নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : মঙলবাৰে পুৱা দিল্লী-এনচিআৰ অঞ্চলত ঘন কুঁৱলীৰ এক আচ্ছাদন দেখা যায় । আনহাতে, ৰাষ্ট্ৰীয় ৰাজধানীত তাপমাত্ৰা প্ৰায় ৭ ডিগ্ৰীলৈ হ্ৰাস পায় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই তথ্য জনাইছে ।
দিল্লীৰ ইণ্ডিয়া গে'ট, ছাৰাই কালে খান, এইমছ, চফদৰজং আৰু আনন্দ বিহাৰ অঞ্চলৰ পুৱা দৃশ্যত কম দৃশ্যমানতাৰ লগতে ঘন কুঁৱলীৰে আৱৰি ৰখা দেখা যায় । আনহাতে, সোমবাৰৰ মাজনিশা শীত প্ৰৱাহ তীব্ৰ হোৱাৰ লগে লগে আৱাসীসকলে ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন প্ৰান্তত নিশা নিৰাপদ আশ্ৰয়স্থলত আশ্ৰয় বিচাৰিবলগা হয় ।
আনহাতে, আইএমডিয়ে মঙলবাৰে পুৱা প্ৰকাশ কৰা উপগ্ৰহ ছবিত পঞ্জাব, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত কুঁৱলীৰ আৱৰণ দেখা গৈছে । উত্তৰ প্ৰদেশৰ মোৰাদাবাদ, কানপুৰত কুঁৱলীৰ এক ডাঠ স্তৰ দেখুওৱা হৈছে, যাৰ ফলত দৃশ্যমানতা প্ৰায় শূন্যলৈ হ্ৰাস পায় । "কুঁৱলীৰ বাবে পথত দেখা পোৱাটো কঠিন হৈ পৰে । সাধাৰণ অৱস্থাৰ বিপৰীতে এতিয়ালৈকে কোনো যাত্ৰী নাই । কম দৃশ্যমানতাৰ বাবে এই সময়ত যাত্ৰা কৰাটো বিপজ্জনক আৰু স্বাভাৱিকতকৈ অতি বেছি ঠাণ্ডা ।" মোৰাদাবাদৰ এজন ৰিক্সাচালকে কয় ।
অঞ্চলটোৰ এজন নৈশ চকীদাৰে কয় যে ঠাণ্ডা আৰু কুঁৱলীৰ বাবে নিশা কাম কৰাটো অধিক কঠিন হৈ পৰিছে । "অতিপাত ঠাণ্ডা আৰু এতিয়া কুঁৱলীৰ বাবে মই একো দেখা পোৱা নাই । মই নিশা কাম কৰোঁ আৰু এই ঠাণ্ডাৰ বাবে এই কাম কৰাটো সঁচাকৈয়ে কঠিন হৈ পৰিছে ।" চকীদাৰজনে কয় । আনহাতে, অঞ্চলটোত হাড় কপোঁৱা ঠাণ্ডাৰ বাবে মানুহে পথৰ দাঁতি আৰু গলিৰ কাষত জুই জ্বলাই তাৰ চাৰিওফালে বহি উম লোৱা দেখা যায় ।
ইফালে, দিল্লী বিমানবন্দৰৰ বিমান তথ্য প্ৰদৰ্শন ব্যৱস্থাৰ তথ্য অনুসৰি, মঙলবাৰে পুৱা ঘন কুঁৱলীৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমানকে ধৰি প্ৰায় ৩০ খন বিমানৰ আগমন আৰু প্ৰস্থান দুয়োটাতে বিলম্ব হয় । সূত্ৰ মতে, কুঁৱলীৰ পৰিস্থিতিয়ে দিনটোত অধিক সংখ্যক বিমানক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে ।
মঙলবাৰে পুৱা দিল্লী বিমানবন্দৰে জাৰি কৰা যাত্ৰীৰ বাবে পৰামৰ্শত কোৱা হৈছে, "দিল্লী বিমানবন্দৰত অৱতৰণ আৰু উৰণৰ সময়ত, চিএটি ৩ ব্যৱস্থা নথকা বিমানসমূহ প্ৰভাৱিত হ'ব পাৰে । যাত্ৰীসকলক শেহতীয়া বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট এয়াৰলাইনছৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে ।"
চিএটি-৩ ইনষ্ট্ৰুমেণ্ট লেণ্ডিং ছিষ্টেম (আইএলএছ) হৈছে কাৰিকৰীভাৱে দিল্লীৰ বিমানবন্দৰ কৰ্তৃপক্ষই আৰম্ভ কৰা কুঁৱলী-বিৰোধী অৱতৰণ ব্যৱস্থা, যাতে ৰাণৱেৰ দৃশ্যমানতা কম হ'লে অৱতৰণৰ সুবিধা হয় । আইএমডিয়ে ৰাষ্ট্ৰীয় ৰাজধানীত ঘন কুঁৱলীৰ বাবে মানুহৰ ওপৰত সম্ভাৱ্য স্বাস্থ্যৰ প্ৰভাৱৰ বিষয়েও সতৰ্ক কৰি দিছে ।
আইএমডিয়ে সোমবাৰে এক বিজ্ঞপ্তিত কয়, "ঘন কুঁৱলীত কণিকা পদাৰ্থ আৰু অন্যান্য প্ৰদূষক থাকে আৰু যদি ই উন্মুক্ত হয় তেন্তে ই হাঁওফাঁওত সোমাই পৰে । যাৰ ফলত কাৰ্যকৰী ক্ষমতা হ্ৰাস কৰে, যিয়ে হাঁপানী, কাহ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাজনিত ঘটনা বৃদ্ধি কৰে ।" আইএমডিৰ বিজ্ঞপ্তিত লগতে কোৱা হৈছে যে কুঁৱলীৰ পৰিস্থিতিয়ে চকুত জ্বলা-পোৰা কৰাৰ প্ৰৱণতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত বিভিন্ন সংক্ৰমণ হ'ব পাৰে । ইয়াৰ ফলত চকু ৰঙা পৰা বা ফুলি যাব পাৰে ।
লগতে পঢ়ক :জে.এন-১ ৰ ভয়াৱহ সংক্ৰমণ, কৰ্ণাটকত ৩ ক'ভিড আক্ৰান্তৰ মৃত্যু