ETV Bharat / bharat

বয়সৰ বাধা নেওছি এজন বৰ্ষীয়ান চিকিৎসকৰ সফলতা - দৌৰ

ইটিভি ভাৰতৰে সাক্ষাৎকাৰ চিকিৎসক ৰাজেশ আচাৰ্যৰ ৷ 60 বছৰ সম্পূৰ্ণ নৌহৌতেই 60 টাকৈ হাফ মাৰাথন সম্পূৰ্ণ আচাৰ্যৰ ৷

ইটিভি ভাৰতৰে সাক্ষাৎকাৰ
চিকিৎসক ৰাজেশ আচাৰ্য
author img

By

Published : Nov 2, 2020, 8:22 PM IST

নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : চিকিৎসক ৰাজেশ আচাৰ্যই প্ৰমাণ কৰিলে যে, ব্যায়ামৰ বাবে কোনো নিৰ্ধাৰিত বয়সৰ প্ৰয়োজন নাই ৷ 53 বছৰ বয়সত দৌৰিবলৈ আৰম্ভ কৰা আচাৰ্যই 60 বছৰ সম্পূৰ্ণ নৌহৌতেই 60 টাকৈ হাফ মাৰাথন সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷

দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালৰ নিউৰো চাৰ্জন ডঃ আচাৰ্যই ইটিভি ভাৰতক কয় যে, তেওঁ 50 বছৰ বয়সৰ পৰা ব্যায়াম কৰা আৰম্ভ কৰিছিল আৰু তিনি বছৰৰ ক্ৰমাগত ব্যায়ামৰ পাচত তেওঁ হাফ মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে ৷

তেওঁ কয়, "মই 53 বছৰৰ পৰা হাফ মাৰাথনত অংশগ্ৰহণ কৰা আৰম্ভ কৰিছো আৰু 60 বছৰ পূৰ কৰাৰ পূৰ্বেই 60 টা হাফ মাৰাথন সম্পূৰ্ণ কৰিছো ৷ সকলোৱে প্ৰতিদিনে ব্যায়াম কৰিব লাগে ৷ ই আপোনাক ফিট কৰি ৰখাই নহয়, অন্য বহু লাভ প্ৰদান কৰে ৷"

তেওঁ লগতে কয় যে, দৌৰ হৈছে সহজ ব্যায়াম আৰু আৰম্ভণি কৰিবৰ বাবে এযোৰ ভাল জোতাৰ প্ৰয়োজন হ'লেই হয় ৷ লকডাউনৰ সময়ছোৱাত বহু লোকে ফিটনেছ হেৰুওৱাৰ লগতে ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ কথা মনত পেলাই তেওঁ কয় যে, জীম বন্ধ থকা সময়ত যিকোনো উপায়েৰে হ'লেও ব্যায়াম কৰা উচিত ৷ তেওঁ লগতে কয় যে, চিকিৎসক সকলেও ব্যায়ামৰ অভ্যাস কৰা প্ৰয়োজন কিয়নো ইয়াৰ জৰিয়তে তেওঁলোকে অন্য লোকক অনুপ্ৰেৰণা যোগাব পাৰিব ৷

লগতে পঢ়ক : তুমি 'মিনি শ্বক' দিলা : পি.ভি. সিন্ধুক ক'লে কিৰেণ ৰিজিজুয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.