ETV Bharat / bharat

দিল্লী উচ্চ ন্যায়ালয়ত মেহবুবা মুফতীৰ আবেদনৰ শুনানি

author img

By

Published : Sep 14, 2021, 2:16 PM IST

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি নেত্ৰী মেহবুবা মুফতীৰ বিৰুদ্ধে মানি লণ্ডাৰিঙৰ এক গোচৰ ৰুজু হৈছিল । EDয়ে গোচৰটোৰ তদন্ত অব্যাহত ৰখাৰ মাজতে মুফতীয়ে দাখিল কৰা বিশেষ আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷

Delhi High Court
দিল্লী উচ্চ ন্যায়ালয়ত মেহবুবা মুফতীৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি নেত্ৰী মেহবুবা মুফতীয়ে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিব । মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (Prevention of Money Laundering Act) অধীনত ধন ৰপ্তানিৰ অভিযোগত এনফৰ্চমেন্ট ডিৰেক্টৰেটে জাৰি কৰা চমনৰ ওপৰত স্থগিতাদেশ বিচাৰি মেহবুবা মুফতীয়ে দাখিল কৰিছিল আবেদন ।

মুখ্য ন্যায়াধীশ ডি এন পেটেলৰ নেতৃত্বত এক বিচাৰপীঠে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে পিডিপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে এনফৰ্চমেন্ট ডাইৰেক্টৰেটৰ (ED) জাননীৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল । ED আৰু কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুফতীয়ে সংস্থাসমূহৰ সন্মুখত হাজিৰ হ'ব লাগিব বুলি কৈছিল ।

অৱশ্যে, জাননীখনত এইটো উল্লেখ কৰা হোৱা নাছিল যে কেতিয়া জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোধা-পোছৰ বাবে মাতি পঠোৱা হৈছে ।

আবেদনকাৰী মেহবুবা মুফতীয়ে তেওঁৰ আবেদনত উল্লেখ কৰিছে যে জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পাছত তেওঁক জিম্মাত লোৱা হৈছিল আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলক হাৰাশাস্তি কৰা হৈছে ।

আবেদনখনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পিএমএলএৰ (PMLA) ধাৰা ৫০ক প্ৰত্যাহ্বান জনাইছে যাৰ দ্বাৰা যিকোনো ব্যক্তিক প্ৰমাণ দিবলৈ বা ৰেকৰ্ড কৰিবলৈ মাতিব নোৱাৰে ED ৰ বিষয়াসকলে । কিয়নো সোধা-পোছৰ বাবে মাতি পঠিওৱা সকলো ব্যক্তিয়ে তেওঁলোকক কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু ED ৰ বিষয়াসকলৰ প্ৰয়োজন অনুসৰি নথি-পত্ৰ প্ৰদান কৰিবলৈ বাধ্য । যদি তেওঁলোক ব্যৰ্থ হয় তেনেহ'লে তেওঁলোকক পিএমএলএ-ৰ অধীনত দণ্ডিত কৰিব পাৰে ।

লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.