ETV Bharat / bharat

Raksha Bandhan Celebration : দিল্লীত স্কুলীয়া ছাত্ৰীয়ে ৰাখী পিন্ধালে প্ৰধানমন্ত্ৰী মোদীক

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 2:56 PM IST

নতুন দিল্লীৰ এখন বিদ্যালয়ত ৰাখীবন্ধন উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্কুলীয়া ছাত্ৰীসকলে ৰাখী পিন্ধাই ভাতৃ-ভগ্নীৰ চিৰন্তন বন্ধন চিহ্নিত কৰে ।

Raksha Bandhan Celebration
Raksha Bandhan Celebration

নিউজ ডেস্ক, ৩০ আগষ্ট : আজি পৱিত্ৰ ৰাখী পূৰ্ণিমা । এই উপলক্ষে পৰম্পৰাগতভাৱে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাখীবন্ধন । ভাতৃ-ভগ্নীৰ মাজৰ অটুট বন্ধন আৰু স্নেহৰ চিন স্বৰূপ এই পৱিত্ৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পিন্ধাই দিল্লীত আশীৰ্বাদ গ্ৰহণ কৰে স্কুলীয়া ছাত্ৰীসকলে । এই উপলক্ষে নতুন দিল্লীৰ এখন বিদ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পিন্ধায় বিদ্যালয়খনৰ ছাত্ৰীসকলে ।

প্ৰধানমন্ত্ৰীয়ে শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে তেওঁক হাঁহিমুখে স্বাগতম জনায় আৰু ছাত্ৰীসকলে তেওঁৰ হাতত ৰাখী পিন্ধাই দিয়ে । আনহাতে, ছাত্ৰীসকলে ৰাখী পিন্ধাবলৈ আগবাঢ়ি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ নাম আৰু শ্ৰেণীৰ বিষয়ে সুধি মৰমৰ হাঁহিৰে তেওঁলোকক সম্ভাষণ জনায় ।

আনহাতে, এক আকৰ্ষণীয় মুহূৰ্তত এগৰাকী ছাত্ৰীক প্ৰধানমন্ত্ৰী মোদীয়ে আশীৰ্বাদ দিবলৈ অলপ তললৈ হাউলি দিয়াৰ সময়তে ছাত্ৰীগৰাকীয়ে তেওঁৰ গালত কোমল স্পৰ্শ দিয়ে । প্ৰধানমন্ত্ৰী মোদীক এখন চকীত বহি থকা সময়ত ছাত্ৰীসকলে তেওঁক ৰাখী পিন্ধাবলৈ হেতা-ওপৰা কৰা দেখা যায় । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত স্কুলীয়া ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে এখন গ্ৰুপ ফটোৰ বাবেও প'জ দিয়া দেখা যায় । প্ৰধানমন্ত্ৰী মোদীৰ মণিবন্ধত ছাত্ৰীসকলে বান্ধি দিয়া পৰম্পৰাগত ৰাখীবোৰত তেওঁৰ প্ৰতিচ্ছবি আছিল ।

উল্লেখ্য যে ভাতৃ-ভগ্নীৰ মাজত চিৰন্তন বন্ধন আৰু স্নেহ চিহ্নিত কৰা এই ৰাখী উৎসৱ সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে আৰু উৎসাহেৰে উদযাপন কৰা হৈছে । এই উপলক্ষে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত স্কুলীয়া ছাত্ৰীসকলে চিআৰপিএফ জোৱানসকলক ৰাখী পিন্ধায় । উপত্যকাটোৰ চাম্বা জিলাত বিএছএফ জোৱানসকলে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাখীবন্ধন উদযাপন কৰা বুলি এএনআইৰ এক প্ৰতিবেদনত প্ৰকাশ ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰতিবছৰৰ দৰে ভাতৃ-ভগ্নীসকলে মৰমেৰে উদযাপন কৰা ৰাখীবন্ধন উৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক :73 rd birthday of PM Modi : 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভৰি দিব 73 বছৰত, 16 দিনীয়াকৈ আয়োজন কৰিছে সেৱা পষেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.