ETV Bharat / bharat

দিল্লী আৰক্ষীয়ে ক'ভিড ৰোগীৰ বাবে যোগান ধৰিলে অক্সিজেন - মহামাৰী ক'ৰণা

দেশৰ কেইবাখনো ৰাজ্যৰ লগতে গুৰুত্বপূৰ্ণ চহৰতো ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী পৰিস্থিতিয়ে ৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, মধ্যপ্ৰদেশ শীৰ্ষত থকাৰ সময়তে ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাও দেখা গৈছে বহু হাস্পতালত ৷ মধ্য প্ৰদেশৰ হাস্পতালত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ পাচতে অনুৰূপ দিশে গতি কৰিছে ৰাজধানী চহৰ দিল্লী ৷

দিল্লী আৰক্ষীৰ মহানুভৱতা, ক'ভিড ৰোগীৰ বাবে যোগান ধৰিলে অক্সিজেন

author img

By

Published : Apr 19, 2021, 10:10 AM IST

নেশ্যনেল ডেস্ক,19 এপ্ৰিল : সমগ্ৰ দেশতে পুনৰ সংহাৰী ধাৰণ কৰিছে মহামাৰী ক'ৰণাই ৷ দেশৰ কেইবাখনো ৰাজ্যৰ লগতে গুৰুত্বপূৰ্ণ চহৰত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী পৰিস্থিতিয়ে ৷ তাৰ ভিতৰত গুজৰাট, মহাৰাষ্ট্ৰ, দিল্লী, মধ্যপ্ৰদেশ শীৰ্ষত থকাৰ সময়তে ক'ভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাও দেখা গৈছে বহু হাস্পতালত ৷ মধ্য প্ৰদেশৰ হাস্পতালত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ পাচতে অনুৰূপ দিশে গতি কৰিছে ৰাজধানী চহৰ দিল্লী ৷

দেওবাৰে মানসা ৰাম চিকিৎসালয়ত ক'ভিড ৰোগীৰ বাবে অভাৱ হয় অক্সিজেনৰ ৷ চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা মুঠ 35 জন ক'ভিড ৰোগীৰ বাবে প্ৰয়োজন হৈছিল অক্সিজেনৰ ৷ কিন্তু চিকিৎসালয়খনত মজুত থকা অক্সিজেন ৰোগী সকলৰ বাবে পৰ্যাপ্ত নাছিল ৷ উপায়ন্তৰ হৈ চিকিৎসালয় কৰ্তৃপক্ষই দিল্লী আৰক্ষীৰ লগত যোগাযোগ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷ নিশা প্ৰায় 1.30 মিনিট মান বজাত চিকিৎসালয়খনৰ সঞ্চালক গৰাকীয়ে ফোন যোগে আৰক্ষীৰ সহায় বিচাৰিছিল ৷ ৰোগী সকলক জীয়াই ৰখাৰ বাবে কাতৰ অনুৰোধ কৰি জনাইছিল যে চিকিৎসালয় খনত থকা অক্সিজেনেৰে মাত্ৰ এঘন্টা মানহে চলিব ৷

ইফালে, চিকিৎসালয়খনৰ সঞ্চালক ডাঃ ৰবীন্দ্ৰ দাবাছে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰি কয় যে, অক্সিজেনৰ অভাৱৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ কৰা হৈছিল যদিও কোনো সহাঁৰি নাপালে ৷ ৰোগীসকলৰ জটীল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সঞ্চালকগৰাকীয়ে নিহাল বিহাৰ আৰক্ষী থানাৰ লগত যোগাযোগ কৰে ৷ তাৰ পাচতে অতিৰিক্ত আৰক্ষী উপায়ুক্ত সুধাংশু ধামাই কেইবাজনো বিষয়াৰ সৈতে যোগাযোগ কৰি ৰোগী সকলৰ বাবে তাৎক্ষণিকভাৱে 20 টা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰে ৷

লগতে পঢ়ক: মধ্য প্ৰদেশত অক্সিজেনৰ অভাৱত মৃত্যু ১২ গৰাকী ক'ভিড ৰোগীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.