ETV Bharat / bharat

নিৰ্বাচনত পৰাজিত হোৱাৰ বেদনা পাহৰিব নোৱাৰি চৰকাৰী বাটত খাল খান্দিলে প্ৰাৰ্থীয়ে

author img

By

Published : Mar 3, 2022, 8:59 PM IST

ভাৰতৰ ৰাজনীতিৰ ওপৰিও সমাজত আছে নিৰ্বাচনৰ বিশেষ স্থান ৷ এই নিৰ্বাচনত জড়িত হৈ পৰে একোখন গাঁৱৰ প্ৰায় সকলো ৰাইজ ৷ শেহতীয়া এক স্থানীয় পৰ্যায়ৰ নিৰ্বাচনত পৰাজিত হৈ আবেগিক হৈ পৰিল এগৰাকী পৰাজিত প্ৰাৰ্থী ৷ আবেগৰ বশৱৰ্তী হৈ তেওঁ কাটি পেলালে কমেও পাঁচখন গাঁৱৰ সৈতে সংযোগ কৰা এটা পথ (Defeated Sarpanch candidate digs road) ৷

defeated-sarpanch-candidate-digs-road-and-puts-boulders-on-road-to-disrupt-communication
নিৰ্বাচনত পৰাজিত হোৱাৰ বেদনা পাহৰিব নোৱাৰি চৰকাৰী বাটত খাল খান্দিলে প্ৰাৰ্থীয়ে

নেচনেল ডেস্ক, 3 মাৰ্চ : নিৰ্বাচন ! পৃথিৱীৰ প্ৰায়বোৰ দেশতেই শাসনৰ গাদীত অধিস্থিত হোৱাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াকেই অৱলম্বণ কৰা হয় ৷ অৱশ্যে, ভাৰতৰ ৰাজনীতিৰ ওপৰিও সমাজত আছে নিৰ্বাচনৰ বিশেষ স্থান ৷ তাতেই যদি পঞ্চায়তৰ নিৰ্বাচন হয় কথাই সুকীয়া হৈ পৰে ৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে আয়োজন কৰা এই নিৰ্বাচনত জড়িত হৈ পৰে একোখন গাঁৱৰ প্ৰায় সকলো ৰাইজ ৷

তৃণমূল পৰ্যায়ৰ ৰাইজৰ মাজৰ পৰাই নেতা নিৰ্বাচিত হোৱাৰ বাবে এই নিৰ্বাচনত সংঘটিত হয় বহু আমোদজনক ঘটনা ৷ শেহতীয়াকৈ, পৰিলক্ষিত হ’ল এনে আমোদজনক এক ঘটনাই ৷ উৰিষ্যাৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত (panchayat elections in Odisha ) পৰাজিত হৈ আবেগিক হৈ পৰিল এগৰাকী প্ৰাৰ্থী ৷ আবেগৰ বশৱৰ্তী হৈ তেওঁ কৰিলে নকৰিবলগীয়া কাণ্ড ৷ কমেও পাঁচখন গাঁৱৰ সৈতে সংযোগ স্থাপন কৰা এটা পথ কাটি পেলালে পৰাজিত প্ৰাৰ্থী গৰাকীয়ে (Defeated Sarpanch candidate digs road) ৷

প্ৰতিবেদন অনুসৰি, গজপতি জিলাৰ ৰায়গদা খণ্ডৰ অন্তৰ্গত গংগাবাদ পঞ্চায়তত যোৱা 15 বছৰ ধৰি হৰিবন্ধু কাৰ্জী বা তেওঁৰ পৰিয়ালৰ সদস্যসকলক চৰপঞ্চৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাইজে নিৰ্বাচিত কৰি আহিছে ।

শেহতীয়াকৈ অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনতো কাৰ্জী চৰপঞ্চ হিচাপে নিৰ্বাচিত হৈছিল । অৱশ্যে, নিৰ্বাচনত পৰাজিত হোৱা আন এজন প্ৰাৰ্থীয়ে পাঁচখন গাঁৱৰ সৈতে সংযোগ স্থাপন কৰা এটা গুৰুত্বপূৰ্ণ পথ কাটি পেলাই ৷ পৰাজিত প্ৰাৰ্থীজনে ৰাস্তা খনন কৰি, শিলগুটিৰে পথ অৱৰোধ কৰে । ইতিমধ্যে, নিৰ্বাচিত চৰপঞ্চজনে গৰাবন্ধা আৰক্ষী থানাৰ ওচৰত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক : 'বৃহত্তৰ ত্ৰিপ্ৰালেণ্ড' গঠনৰ দাবীত মহাৰাজাই উলিয়াব জন সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.