ETV Bharat / bharat

Newsclick case : নিউজক্লিকৰ চীনা সম্পৰ্কৰ গোচৰৰ শুনানি সংৰক্ষণ আদালতৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 5:21 PM IST

দিল্লী উচ্চ ন্যায়ালয়ে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচআৰ প্ৰধান অমিত চক্ৰৱৰ্তীৰ বিৰুদ্ধে ইউএপিএ গোচৰত আৰক্ষীৰ ৰিমাণ্ডৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ওপৰত নিৰ্দেশ সংৰক্ষিত ৰাখিছে ।

Newsclick case
নিউজক্লিকৰ চীনা সম্পৰ্কৰ গোচৰৰ শুনানি সংৰক্ষণ আদালতৰ

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : দিল্লী উচ্চ ন্যায়ালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত এক গোচৰত নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইচআৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক ৰিমাণ্ড, এজাহাৰ আৰু গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত আদেশ সংৰক্ষিত ৰাখিছে । যোৱা ৪ অক্টোবৰত পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । নিউজ পৰ্টেলটোক চীনা পন্থী প্ৰচাৰৰ বাবে ধন পৰিশোধ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল ।

দিল্লী আৰক্ষী আৰু নিউজক্লিকৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে আদালতে এই সন্দৰ্ভত ৰায় ঘোষণা কৰিব । বিশেষ কোষৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক কয় যে আবেদনকাৰী আৰু চীনা লোকসকলৰ মাজত ইমেইলৰ বিনিময় অতি গুৰুত্বপূৰ্ণ । ছলিচিটৰ জেনেৰেলে আদালতক কয় যে আবেদনকাৰী আৰু চীনৰ একাংশ লোকৰ মাজত ইমেইলৰ বিনিময়ত উদ্ভৱ হোৱা আটাইতকৈ গুৰুতৰ অভিযোগবোৰৰ ভিতৰত এটা হ'ল যে তেওঁ ভাৰতৰ সীমাৰ বাহিৰত অৰুণাচল প্ৰদেশ দেখুওৱা এখন মানচিত্ৰ উপস্থাপন কৰাৰ পৰিকল্পনা কৰি আছে ।

শেহতীয়াকৈ, দিল্লী আৰক্ষীৰ বিশেষ অনুসন্ধান দলে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা আৰু এজাহাৰৰ প্ৰতিলিপি শ্বেয়াৰ কৰিছিল । এজাহাৰ অনুসৰি দিল্লী আৰক্ষীৰ বিশেষ কোষে গোপন তথ্য লাভ কৰিছে যে কোটি কোটি টকা অবৈধভাৱে বিদেশৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছে ।

পিপিকে নিউজক্লিক ষ্টুডিঅ' প্ৰাইভেট লিমিটেডৰ অংশীদাৰ গৌতম নৱলাখাও এগৰাকী শ্বেয়াৰ হ'ল্ডাৰ । তেওঁলোক ভাৰত বিৰোধী আৰু অবৈধ কাৰ্যকলাপত জড়িত হৈ আছে । তেওঁৰ পাকিস্তানৰ আইএছআই এজেণ্ট গুলাম নবী ফাইৰ সৈতেও সম্পৰ্ক আছে বুলি অভিযোগ কৰা হৈছে । প্ৰবীৰ, নেভিল ৰয় সিংঘম আৰু তেওঁলোকৰ কোম্পানীৰ সৈতে জড়িত কিছুমান কৰ্মচাৰীৰ মাজত ইমেইলৰ ভাগ বতৰা হৈছিল । য'ত এইটো প্ৰকাশ পাইছে যে সেই লোকসকলে অৰুণাচল আৰু কাশ্মীৰক ভাৰতৰ মানচিত্ৰৰ পৰা বাদ দিয়াৰ কথা কৈ আছিল ।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে নিউজক্লিকৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু তেওঁৰ সহযোগী যোচেফ ৰাজ, অনুপ চক্ৰৱৰ্তী, বাপ্পাদিত্য সিনহাৰ দ্বাৰা অবৈধভাৱে পুঁজি অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক :SC issues notice for Maharashtra Speaker : বিদ্ৰোহী নেতাৰ অযোগ্যতা সম্পৰ্কে শীঘ্ৰে সিদ্ধান্ত ল'বলৈ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.