ETV Bharat / bharat

কুম্ভমেলালৈ পৰিদৰ্শন কৰা লোকক চৈধ্যদিন কোৱাৰেন্টাইন থকাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

author img

By

Published : Apr 18, 2021, 12:50 PM IST

হৰিদ্বাৰৰ কুম্ভমেলাত প্ৰায় 1,700 ৰো অধিক লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে । কুম্ভমেলাত দেশৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ লোক একত্ৰিত হোৱাৰ লগতে ক’ভিড প্ৰ’টকল মুকলিকৈ উলংঘা কৰা হৈছে ।

Delhi govt makes 14-day home quarantine mandatory for Kumbh returnees
কুম্ভলৈ যোৱা লোকক চৈধ্যদিন কোৱাৰেন্টাইন হৈ থকাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

নিউজ ডেস্ক, 18 এপ্ৰিল : হৰিদ্বাৰত কুম্ভলৈ যোৱা সকলো লোকক চৈধ্যদিন কোৱাৰেন্টাইন থকাৰ বাবে দিল্লী চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ দিল্লীৰ মুখ্য সচিব বিজয় দেৱে জাৰি কৰা এক নিৰ্দেশত উল্লেখ কৰা হৈছে এই কথা ৷ নিৰ্দেশনাত লগতে কোৱা হয় যে, 4 এপ্ৰিলৰ পৰা 17 এপ্ৰিলৰ ভিতৰত কুম্ভমেলা পৰিদৰ্শন কৰা দিল্লীৰ বাসিন্দাসকলে 24 ঘণ্টাৰ ভিতৰত দিল্লী চৰকাৰে প্ৰকাশ কৰা এটা ৱেবছাইটৰ লিংকত তেওঁলোকৰ বিৱৰণ আপলোড কৰিব লাগিব ৷

আনহাতে 18 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত কুম্ভ ভ্ৰমণ কৰিবলৈ যোৱা লোকে দিল্লী এৰি যোৱাৰ আগতে তেওঁলোকৰ বিৱৰণ লিংকটোত দাখিল কৰিব লাগিব । কুম্ভ মেলালৈ যোৱা কোনো লোকে নিজৰ তথ্য লিংকত দাখিল কৰাত বিফল হ’লে, তেওঁলোকক দুসপ্তাহৰ বাবে কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ৷

উল্লেখ্য যে, হৰিদ্বাৰৰ কুম্ভত প্ৰায় 1,700 ৰো অধিক লোকে ক’ভিডৰ ইতিবাচক পৰীক্ষা কৰিছে । কুম্ভলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ লোক একত্ৰিত হোৱাৰ লগতে ক’ভিড প্ৰ’টকল মুকলিকৈ উলংঘা কৰা হৈছে । আনহাতে দিল্লীত শনিবাৰৰ দিনটোত 24,374 জন লোক নতুনকৈ ক’ৰণাত আক্ৰান্ত হয় ৷ ইয়াৰ লগতে দিল্লীত বৰ্তমান ক’ৰণাৰ সক্ৰিয় ঘটনা 70,000 লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : ভূপালৰ হামিদিয়া চিকিৎসালয়ৰ পৰা 800 টা ৰেমডেচিভিৰ প্ৰতিষেধক চুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.