ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডই কি শিকাই গ’ল দিল্লীৰ জনতাক ? - unsafe delhi

11 years of Nirbhaya Incident: দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ আজি ১১ বছৰ হ’ল । ইমান বছৰৰ পিচতো মহিলাৰ বাবে সম্পূৰ্ণ ‘নিৰাপদ’ হৈ পৰা নাই ৰাজধানী । ইয়াৰ বিপৰীতে এনেধৰণৰ অপৰাধৰ গোচৰ বাঢ়িছেহে মাথো ৷ জানোচোন আহক এই এঘাৰটা বছৰৰ অন্তত ৰাজধানী দিল্লীত প্ৰকৃতাৰ্থত মহিলাসকল কিমান সুৰক্ষিত...

11 years of Nirbhaya Incident
নিৰ্ভয়া কাণ্ডৰ আজি ১১ বছৰ
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 5:32 PM IST

নেশ্যেনেল ডেস্ক, 16 ডিচেম্বৰ : ৰাজধানীত সংঘটিত হোৱা ‘নিৰ্ভয়া কাণ্ড’ সেইটো ঘটনা আছিল, যিয়ে সমগ্ৰ দেশ কঁপাই তুলিছিল । ২০১২ চনৰ ১৬ ডিচেম্বৰত সংঘটিত হোৱা এই ঘটনাৰ পিচত চৰকাৰ সলনি হ’ল, ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তন হ’ল, কিন্তু এই সকলোবোৰৰ মাজতো দিল্লীত মহিলাসকলৰ বিৰুদ্ধে অপৰাধ হ্ৰাস হোৱা নাই । এই কথা আমি কোৱা নাই, এই তথ্য শেহতীয়াকৈ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত দিল্লী শীৰ্ষত: দৰাচলতে ১৬ ডিচেম্বৰৰ সেই নিশা ছটা নৰ পিশাচে নিৰ্ভয়াক দলবদ্ধ ধৰ্ষণ কৰি চলন্ত বাছৰ পৰা পেলাই দিছিল । ২৯ ডিচেম্বৰত ছিংগাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হোৱাত সমগ্ৰ দেশ ক্ষুব্ধ হৈ পৰিছিল । ইয়াৰ পিচতে বিভিন্ন স্থানত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি নিৰ্ভয়াৰ বাবে ন্যায়ৰ দাবী উত্থাপন কৰে । চাৰে সাত বছৰ ধৰি ফাষ্ট ট্ৰেক ক’ৰ্ট, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিচত অৱশেষত ২০২০ চনৰ ২০ মাৰ্চত চাৰিওটা দোষীক ফাঁচী দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷ নিৰ্ভয়াই ন্যায় লাভ কৰিলে ঠিকেই, কিন্তু আজিও দেশৰ ১৯ খন মহানগৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ ক্ষেত্ৰত দিল্লী শীৰ্ষস্থানত আছে ।

11 years of Nirbhaya Incident
নিৰ্ভয়া কাণ্ডৰ আজি ১১ বছৰ

2023 চনত আৰু বাঢ়িল ঘটনা : নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (NCRB) ৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত দিল্লীত মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাইছে । দেশৰ ১৯ খন মহানগৰৰ ভিতৰত একেৰাহে তৃতীয় বছৰৰ বাবে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে দিল্লী । ২০২১ চনত প্ৰতিদিনে দুটাকৈ মহিলা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল, যাৰ সংখ্যা ২০২২ চনত তিনিটালৈ বৃদ্ধি পাইছিল । যদি আমি পৰিসংখ্যা চাওঁ তেন্তে ২০২১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা আছিল ১৩,৮৯২, যিটো ২০২২ চনত ১৪,১৫৮ লৈ বৃদ্ধি পায় ।

মহিলাৰ বিৰুদ্ধে ঘটনাৰ উদাহৰণ বহুত, একো সলনি নাই : ২০২২ চনত দিল্লীত ১২০৪ টা ধৰ্ষণ, ১২৯ টা যৌতুক বিচাৰি হত্যা, ৫ টা এচিড আক্ৰমণ আৰু ৩৯০৯ টা অপহৰণৰ গোচৰ ৰুজু হৈছে । যোৱা এবছৰত যদি আমি মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা বৃহৎ ঘটনাৰ কথা কওঁ, ২০২২ চনৰ ৩১ ডিচেম্বৰত কাঞ্জাৱালাত গাড়ীৰ তলত ১২ কিলোমিটাৰ চোঁচোৰাই নিয়া ছোৱালীজনীৰ পৰা আৰম্ভ কৰি এই বছৰ ছাহাবাদ ডেইৰী এলেকাত উন্মাদ প্ৰেমিকৰ দ্বাৰা নাবালিক ছোৱালীক নৃশংসভাৱে ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ বহু ঘটনা উদাহৰণ হিচাপে ল’ব পাৰি ।

অপৰাধৰ পৰিসংখ্যা আপডেট কৰা নহয় : পূৰ্বে দিল্লী আৰক্ষীয়ে প্ৰতি ডেৰমাহৰ মূৰে মূৰে ৰাজধানীত সংঘটিত হোৱা অপৰাধৰ পৰিসংখ্যা নিজৰ ৱেবছাইটত আপডেট কৰিছিল । কিন্তু ২০২২ চনৰ জুলাইৰ পিচত এই আপডেট কৰা বন্ধ হৈ গ’ল । ইয়াৰ বাবে ৰাজধানীত প্ৰতিমাহে সংঘটিত হোৱা অপৰাধৰ তথ্য পোৱা নাযায় । নিৰ্ভয়া কাণ্ডৰ পিচত দিল্লীত আইন-শৃংখলা আৰু মহিলাৰ সুৰক্ষা সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছিল, ইয়াৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি কোৱা হৈছিল যদিও সময়ৰ লগে লগে বেছিভাগেই আধৰুৱা হৈ থাকিল ।

আজিও নিৰাপদ নহয় দিল্লী : আজিও দিল্লীৰ এনে বহু পথ আছে য’ত আনকি ষ্ট্ৰীট লাইটো লগোৱা হোৱা নাই । এনে ঠাইত নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা বেছি । ইয়াৰ ভিতৰত বাছ ষ্টেণ্ডৰ দৰে গুৰুত্বপূৰ্ণ ঠাইবোৰো আছে । দিল্লীৰ স্পৰ্শকাতৰ স্থানত চিচিটিভি কেমেৰা লগোৱাৰ কথাও চৰ্চা হৈছিল, যিটো আজিও সম্পূৰ্ণ হোৱা নাই । এই সকলোবোৰ কথাই দেখুৱাইছে যে ইমানবোৰ পৰিৱৰ্তনেও ৰাজধানীত মহিলাক সুৰক্ষিত ৰখাত অসফল বুলি প্ৰমাণিত হৈছে ।

লগতে পঢ়ক : পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি ! বজালীত জ্যেষ্ঠ ভাতৃয়ে গুপ্তাংগ কাটি হত্যা কৰিলে নিজ ভাতৃক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.