ETV Bharat / bharat

দিল্লীত ৰাজহুৱা স্থানত মূৰ্তি বিসৰ্জনত নিষেধাজ্ঞা

author img

By

Published : Oct 14, 2021, 7:33 PM IST

ৰাজহুৱা স্থানত মূৰ্তি বিসৰ্জনত Delhi Pollution Control Panel ৰ নিষেধাজ্ঞা ৷ জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে দিল্লীৰ যিকোনো জলাশয়ত মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ নিস্কাশনৰ বাবে সুবিধাজনক হোৱাকৈ মূৰ্তি বিসৰ্জনৰ পূৰ্বে সকলো ধৰণৰ সজোৱা সামগ্ৰী তথা উপাসনা সামগ্ৰী আদি আঁতৰ কৰাৰ বাবেও সমিতিয়ে নিৰ্দেশ দিছে ৷

Durga Puja
দুৰ্গা পূজা

নেশ্যনেল ডেস্ক , 14 অক্টোবৰ : জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ আগেয়ে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ(Delhi Pollution Control Committee) বিশেষ নিৰ্দেশনা জাৰি ৷ জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে দিল্লীৰ যিকোনো জলাশয়ত মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ ইয়াৰ বিপৰীতে মূৰ্তিসমূহক ঘৰৰ চৌহদৰ ভিতৰত যিকোনো পাত্ৰত বিসৰ্জন দিয়াৰ বাবে সাধাৰণ ৰাইজৰ লগতে পূজা কমিটীসমূহক প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে আহ্বান জনাইছে ৷

সমিতিয়ে কয় যে, যমুনা নদী বা আন কোনো জলাশয়/ৰাজহুৱা স্থান/পুখুৰী আৰু ঘাটকে ধৰি কোনো ৰাজহুৱা স্থানত মূৰ্তি বিসৰ্জনৰ অনুমতি দিয়া নহ'ব ৷ নিৰ্দেশটোত উল্লেখ থকা অনুসৰি, ৰাজহুৱা স্থানত মূৰ্তি বিসৰ্জন দিলে 50,000 টকাৰ জৰিমনা আৰোপ কৰা হ'ব ৷ নিৰ্দেশটোত লগতে এইবুলিও কোৱা হৈছে যে, নদী, হ্ৰদ, পুখুৰী আৰু কুঁৱা আদিত মূৰ্তি বিসৰ্জন কৰাৰ ফলত সেইসমূহ প্ৰদূষিত হৈছে কিয়নো মূৰ্তি তৈয়াৰ কৰাত ব্যৱহৃত বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰে জলাশয়বোৰ প্ৰদূষিত কৰি আহিছে ৷

নিৰ্দেশটোত কোৱা হৈছে যে, মূৰ্তি বিসৰ্জনৰ পূৰ্বে সকলো ধৰণৰ সজোৱা সামগ্ৰী তথা উপাসনা সামগ্ৰী আদি আঁতৰ কৰিব লাগে যাতে নিস্কাশনৰ বাবে সেই সামগ্ৰীসমূহ পৃথকে সংগ্ৰহ কৰাত সুবিধা হয় ৷

লগতে পঢ়ক : পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.