ETV Bharat / bharat

Delhi air quality : ২৭ নৱেম্বৰৰ পাচত উন্নত হ'ব দিল্লী-এনচিআৰৰ বায়ুৰ গুণগত মান

ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী-এনচিআৰ(Pollution level in Delhi-NCR) । চৌদিশে কেৱল ধোঁৱাময় পৰিৱেশ । বৃহস্পতিবাৰে আৰু শুকুৰবাৰে ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান 'অতি দুৰ্বল' শ্ৰেণীতে থাকিব বুলি আগজাননী দিয়া হৈছে(Delhi AQI in very poor category) । ২৭ নৱেম্বৰৰ পৰা বায়ুৰ গুণগত মান উন্নত হোৱাৰ সম্ভাৱনা আছে ।

author img

By

Published : Nov 25, 2021, 9:02 PM IST

Delhi air quality to further improve after Nov 27
২৭ নৱেম্বৰৰ পাচত উন্নত হ'ব দিল্লীৰ বায়ুৰ গুণগত মান

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : যানবাহনৰ পৰা নিৰ্গত ধোঁৱা, কাষৰীয়া অঞ্চলৰ খেতিপথাৰত শস্য জ্বলাই দিয়াৰ ফলত হোৱা প্ৰদূষণে প্ৰতি দিনে হাৰাশাস্তি ভোগাই আহিছে দিল্লীবাসীক । প্ৰদূষিত বায়ু সেৱন কৰি ইতিমধ্যে ৰাজধানী চহৰখনৰ বহু লোক, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । কিন্তু দিল্লীত প্ৰদূষণ হ্ৰাস কৰাৰ কোনো স্থায়ী সমাধান এতিয়াও নাই(Delhi air pollution issue) । বিগত কেইবাদিনো প্ৰদূষণৰ বাবে দিল্লী-এনচিআৰৰ বায়ুৰ গুণগত মানৰ অৱনতি হোৱা দেখা গৈছে(Delhi AQI in very poor category) ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে চিষ্টেম অৱ এয়াৰ কোৱালিটী এণ্ড ৱেদাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চে প্ৰকাশ কৰা এক তথ্যই আশাৰ বতৰা কঢ়িয়াই আনিছে দিল্লীবাসীলৈ । চিষ্টেম অৱ এয়াৰ কোৱালিটী এণ্ড ৱেদাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চৰ তথ্য অনুসৰি, ২৭ নৱেম্বৰৰ পৰা বায়ুৰ গুণগত মান উন্নত হোৱাৰ সম্ভাৱনা আছে । লগতে বৃহস্পতিবাৰে আৰু শুকুৰবাৰে ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান 'অতি দুৰ্বল' শ্ৰেণীতে থাকিব বুলি আগজাননী দিয়া হৈছে(Air quality in Delhi-NCR) । এই তথ্য অনুসৰি, পিএম 2.5 হৈছে মুখ্য প্ৰদূষক ।

পৰৱৰ্তী তিনি দিনৰ বাবে স্থানীয় পৃষ্ঠৰ বতাহ তুলনামূলকভাৱে কম হৈ থাকিব ফলত প্ৰদূষকৰ বিচ্ছুৰণ হ্ৰাস পাব । সেয়ে, বায়ুৰ মান উন্নত নহ'ব । কিন্তু ২৭ নৱেম্বৰত, স্থানীয় পৃষ্ঠৰ বতাহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে, বায়ুৰ মান উন্নত হোৱাৰো সম্ভাৱনা প্ৰকট হৈছে ।

তেতিয়াও কিন্তু বায়ুৰ মান অতি দুৰ্বল শ্ৰেণীৰ ভিতৰতে থাকিব বুলি ধাৰণা কৰা হৈছে । খেতিপথাৰত শস্যৰ অৱশিষ্ট জ্বলাই দিয়া ফলত হোৱা প্ৰদূষণেও যথেষ্ট প্ৰভাৱ পেলাইছে ৰাজধানীত(Delhi air pollution issue) । দিল্লীৰ পিএম ২.৫ প্ৰদূষণত ইয়াৰ অংশ হৈছে ২ শতাংশ । শীতকাল আৰম্ভ হোৱাৰ লগে লগে বায়ুৰ গুণগত মান নিৰ্ধাৰণত স্থানীয় বতৰে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

বৃহস্পতিবাৰে সামগ্ৰিকভাৱে বায়ুৰ মান ৩৩৯ । উল্লেখ্য যে, দিল্লীৰ বায়ুৰ গুণগত মান শূন্যৰ পৰা ৫০ৰ মাজত থাকিলে 'ভাল', ৫১-১০০ৰ মাজত 'সন্তোষজনক', ১০১-২০০ৰ মাজত 'মধ্যমীয়া', ২০১-৩০০ 'বেয়া', ৩০১-৪০০ 'অতি বেয়া', আৰু ৪০১-৫০০ৰ ভিতৰত থাকিলে 'জটিল অৱস্থা' বুলি গণ্য কৰা হয় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ৰাষ্ট্ৰীয় ৰাজধানীখনত এই গোটেই সপ্তাহটোতে পুৱা কুঁৱলীয়ে ঢাকি থাকিব আকাশ(India Meteorological Department's warning for Delhi) ।

লগতে পঢ়ক:Delhi Pollution : দিল্লীত পেট্ৰ’ল-ডিজেলযুক্ত বাহনৰ প্ৰৱেশ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.