ETV Bharat / bharat

Cash for ticket case: ধনৰ বিনিময়ত টিকটৰ গোচৰত AAP ৰ বিধায়কৰ খুলশালী-PA ক গ্ৰেপ্তাৰ - AAP cash for ticket case news update

আপৰ বিধায়ক অখিলেশপতি ত্ৰিপাঠীৰ খুলশালী ওম সিং আৰু PA শিৱশংকৰ পাণ্ডেক গ্ৰেপ্তাৰ(Delhi ACB arrest aap mla brother in law) । দিল্লীৰ দুৰ্নীতি বিৰোধী ব্যুৰোয়ে ধনৰ বিনিময়ত টিকটৰ গোচৰ(Cash for ticket case)ত গ্ৰেপ্তাৰ কৰে দুয়োগৰাকীকে । আনহাতে এই গোচৰত জৰিত ৰাজকুমাৰ ৰঘুবংশী নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে ACB য়ে ।

Delhi ACB arrest aap mla brother in law
ধনৰ বিনিময়ত টিকটৰ গোচৰত AAP ৰ বিধায়কৰ খুলশালী-PA ক গ্ৰেপ্তাৰ
author img

By

Published : Nov 16, 2022, 2:20 PM IST

নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ: দিল্লীৰ দুৰ্নীতি বিৰোধী ব্যুৰো (Anti-Corruption Bureau)য়ে আপৰ বিধায়ক অখিলেশপতি ত্ৰিপাঠীৰ খুলশালী ওম সিং আৰু পি এ শিৱশংকৰ পাণ্ডেকে ধৰি তিনিজন লোকক নগদ ধনৰ বিনিময়ত টিকটৰ গোচৰ(Cash for ticket case)ত গ্ৰেপ্তাৰ কৰে((Delhi ACB arrest AAP MLA brother in law)) । তৃতীয়জন অভিযুক্তক ৰাজকুমাৰ ৰঘুবংশী বুলি চিনাক্ত কৰা হৈছে । আপ কৰ্মী শোভা খাৰীৰ স্বামী গোপাল খাৰীয়ে এচিবিৰ ওচৰত অভিযোগ কৰিছিল যে বিধায়ক ত্ৰিপাঠীয়ে তেওঁৰ পত্নীক টিকট দিয়াৰ বাবে ৯০ লাখ টকা দাবী কৰিছিল । যাৰ ভিতৰত ত্ৰিপাঠীক ৩৫ লাখ টকা আৰু ৱাজিৰপিৰৰ আন এজন আপৰ বিধায়ক ৰাজেশ গুপ্তাক ২০ লাখ টকা দিছিল গোপাল খাৰীয়ে(Delhi ACB and AAP MLA Akhilesh Pati Tripathi) ।

কিন্তু ৫৫ লাখ টকা পৰিশোধ কৰাৰ পাছতো, অভিযোগকাৰীয়ে নাম তালিকাত বিচাৰি পোৱা নাছিল । অৰ্থাৎ টিকটটো আনক দিয়া হৈছিল । ইয়াৰ ফলত দিল্লী পৌৰ নিগমৰ (ডিএমচি) নিৰ্বাচনত আপৰ বিধায়ক ত্ৰিপাঠীয়ে ৯০ লাখ টকাৰ উৎকোচ বিচৰাক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছিল(AAP cash for ticket case news update) । ইয়াৰ পিছত, যেতিয়া অভিযোগকাৰীয়ে বিধায়কৰ খুলশালী ওম সিঙৰ সৈতে যোগাযোগ কৰিছিল, তেতিয়া তেঁওক আশ্বাস দিয়া হৈছিল যে তেঁওক পৰৱৰ্তী সময়ত টিকট প্ৰদান কৰা হ'ব । তাৰ পিছত গোপাল খাৰীয়ে সোমবাৰে এচিবিৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল(Delhi Municipal Corporation Election 2022) । তাৎক্ষণিকভাৱে ACB য়ে তদন্ত কৰি আটাইকেইজনক গ্ৰেপ্তাৰ কৰিছিল ।

গোপাল খাৰীৰ পত্নীয়ে কমলা নগৰ মহিলা সংৰক্ষিত আসনৰ পৰা টিকট পাব লাগিছিল । টিকট পোৱাৰ পিছত বাকী থকা ৪৫ লাখ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু ১২ নৱেম্বৰত, অভিযোগকাৰীৰ পত্নীৰ নাম তালিকাত নাহিল । তেঁওলোকে এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছত, অভিযুক্তক ধৰিবলৈ এটা দল গঠন কৰা হৈছিল । প্ৰমাণীকৰণৰ পিছত, দলটোৱে ২০২২ৰ ১৫ নৱেম্বৰত অভিযুক্তজনৰ ঘৰত জাল পেলাই আটাইকেইজনকে হাতেলোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

দিল্লী থানাৰ দুৰ্নীতি বিৰোধী শাখাত ১৫ নৱেম্বৰত দুৰ্নীতিৰ অভিযোগত বিধায়ক অখিলেশপতি ত্ৰিপাঠীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । আনহাতে, এই সন্দৰ্ভত বিজেপি নেতা কপিল মিশ্ৰাই অভিযোগ উত্থাপন কৰি কয় যে এই ধন কেৱল অখিলেশ ত্ৰিপাঠীৰ ওচৰলৈ নহয় , দুৰ্গেশ আৰু কেজৰিৱালেও ইয়াৰ ভাগ পায় । কেজৰিৱালক সমালোচনা কৰি তেঁও কয় যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে দুৰ্নীতিৰ আৰ্হি দিল্লীত প্ৰতিষ্ঠা কৰিব খুজিছে ।

লগতে পঢ়ক: Janjatiya Gaurav Divas 2022 : জনজাতীয় লোকক স্বীকৃতি নিদিয়াৰ বাবে কংগ্ৰেছক সমালোচনা সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.