ্থীসকলে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি পৰ্টেললৈ গৈ অনলাইন মাচুল পৰিশোধ কৰিব লাগিব ।

অক্টোবৰত পৰীক্ষা :

দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ (পিজি) কাৰ্যসূচীৰ প্ৰৱেশ পৰীক্ষা অক্টোবৰৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (National Examination Agency) দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (DUET) পিজি 2022 পৰীক্ষা কম্পিউটাৰ-আধাৰিত মোডত অনুষ্ঠিত কৰিব । এই পৰীক্ষাৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন মহাবিদ্যালয়ত পিজি কাৰ্যসূচীত নামভৰ্তি কৰা হ'ব ।

দিল্লী বিশ্ববিদ্যালয়ৰ (Delhi University) বিভিন্ন স্নাতক পাঠ্যক্ৰমৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে । শিক্ষাৰ্থীসকলৰ পৰা নিৰন্তৰভাৱে আবেদন কৰা হৈ আছে । দিল্লী বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, এতিয়ালৈকে 1 লাখ 36 হাজাৰ 900 আবেদন লাভ কৰা হৈছে । এই সংখ্যাটো বাঢ়িব পাৰে । তেওঁ কয় যে, ১০ অক্টোবৰলৈকে শিক্ষাৰ্থীসকলে আবেদন কৰাৰ সুযোগ আছে (DU admission undergraduate program 2022 23) ।

একে সময়তে, দিল্লী বিশ্ববিদ্যালয়ৰ ইউজি নামভৰ্তিৰ দ্বিতীয় পৰ্যায় 26 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈ আৰম্ভ হ'ব (DU UG admission second phase) । শিক্ষাৰ্থীসকলক তেওঁলোকৰ CUET নম্বৰ আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ অগ্ৰাধিকাৰ দাখিল কৰাৰ সুযোগ দিয়া হ'ব । ইয়াৰ আধাৰতে কোনখন মহাবিদ্যালয়ত কোনে নামভৰ্তি কৰিব সেয়া সিদ্ধান্ত লোৱা হ'ব । এইবাৰ নামভৰ্তিৰ গোটেই প্ৰক্ৰিয়াটো নতুন । এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলে অধিকসংখ্যক মহাবিদ্যালয় আৰু পাঠ্যক্ৰমৰ সংমিশ্ৰণ পছন্দ পূৰণ কৰাটো প্ৰয়োজনীয় । ইয়াত নিজৰ পছন্দৰ মহাবিদ্যালয়বোৰৰ বাহিৰে আন মহাবিদ্যালয়ৰ বিকল্পও পূৰণ কৰাটো ভাল । ই নামভৰ্তিৰ সম্ভাৱনা বৃদ্ধি কৰিব ।

প্ৰথম কাট অফ 10 অক্টোবৰ :

দ্বিতীয় পৰ্যায়ৰ নামভৰ্তি 26 ৰ পৰা 10 অক্টোবৰলৈ চলিব । ইয়াৰ পিছত 2022-23 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ বাবে প্ৰথম কাট অফ তালিকা প্ৰকাশ কৰা হ'ব । অনুমান কৰা হৈছে যে প্ৰথম কাটঅফটো ১০ অক্টোবৰৰ পিছতহে মুকলি কৰা হ'ব পাৰে । এই কাট অফ তালিকাখন দিল্লী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হ'ব ।

যোৱা বছৰ বহুসংখ্যক শিক্ষাৰ্থীয়ে আবেদন কৰিছিল :

দিল্লী বিশ্ববিদ্যালয়ত 2021-22 শিক্ষাবৰ্ষত 65 হাজাৰ আসনৰ বাবে নামভৰ্তি হৈছিল । আবেদনকাৰীৰ সংখ্যা আছিল ২.৮৭ লাখ । একে সময়তে 67 খন মহাবিদ্যালয়ৰ 79 টা ইউ জি কাৰ্যসূচী আৰু 206 টা বিএ কাৰ্যসূচীৰ সংমিশ্ৰণৰ এই আসনবোৰত নামভৰ্তি কৰা হ'ব । দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কোৱা হৈছে যে 10 অক্টোবৰত কিমানজন শিক্ষাৰ্থীয়ে আবেদন কৰিছে সেয়া জনা যাব ।

নামভৰ্তিৰ তিনিটা পৰ্যায়ৰ কিছুমান নিম্নলিখিত ধৰণৰ-

প্ৰথম পৰ্যায় : CSAS (চিএছএএছ) 2022 আবেদন প্ৰপত্ৰ দাখিল কৰা

দ্বিতীয় পৰ্যায় : কাৰ্যসূচী বাছনি, পছন্দ পূৰণ বা প্ৰাথমিকতা পূৰণ

তৃতীয় পৰ্যায় : আসন আবণ্টন আৰু নামভৰ্তি

লগতে পঢ়ক :Delhi Liquor case : হায়দৰাবাদৰ কেইবাটাও স্থানত EDৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.