ETV Bharat / bharat

ৰাজধানী দিল্লীত পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ - delhi police Special Cell investigation

দিল্লীত পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ । ৰাজধানী চহৰখনত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাত জড়িত হৈ আছিল সন্ত্ৰাসবাদীজন । সোমবাৰে নিশা দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে মহম্মদ আশ্ৰফ নামৰ সন্ত্ৰাসবাদীজনক ।

delhi police Special Cell arrested Pakistani terrorist
দিল্লীত পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ
author img

By

Published : Oct 12, 2021, 12:05 PM IST

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ কু-অভিসন্ধি । দিল্লী আৰক্ষীৰ জালত পৰিল মহম্মদ আশ্ৰফ ওৰফে আলী নামৰ এজন সন্ত্ৰাসবাদী । সোমবাৰে নিশা দিল্লীৰ লক্ষ্মীনগৰৰ পৰা দিল্লী আৰক্ষীৰ বিশেষ শাখাই মহম্মদ আশ্ৰফক গ্ৰেপ্তাৰ কৰে । তদন্তকাৰী বিষয়াই জনোৱা মতে, আই এছ আইৰ নিৰ্দেশতে সন্ত্ৰাসবাদীজনে আক্ৰমণৰ পৰিকল্পনা কৰি আছিল ।

সন্ত্ৰাসবাদীজনৰ পৰা আৰক্ষীয়ে অত্যাধুনিক মাৰণাস্ত্ৰ, এ কে-৪৭ আৰু গ্ৰেণেড জব্দ কৰে । বৰ্তমান আৰক্ষীৰ বিশেষ শাখাৰ দলটোৱে মহম্মদ আশ্ৰফক জেৰা অব্যাহত ৰাখিছে । মহম্মদ আশ্ৰফ পাকিস্তানৰ পঞ্জাৱৰ পৰা আহিছে । দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে দিল্লী আৰক্ষীয়ে ৰাজধানী চহৰখনত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা জাৰি কৰিছিল । দিল্লীৰ আৰক্ষী আয়ুক্তই সকলো জিলা আৰক্ষী, বিশেষ শাখা আৰু অপৰাধ শাখাক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছিল । আৰক্ষীৰ দলটোৱে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে সন্দেহযুক্ত সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীজন নেপাল হৈ ভাৰতত প্ৰৱেশ কৰি দিল্লীলৈ আহিছিল । আৰক্ষীয়ে সন্দেহ কৰিছে যে, সন্ত্ৰাসবাদীজনে উৎসৱৰ বতৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল । আৰক্ষীৰ বিশেষ শাখাৰ ডিচিপি প্ৰমোদ কুশৱাহাৰ মতে, মহম্মদ আশ্ৰফ ওৰফে আলী পাকিস্তানৰ পঞ্জাৱৰ বাসিন্দা । ভুৱা পৰিচয়েৰে ভাৰতত আছিল আশ্ৰফ ।

শাস্ত্ৰী নগৰৰ আলী আহমেদ নুৰীৰ নামত এখন ভুৱা পৰিচয় পত্ৰ উলিয়াইছিল সন্ত্ৰাসবাদীজনে । আৰক্ষীয়ে যোৱা ৮ অক্টোবৰত দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল । আৰক্ষীয়ে তেওঁৰ পৰা ভুৱা পৰিচয় পৰিচয়, দুটা ম’বাইল ফোন, এটা এ কে-৪৭ আৰু ৬০ টা গুলী জব্দ কৰে । আশ্ৰফে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত তালাচী চলাই কালিন্দী কুঞ্জ ঘাটৰ পৰা এটা হেণ্ড গ্ৰেণেড, দুটা পিষ্টল আৰু ৫০ টা কাৰ্টিজ জব্দ কৰে আৰক্ষীয়ে ।

তদুপৰি এখন ভাৰতীয় পাছপ’ৰ্ট জব্দ কৰিছে আৰক্ষীয়ে । ডিচিপি প্ৰমোদ কুশৱাহাই জনোৱা মতে, মহম্মদ আশ্ৰফক ইউ এ পি এ আইন, বিস্ফোৰক আইন, অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লীত আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনাত ভাৰতত কোন লোকে আশ্ৰফক সহায় কৰিছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এনকাউণ্টাৰ সমাপ্ত, ৩ সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.