ETV Bharat / bharat

Bulli Bai App controversy : অসমত গ্ৰেপ্তাৰ মূল খলনায়ক

author img

By

Published : Jan 6, 2022, 5:26 PM IST

মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সন্মান হানি কৰা বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈ( Bulli Bai App creaotor Neeraj Bishnoi)ক যোৰহাটৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিছে ৷ এই এপৰ সৈতে জড়িত থকাৰ অভিযোগত বিভিন্ন জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ সবিশেষ জানো আহক ৷

delhi-polices-special-cell-arrested-bulli-bai-app-creator-from-assam
Bulli Bai App ৰ জৰিয়তে মুছলমান মহিলাৰ শ্লীলতা হানি কৰি ৰঙাঘৰৰ আলহী ইজনৰ পিছত সিজন

যোৰহাট, 6 জানুৱাৰী : দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপটোৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে (main culprit of bulli bai app arrested) ।

ধৃত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীজন নীৰজ বিষ্ণৈ বুলি আৰক্ষীয়ে জনাইছে । বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈ (Bulli Bai App creaotor Neeraj Bishnoi)ক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ নিয়ে । উল্লেখ্য যে, দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই এপটো ইতিমধ্যে চৰকাৰে বন্ধ কৰিছে । এই এপটোৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সন্মান হানি কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল । এই সন্দৰ্ভত দেশৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।

মন কৰিব লগীয়া যে, ইতিমধ্যে দেশৰ বহুসংখ্যক মহিলাক জালত পেলোৱা হৈছিল এই এপটোৰ জৰিয়তে । ঘটনা সন্দৰ্ভত মুম্বাইত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক । বাগাংলুৰুতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ২১ বছৰীয়া ছাত্ৰক । এই ঘটনা সন্দৰ্ভত দিল্লী, মুম্বাই আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

ধৃত নীৰজ বিষ্ণৈ ভেল্লৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ বি–টেকৰ ছাত্ৰ । এপটোৰ জড়িয়তে মুছলিম মহিলাৰ ফটো নিলাম কৰিছিল এটা গ্ৰুপে ৷ এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে লাভ কৰা এক এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ৷ মুম্বাইতো ৰুজু কৰা হৈছিল গোচৰ ৷ অৱশেষত বৃহস্পতিবাৰে যোৰহাটৰ দিগম্বৰ চুকৰ নিজা ঘৰৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিছে নীৰজ বিষ্ণৈক ৷ এই সন্দৰ্ভত ১৫৩(এ)/১৫৩(বি)/২৯৫((এ)/৩৫৪(ডি)/৫০৯(ডি) ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ৷ সম্প্ৰতি এই ঘটনাকলৈ সমগ্ৰ দেশ জুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য ৷

লগতে পঢ়ক : Anti drugs mission in Darrang : দৰং আৰক্ষীয়ে জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.