ETV Bharat / bharat

দিল্লী আবকাৰী নীতি কেলেংকাৰী: ব্যৱসায়ীৰ বাসগৃহৰ পৰা 1 কোটি টকা জব্দ ইডিৰ - Delhi Excise Policy scam

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দিল্লীৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা ১ কোটি টকা জব্দ কৰিছে (ED seizes Rs 1 cr from businessman house)৷

Delhi Excise Policy scam: ED seizes Rs 1 cr from bizman's house
দিল্লী আবকাৰী নীতি কেলেংকাৰী: ব্যৱসায়ীৰ বাসগৃহৰ পৰা 1 কোটি টকা জব্দ ইডিৰ
author img

By

Published : Oct 8, 2022, 1:36 PM IST

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ: দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত তিনিখন ৰাজ্যৰ ৩৫টাকৈ স্থানত অভিযান চলাই থকাৰ সময়তে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দিল্লীৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা ১ কোটি টকা জব্দ কৰিছে (ED seizes Rs 1 cr from businessman house)৷ শনিবাৰে সংস্থাটোৱে নগদ এক কোটি টকা জব্দ কৰাৰ পিছতে ইডিয়ে ব্যৱসায়ীজনক পৰৱৰ্তী সময়ত জেৰাৰ কাৰণে মাতিব বুলি জানিবলৈ দিয়ে ৷ যদিও ইডিয়ে এতিয়ালৈ ব্যৱসায়ীজনৰ নাম প্ৰকাশ কৰা নাই ৷

শুকুৰবাৰে তদন্তকাৰী সংস্থাটোৱে পঞ্জাৱ, দিল্লী আৰু অন্ধ্ৰপ্ৰদেশৰ ৩৫ টাতকৈও অধিক স্থানত দিনজোৰা অভিযান চলাই থকাৰ সময়তে ব্যৱসায়ীজনৰ ঘৰতো তালাচী চলোৱা হৈছিল (ED conducting raids in 35 locations)। কেন্দ্ৰীয় সংস্থাটোৰ জিম্মাত থকা অভিযুক্ত সমীৰ মহেন্দ্ৰুক জেৰা কৰাৰ পিছত এই অভিযান চলায় ইডিয়ে ৷

অভিযানকাৰী দলটোয়ে এই গোচৰত পঞ্জাৱ আৰু অন্ধ্ৰ প্ৰদেশৰ সম্পৰ্কৰ বিষয়ে অৱগত হৈছিল । হায়দৰাবাদত কেইবাটাও দলে কেলেংকাৰীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত একাংশ নিৰ্মাতা আৰু ব্যৱসায়িক স্থানত অভিযান চলাইছে ।

ইয়াৰ পূৰ্বে সঞ্চালকালয়ে মহেন্দ্ৰুক গ্ৰেপ্তাৰ কৰিছিল(The Enforcement Directorate) ।মহেন্দ্ৰু আবকাৰী নীতি কেলেংকাৰীত দ্বিতীয়টো আৰু ইডিৰ দ্বাৰা প্ৰথমটো গ্ৰেপ্তাৰ । হায়দৰাবাদৰ কোকাপেটৰ বাসিন্দা অৰুণ ৰামচন্দ্ৰ পিল্লাই অভিযুক্ত ৰাজহুৱা কৰ্মচাৰী বিজয় নায়াৰলৈ প্ৰেৰণৰ বাবে মহেন্দ্ৰুৰ পৰা আৰ্থিক সুবিধা সংগ্ৰহ কৰিছিল ।

তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এতিয়ালৈকে ইডিয়ে প্ৰায় ১০০ টা স্থানত অভিযান চলাইছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: Delhi Excise Policy case: দেশৰ তিনিখন ৰাজ্যৰ ৩৫ স্থানত ইডিৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.