ETV Bharat / bharat

Sukesh Chandrashekhar letters : সুকেশৰ পত্ৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ আদালতৰ - Sukesh Chandrashekhar letters to Jacqueline

দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল য'ত সুকেশ চন্দ্ৰশেখৰে ৩ গৰাকী অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক পত্ৰৰ জৰিয়তে ৰাজহুৱা কৰি অভিনেত্ৰীকেইগৰাকীৰ মৰ্যাদাক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছিল । আবেদনখন আদালতে খাৰিজ কৰে ।

Sukesh Chandrashekhar letters
সুকেশৰ পত্ৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ আদালতৰ
author img

By

Published : Jul 28, 2023, 7:13 PM IST

নেশ্যনেল ডেস্ক,২৮ জুলাই : দিল্লী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰক অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ, নোৰা ফাতেহী আৰু চাহাট খান্নাৰ বিষয়ে কাৰাগাৰৰ পৰা এক কথিত মানহানিকৰ পত্ৰ সংবাদ মাধ্যমৰ আগত মুকলি কৰাৰ পৰা বিৰত ৰাখিবলৈ বিচৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰে । আবেদনখনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সঞ্জীৱ নাৰুলাৰ এক খণ্ড বিচাৰপীঠে কয় যে আবেদনখন জৰিমনাৰে খাৰিজ কৰাৰ যোগ্য ।

এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন নিশান্ত সিঙে দাখিল কৰিছিল । তেওঁ এগৰাকী ৰাজহুৱা কৰ্মচাৰী যিয়ে নিজকে ৩ গৰাকী অভিনেত্ৰীৰ কট্টৰ অনুৰাগী বুলি দাবী কৰে । আবেদনখনত সুকেশক ইচ্ছাকৃতভাৱে ভাৰতৰ মহিলা তাৰকাসকলৰ মৰ্যাদাক আঘাত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । আবেদনখনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু দিল্লী চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিনেত্ৰীসকলৰ মৰ্যাদা হানিৰ বাবে ইজনে সিজনৰ সৈতে মিত্ৰতা কৰাৰ অভিযোগত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ বিচাৰিছিল ।

আবেদনখন অস্বীকাৰ কৰি বিচাৰপীঠে কয় যে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰে অভিনেত্ৰীসকলৰ শালীনতাক আঘাত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ মিত্ৰতা কৰিছে বুলি প্ৰতিষ্ঠা কৰিবলৈ কোনো সামগ্ৰী ৰেকৰ্ডত ৰখা হোৱা নাই । আদালতে এইটোও কয় যে সস্তীয়া প্ৰচাৰৰ বাবে বিষয়াসকলৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছিল । আবেদনখনত এইটোও কোৱা হৈছে যে কাৰাগাৰৰ পৰা সুকেশে লিখা পত্ৰসমূহে কিছুমান মহিলা অভিনেত্ৰী তথা শিল্পীৰ সৈতে তেওঁৰ কথিত সম্পৰ্কৰ বিষয়ে ৰাজহুৱাভাৱে কথা পাতি দেশৰ মহিলা আৰু বিশেষকৈ মহিলা শিল্পী জেকলিন ফাৰ্ণাণ্ডেজৰ মৰ্যাদা উলংঘা কৰিবলৈ চেষ্টা কৰি আছে । লগতে, সুকেশে জেকলিনৰ সৈতে তেওঁৰ কথিত সম্পৰ্কৰ বিষয়ে সংবাদ মাধ্যমত অপ্ৰয়োজনীয় মন্তব্য দি আছে । যাৰ বাবে তেওঁ সাধাৰণ জীৱন যাপনত সমস্যাৰ সন্মুখীন হ'ব ।

আবেদনকাৰীয়ে পত্ৰৰ কেইবাটাও উদাহৰণ দাঙি ধৰি কয় যে সুকেশৰ ৰাজহুৱা কাৰ্যকলাপ তৎক্ষণাৎ বন্ধ কৰিব লাগে আৰু প্ৰেমৰ সম্পৰ্ক তেওঁৰ ধাৰণ সম্পূৰ্ণ পৃথক । যি সময়ত তেওঁৰ পত্নী ন্যায়িক জিম্মাত আছে তেওঁ তেওঁৰ সন্দেহজনক প্ৰচেষ্টাৰে জেকলিন ফাৰ্ণাণ্ডেজৰ প্ৰতি থকা তেওঁৰ প্ৰেম বৃদ্ধিত ব্যস্ত আছিল ।

লগতে পঢ়ক :Sukesh Chandrasekhar news:ভেলেণ্টাইন ডে’ত দুই প্ৰেমিকা জেকলিন-নোৰাক মনত পেলালে সুকেশ চন্দ্ৰশেখৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.