ETV Bharat / bharat

Air Pollution in Delhi: গুৰুতৰ শ্ৰেণীত AQI

author img

By

Published : Nov 13, 2021, 1:30 PM IST

বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ ৰাজধানী দিল্লী(Delhi)ত । গুৰুতৰ শ্ৰেণী (severe category) পাইছেগৈ দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক(AQI) । শনিবাৰেও পুৱাৰে পৰা ধোঁৱাময় পৰিৱেশ দিল্লীত ।

Delhi gasps for fresh air as AQI dips to severe category
বিপদজনক শ্ৰেণীত আছে দিল্লীৰ বায়ুৰ গুণগত মান

নেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ: ৰাজধানী দিল্লী(Delhi)ত বায়ুৰ গুণগত মান 'গুৰুতৰ শ্ৰেণী'(Severe category) পাইছেগৈ । প্ৰদূষণে ৰাজধানী চহৰখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । শনিবাৰে পুৱাও সতেজ তথা বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় দিল্লীবাসীয়ে । SAFAR(System of Air Quality and Weather Forecasting And Research)ৰ তথ্য অনুসৰি, আজি ৰাজধানী চহৰখনত বায়ুৰ গুণগত মানৰ সূচাংক(AQI) হৈছে ৪৯৯ অৰ্থাৎ 'গুৰুতৰ শ্ৰেণী' ।

দিল্লীৰ লোধী ৰোড এলেকাত বায়ুৰ গুণগত মানৰ সূচাংক ৪৭৬, আইআইটি দিল্লী এলেকাত বায়ুৰ গুণগত মানৰ সূচাংক ৪৭৯ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ চৌহদৰ এলেকাত বায়ুৰ গুণগত মানৰ সূচাংক ৫৭৮ । উল্লেখ্য যে, বায়ুৰ গুণগত মানৰ সূচাংক 0-50ৰ মাজত থাকিলে 'ভাল', 51-100ৰ মাজত 'সন্তোষজনক', 101-200 মাজত 'মধ্যমীয়া', 201-300ৰ মাজত 'বেয়া', 301-400ৰ মাজত 'অতি বেয়া' আৰু 401-500ৰ মাজত থাকিলে 'গুৰুতৰ অথবা বিপদজনক' বুলি গণ্য কৰা হয় ।

SAFARৰ মতে, ৰাজধানী চহৰখনত দিনক দিনে প্ৰাতঃভ্ৰমণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে(Central Pollution Control Board) এই বিষয়টো গুৰুত্বসহকাৰে লোৱা উচিত বুলিও SAFARৰে উল্লেখ কৰিছে ।

সংস্থাটোৰ মতে, শনিবাৰৰ দিনটোত বায়ুৰ গুণগত মানৰ সূচাংক গুৰুতৰ শ্ৰেণীত আছে আৰু নিশা যদি খেতিপথাৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হয় তেন্তে বায়ুৰ গুণগত মান একে থকাৰ সম্ভাৱনা অধিক । খেতিপথাৰত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ফলত হোৱা প্ৰদূষণ আজি পিএম 2.5-ত প্ৰায় 35 শতাংশ । অহা দুদিনৰ বাবে তাপমান হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত বায়ুৰ মান অতি দুৰ্বল শ্ৰেণীৰ পৰা গুৰুতৰ শ্ৰেণীৰ মাজত থকাৰ সম্ভাৱনা আছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ৰাজধানী দিল্লীত শনিবাৰৰ তাপমান ১২.৬ ডিগ্ৰী চেলচিয়াছ । বিশেষজ্ঞসকলৰ মতে, বায়ুত থকা সূক্ষ্ম কণিকাবোৰ, ছালফাৰ ডাই অক্সাইড, নাইট্ৰিক ডাই অক্সাইড, কাৰ্বন মনোক্সাইডৰ ফলত মানুহে শ্বাসনলীৰ সমস্যাত ভোগে আৰু হাঁওফাঁওৰ ক্ষতি হয় ।

লগতে পঢ়ক:বিশ্ব মহানুভৱতা দিৱস 2021 : ইতিহাস আৰু তাৎপৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.