ETV Bharat / bharat

Flood in Delhi : হ্ৰাস পাইছে যমুনা নদীৰ জলস্তৰ; এতিয়াও কমা নাই বিপদাশংকা

যমুনা নদীত পানীৰ মাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ বৃহস্পতিবাৰে দিল্লীত নিশা 10 বজাত যমুনা নদীৰ জলস্তৰ 208.63 মিটাৰলৈ বৃদ্ধি পাইছিল ৷

author img

By

Published : Jul 14, 2023, 10:33 AM IST

Delhi Flood Situation Update
কমা নাই বিপদৰ আশংকা

নিউজ ডেস্ক, 14 জুলাই : ৰাজধানী দিল্লীত যমুনাৰ জলস্তৰ অভিলেখ স্তৰত উপনীত হোৱাৰ পিছত শুকুৰবাৰৰ পুৱাৰ পৰা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ৷ যিয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণক কিছু সকাহ প্ৰদান কৰিছে ৷ দিল্লীৰ একাধিক অঞ্চলৰ জনসাধাৰণে বিগত কেইবাদিনো ধৰি বাঢ়নী পানীৰ সৈতে সংগ্ৰাম কৰি আছে ৷ কাৰণ যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে পথসমূহ নদীলৈ পৰিণত হোৱাৰ লগতে নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ঘৰ, চিকিৎসা সুবিধা, শ্মশান আৰু আশ্ৰয় গৃহলৈ পানী সোমাই গৈছে, ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণ ৷

ওফন্দি উঠা যমুনাৰ পানীৰ বাবে আই টি অ’ পথত পানী জমা হোৱাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে ৷ পথত জমা হোৱা বৰষুণৰ পানীৰ মাজেৰে শামুকীয়া গতিৰে যান-বাহন পাৰ হ’বলগীয়া হৈছে ৷

বৃহস্পতিবাৰে দিল্লীত নিশা 10 বজাত যমুনা নদীৰ জলস্তৰ 208.63 মিটাৰলৈ বৃদ্ধি পাইছিল ৷ অৱশ্যে শুকুৰবাৰে পানীৰ স্তৰ আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ৷ পৰিস্থিতি গুৰুতৰ হোৱা স্বত্বেও, একাংশ লোকে সাহাৰ্য শিবিৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ বাসগৃহৰ ওপৰৰ মহলালৈ যোৱা পৰিলক্ষিত হৈছে ৷ বহুতে তেওঁলোকৰ অত্যাৱশ্যকীয় সামগ্ৰীবোৰ পানীৰ পৰা বচাবলৈ আপ্ৰাণ চেষ্টা কৰা দেখা গৈছে ৷

বানপানীৰ মাজতে দিল্লীত এতিয়া খোৱাপানীৰ নাটনি পৰিলক্ষিত হৈছে ৷ কিয়নো যমুনাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে তিনিটা পানী পৰিশোধন কেন্দ্ৰ- ৱাজিৰাবাদ, চন্দ্ৰৱাল আৰু ওখলা বন্ধ হোৱাৰ পিছত দিল্লী চৰকাৰে 25 শতাংশ পানী যোগান কমাবলৈ সিদ্ধান্ত লৈছে ৷ বানৰ ফলত দিল্লীৰ গীতা কলনীৰ সমীপৰ এখন ৰে’ল দলঙৰ তলত পানীত কেইবাখনো বাহন পৰিত্যক্ত হৈ পৰিছে ৷

মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ কেবিনেট সহযোগীসকলৰ কাৰ্যালয় থকা সচিবালয়কে ধৰি দিল্লীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল বৃহস্পতিবাৰে বানপানীত বুৰ গৈছে ৷ সচিবালয়ৰ সমীপৰ আণ্ডাৰপাছত 40ৰ পৰা 45জন যাত্ৰী কঢ়িয়াই অনা এখন পৰ্যটক বাছ আংশিকভাৱে ডুব যায় আৰু এই খবৰ পোৱাৰ পিছতে কৰ্তৃপক্ষই তেওঁলোকক উদ্ধাৰ কৰে ৷

যমুনাৰ পানীয়ে লালকিল্লাৰ দেৱালৰ সমীপত উপনীত হোৱাৰ লগতে কঁকালৰ গভীৰতা আৰু কোনো কোনো ঠাইত ডিঙি পৰ্যন্ত পানীৰ মাজেৰে মানুহক যাত্ৰা কৰা দেখা গৈছে ৷ ৰাজঘাটতো ভয়াৱহ পানী জমা হোৱাৰ খবৰ পোৱাৰ বিপৰীতে বিকাশ মাৰ্গৰ এটা পথ আংশিকভাৱে পানীৰ তলত আছে ৷ বৃহস্পতিবাৰেও দিল্লী অগ্নিনিৰ্বাপক সেৱা আৰু আৰক্ষীৰ সৈতে ইনফ্লেটেবল নাও, ৰছী আৰু অন্যান্য সঁজুলিৰে সজ্জিত NDRFৰ বাৰটা দলে উদ্ধাৰ আৰু খালী কৰাৰ কাম অব্যাহত ৰাখিছে ৷

