ETV Bharat / bharat

Delhi police arrested high profile gamblers:মহিলাসহ 29 হাই প্ৰফাইল জুৱাৰীক গ্ৰেপ্তাৰ - Happy diwali 2022

দিপাৱলীৰ উছাহৰ মাজতে একাংশ জুৱাৰীৰ ৰামৰাজ্য চলিছে বিলাসী হোটেলত (Delhi police arrested high profile gamblers) ৷ দিল্লী আৰক্ষীয়ে এখন বিলাসী হোটেলত অভিযান চলাই মহিলাসহ 29 টা হাই প্ৰফাইল জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

DELHI POLICE CAUGHT HIGH PROFILE GAMBLERS 29 PEOPLE INCLUDING 7 WOMEN ARRESTED
Delhi police arrested high profile gamblers:মহিলাসহ 29 হাই প্ৰফাইল জুৱাৰীক গ্ৰেপ্তাৰ
author img

By

Published : Oct 24, 2022, 7:24 PM IST

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: আজি পোহৰৰ উৎসৱ দিপাৱলী (Happy diwali 2022) ৷ দিপাৱলীৰ উছাহৰ মাজতে একাংশ জুৱাৰীৰ ৰামৰাজ্য চলিছে বিলাসী হোটেলত (Delhi police arrested high profile gamblers) ৷ দিল্লী আৰক্ষীয়ে এখন বিলাসী হোটেলত অভিযান চলাই মহিলাসহ 29 টা হাই প্ৰফাইল জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ঘটনা অনুসৰি ক্লাৱ ৰোডৰ হোটেল চিটি ৱেষ্ট এণ্ড নামৰ এখন বিলাসী হোটেলৰ বেংকুৱেট হলত যোৱা কেইবাদিন ধৰি একাংশ সম্ভ্ৰান্ত পৰিয়ালৰ লোকে জুৱা খেলি থকাৰ এক তথ্য লাভ কৰিছিল দিল্লী আৰক্ষীয়ে (Delhi police arrested 29 gamblers) ৷ তাৰপিছৰে পৰা আৰক্ষীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছিল ৷ কিন্তু হাতে লোটে জুৱাৰী গেংটোক আটক কৰিবলৈ পৰা নাছিল ৷ অৱশেষত সোমবাৰে দিল্লী আৰক্ষীয়ে 7 গৰাকী মহিলাসহ 29 টা কৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত জুৱাৰীকেইটা দিল্লীৰ ৰাজৌৰী গাৰ্ডেন, পাঞ্জাৱী বাগ, মডেল টাউন, ৰাজধানী এনক্লেভ, অশোক বিহাৰ, কীৰ্তি নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ মহিলাকেইগৰাকীয়ে স্বামীৰ লগত জুৱা খেলিবলৈ গৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি এই বৃহৎ জুৱাৰী চক্ৰটোত বিলাসী হোটেলখনৰ স্বত্বাধিকাৰী আৰু মেনেজাৰজনো জড়িত হৈ আছে ৷ জুৱা খেলাৰ নামত প্ৰতিগৰাকী লোকৰ পৰা 2500 টকাকৈ উৎকোচ চলাই আছিল এই জুৱাৰ চক্ৰটো ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা 10 বাণ্ডল তাচ উদ্ধাৰ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে হোটেলখনৰ স্বত্বাধিকাৰী আৰু মেনেজাৰজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰিছে ৷ হোটেলখনত তালাচী অভিযান এতিয়াও অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে ৷

আনহাতে একেদিনাই ৰাজধানী চহৰত পাঞ্জাৱী বাগ আৰু ৰাজৌৰী গাৰ্ডেন আৰক্ষী থানা অঞ্চলৰ দুখন ৰেষ্টোৰাত স্থানীয় আৰক্ষীৰ সৈতে আবকাৰী বিভাগে তালাচী চলায় । ৰেষ্টুৰেণ্টখনত অবৈধভাৱে সুৰা পৰিৱেশন কৰাৰ বিষয়ে তথ্য লাভ কৰিছিল আবকাৰী বিভাগে ৷ আৰক্ষীয়ে ৰেষ্টোৰা দুখনৰ পৰা অনুজ্ঞাপত্ৰ অবিহনে সুৰা বিক্ৰী কৰা 230 বটল দামী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: Girl attack by Youth in Biswanath : বিশ্বনাথত প্ৰাক্তন প্ৰেমিকাক উপৰ্যুপৰি প্ৰহাৰ কৰিলে যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.