ETV Bharat / bharat

ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে - Delhi CM receives first dose of COVID 19 vaccine

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে দিল্লী চৰকাৰৰ অধীনৰ এলএনজেপি চিকিৎসালয়ত ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ পিতৃ-মাতৃয়েও গ্ৰহণ কৰে প্ৰতিষেধক ।

ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Mar 4, 2021, 1:46 PM IST

নেচনেল ডেস্ক,৪ মাৰ্চ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে ক'ভিড-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক । বৃহস্পতিবাৰে দিল্লী চৰকাৰৰ অধীনৰ এলএনজেপি হাস্পতালত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । যোৱা ১০ বছৰ ধৰি ৫২ বছৰীয়া কেজৰিৱাল মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে ৷ সেয়েহে টীকাকৰণ অভিযানৰ নিয়ম অনুসৰি তেওঁ প্ৰতিষেধক গ্ৰহণৰ বাবে যোগ্য । তেওঁৰ পিতৃ-মাতৃয়েও গ্ৰহণ কৰে ক'ভিড-১৯ৰ প্ৰতিষেধক । প্ৰতিষেধক গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ আৰু পিতৃ-মাতৃয়ে ক'ভিশ্বিল্ড প্ৰতিষেধক গ্ৰহণ কৰিছে । লগতে সকলো যোগ্য ব্যক্তিকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাই কেজৰিৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষেধক লোৱাৰ পিছত কোনো অসুবিধা পোৱা নাই আৰু ভয় কৰাৰ কোনো প্ৰয়োজন নাই ৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে দিল্লী চৰকাৰ যোগাযোগ আছে আৰু প্ৰয়োজন হ'লে টীকাকৰণ কেন্দ্ৰ দিল্লীত বৃদ্ধি কৰাৰো আশ্বাস প্ৰদান কৰে কেজৰিৱালে ।

উল্লেখ্য যে, দেশজুৰি ১৬ জানুৱাৰীৰ পৰা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছিল । দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ১ মাৰ্চৰ পৰা আৰম্ভ হৈছে । এই পৰ্যায়ত ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তি আৰু ৪৫ বছৰ ঊৰ্দ্ধৰ যিসকল ব্যক্তি আনুসংগিক ৰোগত আক্ৰান্ত তেওঁলোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনকে ধৰি বহু শীৰ্ষ নেতাই প্ৰতিষেধক গ্ৰহণ কৰিছে ।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈ দেশৰ ১ কোটি ৬৬ লাখ ১৬ হাজাৰ ৪৮ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । সমান্তৰালকৈ যোৱা ২৪ ঘণ্টাত ১৭ হাজাৰ ৪০৭ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ৮৯ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.