সূত্ৰ অনুসৰি, বুধবাৰে বানপানীত বুৰ যোৱা মনাষ্ট্ৰী মাৰ্কেট অঞ্চলৰ লোকসকলে অট্টালিকাৰ দ্বিতীয় আৰু তৃতীয় মহলালৈ স্থানান্তৰিত হৈছে ৷ দিল্লী আৰক্ষীয়ে দাণ্ডি আশ্ৰমত আবদ্ধ হৈ থকা 60 গৰাকী নাৰ্চিং বিদ্যাৰ্থীক উদ্ধাৰ কৰাৰ বিপৰীতে পুৰণি উছমানপুৰ অঞ্চলৰ পৰা নাৱৰ সহায়ত 80 গৰাকী লোকক উদ্ধাৰ কৰে ৷ উত্তৰ-পূব দিল্লীৰ উছমানপুৰৰ আন এটা অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় 738 জন লোক আৰু 556 টা গৰু ৷

বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত যমুনা নদীৰ উচ্চতা 208.66 মিটাৰলৈ বৃদ্ধি পাই 45 বছৰৰ পূৰ্বে স্থাপন হোৱা 207.49 মিটাৰৰ পূৰ্বৰ সৰ্বকালৰ অভিলেখ ভংগ কৰে ৷ কাশ্মমেৰে গেট বাছ টাৰ্মিনাছত পানী জমা হোৱাৰ বাবে দিল্লী পৰিবহন বিভাগে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু অন্যান্য ঠাইৰ পৰা সিংহু সীমান্তৰ বাছ বন্ধ কৰিবলৈ বাধ্য হয় ৷ এই অঞ্টলত থকা হনুমান মন্দিৰো পানীত বুৰ গৈছে ৷

বুধবাৰে দিল্লীৰ পৌৰ নিগমে এক পৰামৰ্শ জাৰি কৰি নিগমবোধ ঘাটলৈ গৈ শেষ ৰীতি-নীতি কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে ৷ গীতা কলনীৰ শ্মশানখনো যমুনাৰ পানীৰ মাত্ৰা বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷ দিল্লীৰ নাগৰিক সকলক ওচৰৰ আৰু আত্মীয়ৰ মৃতদেহ পঞ্চকুয়ান ৰোড, সাত নগৰ, পাঞ্জাবী বাগ, গ্ৰীণ পাৰ্ক, দক্ষিণপুৰী বা ওচৰৰ অন্যান্য শ্মশানলৈ যাবলৈ পৰামৰ্শ দিছে ৷

দিল্লীৰ চৰকাৰী সুশ্ৰুতা ট্ৰমা চেণ্টাৰৰ মূল গেটন প্লাৱিত হোৱাৰ লগে লগে কৰ্তৃপক্ষই 40 জন ৰোগীক এল এন জে পি হাস্পতাললৈ নিবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে ৷ পুৰণি দিল্লীৰ গান্ধী পাৰ্ক আৰু যমুনা বেংকৰ গীতা ঘাটত থকা দিল্লী নগৰ আশ্ৰয় উন্নয়ন ব’ৰ্ডৰ আশ্ৰয় গৃহ দুটাতো পানী প্ৰৱেশ কৰে ৷ এই অঞ্লকেইটা ৰাষ্ট্ৰীয় ৰাজধানীৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অংশ ৷ যাৰ ফলত ইয়াৰ বাসিন্দাসকলক অন্য স্থানলৈ স্থানান্তৰিত কৰা হয় ৷

পূব দিল্লী, ব'ট ক্লাব, পাণ্ডৱ নগৰ, গান্ধী নগৰ আৰু ভজনপুৰাৰ কিছু অংশ প্লাৱিত হৈছে ৷ ইয়াৰ পিছতো কিছুমান অঞ্চলৰ স্থানীয় লোকে ঘৰৰ পৰা ওলাই আহিবলৈ অনিচ্ছুক বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ ৰাজ নিৱাস আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ থকা আড়ম্বৰপূৰ্ণ চিভিল লাইনছ এলেকাৰ কিছু অংশও বানপানীত বুৰ গৈছে ৷ শ্ৰম আয়ুক্তৰ কাৰ্যালয় আৰু পৰিবহণ আয়ুক্তৰ দৰে মূল প্ৰতিষ্ঠানো ইয়াতেই আছে ৷

লগতে পঢ়ক : Assam CM on Bhutan Kurichu Dam water release: ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ: মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.