ETV Bharat / bharat

Rohini court blast case : দিল্লী আৰক্ষীয়ে আটক কৰিলে এগৰাকী বিজ্ঞানীসহ ৪ জনক - Rohini court blast case

অৱশেষত ফাদিল হ'ল দিল্লীৰ ৰোহিনী আদালতৰ বিস্ফোৰণৰ ৰহস্য (Rohini court blast case exposed)। আৰক্ষীৰ বিশেষ কোষে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিলে এগৰাকী বিজ্ঞানীক । কিন্তু কিহৰ বাবে এই অপৰাধৰ পথ লৈছিল বিজ্ঞানীজনে ?

Rohini court blast case
ঘটনা সন্দৰ্ভত এগৰাকী বিজ্ঞানীসহ ৪ জনক আটক
author img

By

Published : Dec 18, 2021, 1:20 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : দিল্লীৰ ৰোহিনী আদালতৰ বিস্ফোৰণৰ ঘটনাৰ ৰহস্য ফাদিল (Rohini court blast case exposed)। এই ঘটনাৰ তদন্ত অব্যাহত ৰখা দিল্লী আৰক্ষীৰ বিশেষ কোষে অৱশেষত গ্ৰেপ্তাৰ কৰিলে ঘটনাৰ মূল অভিযুক্তক । অভিযুক্তজন এগৰাকী বিজ্ঞানী বুলি জানিব পৰা গৈছে (Scientist involved in Rohini court blast arrested)। অভিযুক্ত অশোক বিহাৰৰ বাসিন্দা ।

ঘটনা সন্দৰ্ভত বিজ্ঞানীজনৰ লগতে আন তিনিজন লোককো আটক কৰিছে আৰক্ষীয়ে (Four arrested in Rohini court blast case)। আৰক্ষীয়ে বৰ্তমান তেওঁলোকক জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে অভিযুক্ত বিজ্ঞানীজনে চুবুৰীয়াক হত্যাৰ বাবে বোমাটো আদালতত ৰাখিছিল ।

সূত্ৰৰ মতে, বিস্ফোৰণৰ পাছতে ১০০ তকৈও অধিক চিচিটিভি ফুটেজ নিৰীক্ষণ কৰা হৈছিল । ফুটেজত এজন সন্দেহজনক লোকক দেখা পোৱা গৈছিল । সেই দিনটোত আদালতত হাজিৰ হোৱা এজন ব্যক্তিয়ে অভিযুক্তজনক চিনাক্ত কৰিছিল । লোকজনে অভিযুক্তজনক তেওঁৰ চুবুৰীয়া বুলি কৈছিল । আৰক্ষীয়ে তেতিয়া অভিযুক্ত বিজ্ঞানীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে বোমাটো তেওঁ নিজে প্ৰস্তুত কৰিছিল ।

উল্লেখ্য যে, যোৱা ৯ ডিচেম্বৰত দিল্লীৰ ৰোহিনী আদালতত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । আদালতৰ ১০২ নং কোঠাত সংঘটিত বোমা বিস্ফোৰণত এগৰাকী লোক আহত হৈছিল । প্ৰাথমিক অনুসন্ধানত এয়া লেপটপৰ বেটাৰী বিস্ফোৰণ বুলি কোৱা হৈছিল যদিও পাছত এইটো বোমা বিস্ফোৰণ বুলি নিশ্চিত কৰা হৈছিল ।

আদালতৰ ভিতৰত এটা টিফিনত ৰখা হৈছিল বোমাটো । আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি বিশেষ কোষক তদন্তৰ দায়িত্ব দিছিল ।

লগতে পঢ়ক : SBI ৰ ১৬৯ কোটি লৈ পলাই গ’ল নায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.