ETV Bharat / bharat

Rajnath Singh tests positive for covid: ক'ভিডত আক্ৰান্ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

author img

By

Published : Jan 11, 2022, 6:17 PM IST

দেশত উদ্বেগজনকভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । এইবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আক্ৰান্ত হৈছে ক'ভিডত (Defence minister Rajnath Singh tests covid positive)। সম্প্ৰতি হোম কোৱাৰেণ্টাইনত আছে মন্ত্ৰীগৰাকী ।

Rajnath Singh tests positive for covid
ক'ভিডত আক্ৰান্ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী : ক'ভিডত আক্ৰান্ত হৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Defence minister Rajnath Singh tests covid positive)। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে টুইটযোগে এই কথা জনাইছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ শৰীৰত সাধাৰণ লক্ষণ আছিল আৰু সম্প্ৰতি তেওঁ হোম কোৱাৰেণ্টাইনত আছে ।

আনহাতে শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক'ভিড পৰীক্ষা কৰাৰ লগতে আইচ'লেশ্যনত থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, যোৱা ৮ জানুৱাৰীত মন্ত্ৰীগৰাকী এক ভিডিঅ' কনফাৰেঞ্চ সম্বোধন কৰিছিল । য'ত যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদানৰ সুযোগ দিয়াৰ বাবে দেশত ১০০ খন সৈনিক বিদ্যালয় স্থাপনৰ ঘোষণা কৰিছিল ।

ইফালে দেশত ক'ভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈছে (Covid third wave in India)। লগে লগে ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ক'ভিডৰ তৃতীয় ঢৌত ৰাজধানী চহৰ দিল্লী যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হোৱা দেখা গৈছে ।

দেওবাৰে দিল্লীত ২২,৭৫১ গৰাকী লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰ ফলত দিল্লীত আক্ৰান্তৰ হাৰ ২৩ শতাংশলৈ বৃদ্ধি পাইছে । আনহাতে মঙলবাৰে পুৱা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১.৭৯ লাখ লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । দেশত সম্প্ৰতি দৈনিক আক্ৰান্তৰ হাৰ ১৩.২৯ শতাংশ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Booster dose in India: ভাৰতত এদিনতে ৯ লাখ লোকক প্ৰদান বুষ্টাৰ পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.