ETV Bharat / bharat

Tillu killed in Tihar jail : ৰোহিনী আদালতৰ গুলীচালনাকাণ্ডৰ মূল অভিযুক্ত টিল্লুৰ মৃত্যু - ৰোহিনী আদালতৰ গুলীচালনাকাণ্ডৰ মূল অভিযুক্তৰ টিল্লু

দিল্লী ৰোহিনী আদালতৰ গুলীচালনাকাণ্ডৰ মূল অভিযুক্ত গেংষ্টাৰ টিল্লু তাজপুৰীয়াৰ মৃত্যু তিহাৰ জেলত ৷ তিহাৰ কাৰাগাৰৰ ভিতৰত প্ৰতিদ্বন্দ্বী গেং সদস্যৰ সৈতে সংঘৰ্ষত নিহত হয় গেংষ্টাৰ টিল্লু তাজপুৰীয়া (Tillu Tajpuriya killed in Tihar) ।

Tillu Tajpuriya killed in Tihar
ৰোহিনী আদালতৰ গুলীচালনা কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু
author img

By

Published : May 2, 2023, 12:57 PM IST

Updated : May 2, 2023, 1:29 PM IST

নেশ্যনেল ডেস্ক, 2 মে’ : দিল্লীৰ ৰোহিনী আদালতৰ গুলীচালনাৰ গোচৰৰ অভিযুক্ত গেংষ্টাৰ টিল্লু তাজপুৰীয়া মঙলবাৰৰ পুৱা তিহাৰ জেলত মৃত্যু ঘটে বুলি জানিবলৈ পৰা গৈছে ৷ প্ৰতিদ্বন্দ্বী গেং সদস্য যোগেশ টুণ্ডা আৰু অন্যান্য কয়দীৰ আক্ৰমণত টিল্লু নিহত হোৱা বুলি কাৰাগাৰৰ বিষয়াসকলে জানিবলৈ দিয়ে । এই আক্ৰমণৰ পিচতে টিল্লুক ততাতৈয়াকৈ দিল্লীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতেই তেওঁক মৃত ঘোষণা কৰা হয় (Tillu Tajpuriya killed in Tihar)।

তিহাৰ জেলৰ বিষয়াসকলৰ মতে, ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । পশ্চিম জিলাৰ অতিৰিক্ত ডিচিপি অক্ষত কৌশলে মঙলবাৰে পুৱা 7 বজাত দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ তিহাৰ কাৰাগাৰৰ পৰা দুজন আণ্ডাৰট্ৰাইল কাৰাবন্দী অহাৰ বিষয়ে অৱগত কৰে ৷ ডিচিপিগৰাকীয়ে আৰু কয় যে তেওঁলোকৰ এজনক অচেতন অৱস্থাত অনা হৈছিল আৰু আহি পোৱাৰ লগে লগে মৃত ঘোষণা কৰা হৈছিল । তেওঁক সুনীল ওৰফে টিলু বুলি চিনাক্ত কৰা হৈছে । আন এজন কয়দী ৰোহিতকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান বিপদ সীমাৰ বাহিৰত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিবলৈ দিয়ে (accused in Rohini court shootout case killed) ।

উল্লেখ্য যে, ৰোহিনী আদালতৰ গুলীচালনাৰ গোচৰত টিল্লু তাজপুৰীয়া প্ৰধান অভিযুক্ত হিচাবে চিনাক্ত হৈছিল । 2021 চনত উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিনী আদালতৰ 207 নম্বৰ কোঠাত হোৱা গুলীচালনাৰ ঘটনাত গেংষ্টাৰ জিতেন্দৰ মান ওৰফে গগী আৰু আন দুজন লোক নিহত হৈছিল (Rohini court shootout case)।

কেইবাটাও অপৰাধমূলক গোচৰৰ সৈতে জড়িত গগী তিহাৰত কাৰাগাৰত বন্দী হৈছিল আৰু 2021 চনত গগীক আদালতত হাজিৰ কৰা হৈছিল ৷ সেই সময়তে অধিবক্তাৰ বেশত অহা এটা গোটে আদালত চৌহদত প্ৰৱেশ কৰিছিল, আৰু গগীক গুলীচালনা কৰিছিল । দিল্লী আৰক্ষীৰ কাউণ্টাৰ ইণ্টেলিজেন্স টিমেও গুলীচালনা কৰে । এই গুলীচালনাৰ ঘটনাত দুজন নিহত হয় ।

ইয়াৰ পূৰ্বে 2021 চনত টিল্লু তাজপুৰীয়াক আক্ৰমণৰ এক পৰিকল্পনা যুগুত কৰিছিল একাংশ গেংষ্টাৰে । কিন্তু দিল্লী আৰক্ষীয়ে মোহিত, সাগৰ, হৰ্ষ আৰু সুমিত নামৰ চাৰিটা গেংষ্টাৰক গ্ৰেপ্তাৰ কৰি আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হয় । চিনাক্ত হোৱা গেংষ্টাৰকেইটা গগী, অশোক প্ৰধান আৰু লৰেন্স বিষ্ণইৰ গেঙৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Gambling Racket In Thailand : জুৱা খেলি থাইলেণ্ডত আটক ভাৰতীয় জুৱাৰী

Last Updated : May 2, 2023, 1:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.