ETV Bharat / bharat

ISIS terrorists arrested: অভিযন্তা বৃত্তিধাৰী ISIS সন্ত্ৰাসবাদীক দিল্লীত গ্ৰেপ্তাৰ; মূৰৰ দাম আছিল তিনি লাখ - ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা

দেশৰ ৰাজধানী দিল্লীত ISIS সন্ত্ৰাসবাদীৰ আত্মগোপন ৷ দিল্লী আৰক্ষীৰ জালত পৰিছে NIAই ম’ষ্ট ৱান্টেড ঘোষণা কৰা সন্ত্ৰাসবাদী শ্বাহনৱাজ ৷

ISIS terrorists arrested
Delhi Police arrested terrorist Shahnawaz
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:51 PM IST

নিউজ ডেস্ক, 2 অক্টোবৰ: দিল্লী আৰক্ষীৰ জালত পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ দ্বাৰা ‘ম’ষ্ট ৱান্টেড’ ঘোষণা কৰা আতংকবাদী শ্বাহনৱাজ ওৰফে শ্বৌফী উজ্জমা ৷ শ্বাহনৱাজ মূৰৰ দাম তিনি লাখ টকা ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ৷ পুণে কাণ্ডৰ পিচৰ পৰা পলাতক হৈ থকা শ্বাহনৱাজ দিল্লীৰ বাসিন্দা আছিল ৷ তেওঁ পেশাত আছিল এজন অভিযন্তা ৷ পুণে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি তেওঁ দিল্লীত বাহৰ পাতিছিল ৷ দিল্লীতেই তেওঁ পৰিকল্পনা কৰিছিল এক বৃহৎ সন্ত্ৰাসবাদী কূটাঘাতৰ ৷

  • Delhi Police Special Cell arrests NIA's most wanted terrorist Shahnawaz alias Shafi Uzzama. NIA had placed a reward of Rs 3 lakhs on the arrested terrorist Shahnawaz, he was wanted in the Pune ISIS case. Shahnawaz, an engineer by profession, is a resident of Delhi, had escaped…

    — ANI (@ANI) October 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে, কিছুদিন পূৰ্বে দেশৰ ৰাজধানী দিল্লীত তিনিটাকৈ আই এছ আই এছ সন্ত্ৰাসবাদীৰ আত্মগোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ যোৱা মাহত NIAই 4 টা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছিল ৷ সেই চাৰি সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ভিতৰত আছিল শ্বাহনৱাজৰ ফটো ৷ তাৰ পাচতেই সন্ত্ৰাসবাদীৰ সন্ধানত আৰম্ভ কৰা হৈছিল অভিযান ৷ এই অভিযানৰ মাজতে সোমবাৰে আৰক্ষীৰ জালত পৰে শ্বাহনৱাজ ৷ বিশেষ তদন্তকাৰী কোষে শ্বাহনৱাজক জেৰা চলোৱাৰ পিচত তিনি-চাৰিজন সন্দেহৰ ভিত্তিত সোধা-পোছাৰ বাবে আটক কৰিছে ৷ ইয়াৰে এটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক দিল্লীৰ বাহিৰৰ পৰা আটক কৰা হৈছে ৷ বৰ্তমানলৈকে তিনিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷

বিশ্বৰ অতি নৃশংস সন্ত্ৰাসবাদী সংগঠন ISIS:

ISIS ৰ নাম আমি প্ৰায় সকলোৱেই শুনিছোঁ ৷ ISIS ৰ সম্পূৰ্ণ নাম হৈছে ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া ৷ 2013 চনত এই সংগঠনটোৱে আত্মপ্ৰকাশ কৰিছিল ৷ এই সন্ত্ৰাসবাদী সংগঠনটোক বিশ্বৰ ভিতৰতে অতি নৃশংস আৰু ধনী সংগঠন হিচাপে গণ্য কৰা হয় ৷ এই সংগঠনৰ বাজেট হৈছে দুই মিলিয়ন ডলাৰ ৷ 2014 চনত ISIS ৰ মুৰব্বী আবু বক্কৰ আল বাগদাদীক বিশ্বৰ সকলো মুছলমানৰ খালিফা ঘোষণা কৰা হৈছিল ৷ ইৰাক আৰু চিৰিয়াৰ বৃহৎ অংশ এই সন্ত্ৰাসবাদী সংগঠনৰ দখলত আছে ৷ এইসমূহ স্থানত সন্ত্ৰাসবাদী সংগঠনৰ পুৰণি ইছলামী আইন এতিয়াও প্ৰচলিত হৈ আছে ৷

লগতে পঢ়ক: NIA raids against Naxal: মাওবাদী নেতাক বিচাৰি মানৱাধিকাৰ কৰ্মীৰ ঘৰত নিয়াৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.