ETV Bharat / bharat

সন্ত্ৰাসবাদী সন্দেহত আটক কৰা ৩ যুৱকক মুকলি দিল্লী আৰক্ষীৰ

দেশত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা দুই সন্ত্ৰাসবাদীসহ সন্দেহজনক ৬ জন লোকক দিল্লী আৰক্ষীৰ বিশেষ শাখাই মঙলবাৰে আটক কৰিছিল । কিন্তু তাৰ ভিতৰত তিনিজনৰ বিৰুদ্ধে কোনো তথ্য লাভ নকৰিলে আৰক্ষীয়ে । যাৰ বাবে তেওঁলোকক মুকলি কৰি দিয়ে ৷

author img

By

Published : Sep 16, 2021, 10:42 AM IST

Delhi police releases three suspects
সন্ত্ৰাসবাদীৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি কৰিলে দিল্লী আৰক্ষীয়ে

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ দিল্লী আৰক্ষীৰ বিশেষ কোষে (Special cell) দেশৰ ভিন্ন প্ৰান্তৰ পৰা দুজন সন্ত্ৰাসবাদীসহ প্ৰায় ৬ জন লোকক আটক কৰিছিল । গ্ৰেপ্তাৰ কৰা সন্দেহজনক লোকসকলে সমগ্ৰ দেশতে হত্যা আৰু বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল । গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা বিস্ফোৰক সামগ্ৰী আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।

সন্দেহযুক্ত চাৰিজন লোকক জান মহম্মদ আলী শ্বেখ, জিশান কামাৰ, ওছামা আৰু মহম্মদ আবু বাকাৰ বুলি চিনাক্ত কৰা হৈছিল । ইয়াৰ পাছতে আটাইকেইজনকে জেৰা কৰিছিল আৰক্ষীয়ে । অৱশেষত জেৰাৰ অন্তত তিনিজন সন্দেহজনক সন্ত্ৰাসবাদীক মুকলি কৰি দিয়ে আৰক্ষীয়ে ।

সন্ত্ৰাসবাদীৰ সন্দেহত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱক তিনিজনক জেৰাৰ অন্তত মুকলি কৰি দিয়া হয় । তেওঁলোকক উত্তৰ প্ৰদেশৰ এটিএছৰ (ATS) এটা দলে আটক কৰি দিল্লী আৰক্ষীৰ বিশেষ শাখাক গতাই দিছিল । আৰক্ষীয়ে প্ৰাথমিক জেৰাত তিনিওজনৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ নকৰিলে । আৰক্ষীয়ে জনোৱা মতে ইমতিয়াজ আৰু মহম্মদ জলিলৰ বিৰুদ্ধে কোনো তথ্য পোৱা নাই, যাৰ বাবে তেওঁলোকক মুকলি কৰি দিয়া হৈছে ।

পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল । অৱশ্যে বাকী কেইজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধৃত লোক কেইজনৰ দুজনে পাকিস্তানত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লৈ আহিছিল । তেওঁলোকৰ পৰা আৰক্ষীয়ে ইতিমধ্যে বিদেশী অস্ত্ৰও উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.