ETV Bharat / bharat

Land for Job scam: ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত লালু-তেজস্বীসহ 17 অভিযুক্তলৈ আদালতৰ চমন

বিহাৰৰ ‘Land for Job scam’ কেলেংকাৰীত নাম সাঙুৰ খাইছে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ নাম ৷ এই কেলেংকাৰীৰ 17 অভিযুক্তলৈ জাননী প্ৰেৰণ কৰিছে দিল্লীৰ এখন আদালতে ৷ 4 অক্টোবৰত হাজিৰ হ’ব লাগিব আদালতত ৷

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 10:57 PM IST

Land for Job scam
Land for Job scam

নেশ্যনেল ডেস্ক, 22 ছেপ্টেম্বৰ: ভূমিৰ বাবদ চাকৰি (Land for Job scam) গোচৰত দিল্লীৰ ৰাউজ এভিনিউ আদালত হাজিৰ হ’ব লাগিত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ ৷ আদালতে শুকুৰবাৰে প্ৰাক্তন ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু অন্যান্য অভিযুক্তসকলক চাকৰি কেলেংকাৰীৰ গোচৰৰ এখন নতুন অভিযোগনামাৰ ভিত্তিত চমন জাৰি কৰিছে ৷

বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ৰ দ্বাৰা দাখিল কৰা এখন নতুন অভিযোগপত্ৰৰ ওপৰত ভিত্তি কৰি সকলো অভিযুক্তৰ বিৰুদ্ধে চমন জাৰি কৰে । গোচৰটোৰে সম্পৰ্ক থকা 17 অভিযুক্তই 4 অক্টোবৰত আদালতত হাজিৰ হৈ জামিন ল’ব লাগিব ৷

ইয়াৰ পূৰ্বে 12 ছেপ্টেম্বৰত CBIয়ে আদালতক জনাই যে তেওঁলোকে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভ কৰিছে ৷ বিগত 3 জুলাইত দাখিল কৰা দ্বিতীয় পৰিপূৰক অভিযোগপত্ৰত CBIয়ে লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবড়ী দেৱী, পুত্ৰ আৰু বিহাৰৰ উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, পশ্চিম মধ্য ৰে’লৱেৰ তদানীন্তন মহাপ্ৰৱন্ধক আৰু দুজন চিপিঅ’কে ধৰি 17 জন লোকক অভিযুক্ত হিচাপে নামাকৰণ কৰে ৷

তেজস্বী যাদৱৰ নাম 3 জুলাইত দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হয় । ইয়াৰ পূৰ্বে তেজস্বী যাদৱৰ নাম অভিযুক্তৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ৷ তেজস্বীৰ লগতে লালু আৰু ৰাৱড়ীকো গোচৰটোত অভিযুক্ত কৰা হৈছে ৷

স্মৰ্তব্য যে CBIয়ে 2022 চনৰ 18 মে’ত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পত্নী, দুই কন্যাৰ লগতে অচিনাক্ত চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে কৰিছিল ৷ 2004-2009 বৰ্ষত ভূমিৰ বিনিময়ত চাকৰি প্ৰদান কৰা এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক: JDS joins NDA: NDAৰ অংশীদাৰ হ’ল জনতা দল চেকুলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.